Saturday, 21 November 2026
লগইন
ব্ৰেকিং

যশস্বীৰ বিনিময়ত ২৫ কোটি টকাৰ ক্ৰিকেটাৰক এৰি দিবলৈও সাজু KKR! আৰম্ভ জল্পনা-কল্পনা

‘ৰাজস্থানত সুখী নহয় যশস্বী!’

নিউজ ডেস্ক : যিকোনো প্ৰকাৰে ৰাজস্থান ৰয়েলছৰ পৰা যশস্বী জয়ছোৱালক নিজৰ দললৈ আনিব বিচাৰিছে KKR-এ। ইয়াৰ বাবে ২৫ কোটি টকীয়া কেমেৰন গ্ৰীণক এৰি দিবলৈও সাজু কলকাতা নাইট ৰাইডাৰ্ছ। কেৱল সেয়াই নহয়, বিনিময়ত আন এজন ক্ৰিকেটাৰকো এৰি দিব পাৰে দলটোৱে। এনে ধৰণৰ জল্পনা-কল্পনাই ইতিমধ্যে চৰ্চা লাভ কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, বৰ্তমান এগৰাকী ভাৰতীয় অ’পেনাৰৰ সন্ধানত আছে KKR। যুৱ প্ৰজন্মৰ ক্ৰিকেটাৰ হোৱাৰ বাবে যশস্বী জয়ছোৱালক দলত অন্তৰ্ভুক্ত কৰিবলৈ আগ্ৰহী কলকাতা নাইট ৰাইডাৰ্ছ।

উল্লেখ্য যে, যোৱা নিলামত ২৫.২০ কোটি টকা ব্যয় কৰি কেমেৰন গ্ৰীণক ক্ৰয় কৰিছিল KKR-এ। কিন্তু অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডাৰগৰাকীৰ প্ৰদৰ্শনে দল পৰিচালনা সমিতিক মুঠেও সন্তুষ্ট কৰিব নোৱাৰিলে। ফলত গ্ৰীণক লৈ দলটোৰ মোহভংগ হৈছে। সেয়েহে গ্ৰীণক ৰাজস্থান ৰয়েলছৰ হাতত বিক্ৰী কৰি দিবলৈও সাজু KKR। প্ৰয়োজন হ’লে এই চুক্তিত আৰ্থিক লোকচানো মানি ল’বলৈ ৰাজি দলটো।

কেৱল গ্ৰীণেই নহয়, ৰমনদীপ সিং বা কাৰ্তিক ত্যাগীৰ যিকোনো এজনকো বিক্ৰী কৰিবলৈ বিচাৰিছে KKR-এ। এজন ক্ৰিকেটাৰৰ বিনিময়ত দুগৰাকী ক্ৰিকেটাৰ লাভ কৰাৰ সম্ভাৱনা থকাৰ বাবে ৰাজস্থান ৰয়েলছৰ সৈতে আলোচনাও বহু দূৰ আগবাঢ়িছে।

অৱশ্যে হৰ্ষিত ৰানা, বৰুণ চক্ৰৱৰ্তী অথবা ৰিংকু সিঙক লৈ কোনো ধৰণৰ দৰ-দাম কৰিবলৈ ৰাজি নহয় কলকাতা নাইট ৰাইডাৰ্ছ।

যদি গ্ৰীণ ৰাজস্থান ৰয়েলছলৈ যায়, তেন্তে ছেম কাৰেনক দলৰ পৰা এৰি দিব পাৰে ৰাজস্থানে। কাৰণ দুয়োগৰাকী ক্ৰিকেটাৰেই অলৰাউণ্ডাৰ। দক্ষতাৰ দিশৰ পৰা গ্ৰীণ আগবাঢ়ি থাকিব। এনে পৰিস্থিতিত কাৰেনকো দলত ৰাখিলে বিদেশী ক্ৰিকেটাৰৰ নিৰ্ধাৰিত সীমা অতিক্ৰম কৰিব লাগিব ৰাজস্থান ৰয়েলছে।

কেৱল KKR-এই নহয়, যশস্বী জয়ছোৱালক দলত অন্তৰ্ভুক্ত কৰাৰ দৌৰত আছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছো। অৱশ্যে যশস্বীক লাভ কৰিবলৈ লক্ষ্ণৌৱে কোনগৰাকী ক্ৰিকেটাৰক দলৰ পৰা এৰি দিব, সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই।

ইফালে প্ৰাক্তন ক্ৰিকেটাৰ ইৰফান পাঠানে দাবী কৰিছে যে, যশস্বী জয়ছোৱাল ৰাজস্থান ৰয়েলছত সুখী নহয়। তেওঁ কয়, ‘‘মই যিমানখিনি দেখিছোঁ আৰু শুনিছোঁ, সেই অনুসৰি ৰাজস্থানত যশস্বী সুখী নহয়। তেওঁ দলটোক নেতৃত্ব দিব বিচাৰে। কিন্তু সেই সুযোগ লাভ কৰা নাই। অৱশ্যে বিষয়টো সম্পূৰ্ণৰূপে মই নাজানো। তথাপি এই সন্দৰ্ভত বহু চৰ্চা চলি আছে। লক্ষ্ণৌ হওক বা কলকাতা, য’তেই তেওঁ যোগদান নকৰক কিয়, নিশ্চিতভাৱে দলটোক নেতৃত্ব দিব বিচাৰিব।’’
##KKR #Yashasvi #IPL #IPL2026

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।