Saturday, 21 November 2026
লগইন
ব্ৰেকিং

ভাৰতত অনুষ্ঠিত হ’ব ২০২৯ৰ Champions Trophy আৰু ২০৩১ৰ ODI World Cup

২০২৯, ২০৩১ত ICCৰ মহা ইভেণ্ট ভাৰতত

নিউজ ডেস্ক : অনুৰাগীৰ বাবে এক অত্যন্ত আনন্দৰ খবৰ। ICCয়ে আগন্তুক বছৰসমূহত অনুষ্ঠিত হ’বলগীয়া বৃহৎ টুৰ্ণামেণ্টসমূহৰ সূচী ঘোষণা কৰিছে । ICCয়ে প্ৰকাশ কৰা মতে, ভাৰতে দুখনকৈ মেগা ইভেণ্ট আয়োজনৰ দায়িত্ব লাভ কৰিছে । ২০২৯ চনৰ আইচিচি চেম্পিয়নছ ট্ৰফী আৰু ২০৩১ চনৰ এদিনীয়া বিশ্বকাপ ভাৰতত অনুষ্ঠিত হ’ব।

উল্লেখ্য যে, ২০২৯ চনৰ চেম্পিয়নছ ট্ৰফী আয়োজনৰ একক দায়িত্ব লাভ কৰিছে ভাৰতে। ২০০৬ চনত ভাৰতত চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত কৰিছিল । অৰ্থাৎ সুদীৰ্ঘ ২৩ বছৰৰ মূৰত পুনৰ ভাৰতীয় মাটিলৈ উভতি আহিব এই টুৰ্ণামেণ্টখন।

আনহাতে, ২০৩১ চনত ভাৰত আৰু বাংলাদেশে যৌথভাৱে আইচিচি এদিনীয়া বিশ্বকাপ আয়োজন কৰিব বুলি জানিব পৰা গৈছে । এয়া হ’ব ভাৰতত অনুষ্ঠিত হ’বলগীয়া পঞ্চমখন এদিনীয়া বিশ্বকাপ। 

ইয়াৰ পূৰ্বে ১৯৮৭, ১৯৯৬, ২০১১ আৰু ২০২৩ চনত ভাৰতত বিশ্বকাপ অনুষ্ঠিত হৈছিল। ১৯৮৭ চনত প্ৰথমবাৰৰ বাবে আয়োজন কৰাৰ পাছত ১৯৯৬ চনত পাকিস্তান আৰু শ্ৰীলংকাৰ সৈতে, আৰু ২০১১ চনত বাংলাদেশ আৰু শ্ৰীলংকাৰ সৈতে যৌথভাৱে বিশ্বকাপ অনুষ্ঠিত হৈছিল। 

২০২৩ চনত ভাৰতে অকলেই বিশ্বকাপ আয়োজন কৰিছিল যদিও ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ খিতাপ জয়ৰ পৰা বঞ্চিত হৈছিল। এতিয়া ২০৩১ চনত বাংলাদেশৰ সৈতে মিলি পুনৰ এবাৰ বিশ্বকাপ আয়োজন কৰিব ভাৰতে।

আইচিচি-য়ে ২০৩৫ চনলৈ পুৰুষ ক্ৰিকেটৰ কেইবাখনো গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাৰ সময়সূচী প্ৰকাশ কৰিছে । তাৰ ভিতৰ আছে-

২০২৮: টি-২০ বিশ্বকাপ (অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড)
২০২৯: বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল (ইংলেণ্ড) আৰু চেম্পিয়নছ ট্ৰফী (ভাৰত)
২০৩০: টি-২০ বিশ্বকাপ (ইংলেণ্ড, আয়াৰলেণ্ড আৰু স্কটলেণ্ড)
২০৩১: বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল (ইংলেণ্ড) আৰু এদিনীয়া বিশ্বকাপ (ভাৰত আৰু বাংলাদেশ)
২০৩৩ আৰু ২০৩৫: বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল (স্থান এতিয়াও চূড়ান্ত হোৱা নাই)
##Champions Trophy 2029 #ODI World Cup 2031 #India #ICC

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।