নিউজ ডেস্ক : পাকিস্তানক পৰাস্ত কৰি ছাফ ফুটবলৰ চেম্পিয়নৰ খিতাপ দখল কৰে ভাৰতে। ফাইনেলত ০-১ গ’লত পিছ পৰিও ২-১ গ’লৰ ব্যৱধানত জয়লাভ কৰে ভাৰতীয় দলে। ইয়াৰ লগে লগে একেৰাহে তিনিবাৰ চেম্পিয়নৰ খিতাপ দখল কৰি হেট্ৰিক অৰ্জন কৰিলে ভাৰতে। ভাৰতৰ হৈ ফাইনেলত গ’ল কৰে সুহেল ভাট আৰু সন্দীপ মাণ্ডীয়ে। এইবাৰকে ধৰি মুঠ ১০বাৰৰ বাবে ছাফ ফুটবলৰ চেম্পিয়ন হ’ল ভাৰত।
চেম্পিয়নৰ খিতাপ দখল কৰিলেও ভাৰতৰ বাবে জয় সহজ নাছিল। প্ৰথমাৰ্ধত আধিপত্য আছিল পাকিস্তানৰ। ক’বলৈ গ’লে, ফাইনেলৰ প্ৰথমাৰ্ধৰ খেল প্ৰায় একপক্ষীয় হৈ পৰিছিল। বলৰ দখলৰ পৰা আৰম্ভ কৰি আক্ৰমণ গঢ়ি তোলালৈকে সকলো দিশতে আগবাঢ়ি আছিল পাকিস্তান। খেলৰ আৰম্ভণিতে ভাৰতে আক্ৰমণাত্মক মনোভাৱেৰে খেলপথাৰত নামিছিল যদিও ক্ৰমাৎ খেলৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ আনিছিল পাকিস্তানৰ ফুটবলাৰসকলে। খেলৰ প্ৰথম মিনিটতে প্ৰায় গ’ল কৰাৰ সুযোগ লাভ কৰিছিল সুহেলে। অৱশ্যে পৰিস্থিতি চম্ভালি লৈছিল পাকিস্তানৰ গ’লৰক্ষকে।
খেলৰ তৃতীয় মিনিটতে আন এটা গ’লৰ সুযোগ হেৰুৱায় সুহেলে। ইয়াৰ পিছতে খেললৈ উভতি আহে পাকিস্তান। ক্ৰমাৎ খেলপথাৰত নিজৰ আধিপত্য বৃদ্ধি কৰিবলৈ আৰম্ভ কৰে দলটোৱে। ষষ্ঠ মিনিটত প্ৰথমবাৰৰ বাবে গ’লৰ সুযোগ সৃষ্টি কৰে পাকিস্তানে। অৱশ্যে মহম্মদ আলী খানে গঢ়ি তোলা আক্ৰমণ সফল নহ’ল।
খেলৰ ১৮ মিনিটত গ’ল কৰাৰ এক সহজ সুযোগ হেৰুৱায় পাকিস্তানে। বল ক্লিয়াৰ কৰিবলৈ আগবাঢ়ি আহিছিল ভাৰতৰ গ’লৰক্ষক অৰ্চ শেখ। সেই সুযোগৰ সদ্ব্যৱহাৰ কৰি আলী খানে বলটো ওপৰেদি তুলি প্ৰায় গ’ল কৰিয়েই পেলাইছিল। অৱশ্যে ভাৰতৰ এজন ডিফেণ্ডাৰে কোনোমতে বলটো বিপদমুক্ত কৰে।
উল্লেখ্য যে, প্ৰথমাৰ্ধৰ খেল যিমানেই আগবাঢ়িছিল, ভাৰতীয় ৰক্ষণভাগৰ ওপৰত চাপো সিমানেই বৃদ্ধি পাইছিল। খেলৰ ২২ মিনিটত ভাৰতৰ নিশ্চিত পতন ৰোধ কৰে গ’লৰক্ষক অৰ্চে। পাকিস্তানৰ এটাৰ পিছত এটাকৈ আক্ৰমণৰ মাজতে ভাৰতীয় দলে বল লৈ আক্ৰমণৰ বাবে আগবাঢ়িবলৈ চেষ্টা কৰিছিল যদিও খেলত কোনো সুপৰিকল্পনাৰ ছাপ দেখা পোৱা নগৈছিল।
সেই সময়ত ভাৰতীয় ফুটবলাৰসকলক কিছু পৰিমাণে দিশহাৰা যেন লাগিছিল। ইয়াৰ মাজতে খেলৰ ৩৪ মিনিটত অভিষেক সূৰ্যবংশীৰ এটা হাফ ভলি অসাধাৰণ দক্ষতাৰে প্ৰতিহত কৰে পাকিস্তানৰ গ’লৰক্ষক ইউছুফ বাটে।
প্ৰথমাৰ্ধৰ শেষৰ ফালে ভাৰতীয় দলে খেলালৈ উভতি অহাৰ চেষ্টা চলালেও পাকিস্তানে নিজৰ আধিপত্য অক্ষুণ্ণ ৰাখে। ইয়াৰ সুফল লাভ কৰে দলটোৱে। অতিৰিক্ত সময়ত গ’ল কৰি পাকিস্তানক অগ্ৰগতি প্ৰদান কৰে আলমগীৰ গাজীয়ে।
জুনেইদ শ্বাহৰ এটা তলুৱেদি দিয়া পাছ খাইমিনথাং লুংডিমৰ ভৰিত লাগি দিশ সলনি কৰে। বলটো গৈ পৰে গাজীৰ ওচৰত। তেওঁ এক দুৰ্দান্ত শ্বটেৰে বলটো জালত সোমোৱাই দিয়ে। এই ক্ষেত্ৰত ভাৰতীয় গ’লৰক্ষক অৰ্চৰ বিশেষ একো কৰিবলগীয়া নাছিল।
০-১ গ’লৰ ব্যৱধানত পিছ পৰি প্ৰথমাৰ্ধৰ খেল সামৰে ভাৰতীয় দলে। দ্বিতীয়াৰ্ধৰ আৰম্ভণিৰ পৰাই গ’লৰ সন্ধানত মৰিয়া হৈ পৰে ভাৰতীয় দল। খেলৰ ৫১ মিনিটত সহজ সুযোগ হেৰুৱায় পি ভি বিষ্ণুৱে। তেওঁৰ শ্বটটো পোনে পোনে প্ৰতিপক্ষৰ গ’লৰক্ষকৰ গাত লাগে। অৱশ্যে ইয়াৰ পূৰ্বে পাকিস্তানেও গ’ল কৰাৰ এটা সুযোগ হেৰুৱাইছিল। খেলৰ ৫৩ মিনিটত সুযোগ নষ্ট কৰে ছুহেলে।
খেলৰ ৫৯ মিনিটত পাকিস্তানৰ জুনেইদে ৰঙা কাৰ্ড দেখাৰ ফলত সুবিধা লাভ কৰে ভাৰতীয় দলে। তেওঁ ব্ৰিছন ফাৰ্নাণ্ডেজক এক বিপজ্জনকভাৱে ফাউল কৰে। ‘ভিএআৰ’ পৰীক্ষা কৰাৰ পিছত ৰেফাৰীয়ে তেওঁক ৰঙা কাৰ্ড দেখুওৱাৰ সিদ্ধান্ত লয়।
পাকিস্তান ১০ জনৰ দললৈ পৰিণত হোৱাৰ সুযোগৰ সদ্ব্যৱহাৰ কৰিবলৈ কোনো ভুল কৰা নাছিল ভাৰতীয় দলে। আক্ৰমণৰ তীব্ৰতা বৃদ্ধি কৰে নৌশাদ মুছাৰ শিষ্যসকলে। ইয়াৰ ফলো তৎক্ষণাৎ লাভ কৰে দলটোৱে। খেলৰ ৬১ মিনিটত গ’ল কৰি ভাৰতক সমতালৈ ঘূৰাই আনে ছুহেলে।
শেহতীয়াকৈ সোঁফালৰ পৰা ক্ৰছ আগবঢ়ায় লুংডিমে। মেকাৰ্টনে প্ৰথম প্ৰচেষ্টাতে শ্বট ল’বলৈ চেষ্টা কৰিছিল যদিও সঠিকভাৱে শ্বট ল’ব নোৱাৰিলে। সেই সময়তে বলটো লাভ কৰে ছুহেলে। সুযোগৰ সদ্ব্যৱহাৰ কৰি গ’ল কৰে মোহন বাগানৰ ষ্ট্ৰাইকাৰগৰাকীয়ে। সমতা ঘূৰাই অনাৰ পিছত খেলত ভাৰতৰ আধিপত্য ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰে।
আনহাতে, খেলত ক্ৰমাৎ পিছ পৰিবলৈ ধৰে পাকিস্তান। অৱশ্যে ভাৰতীয় আক্ৰমণভাগৰ ফুটবলাৰসকলৰ বিফলতা আৰু পাকিস্তানৰ গ’লৰক্ষকৰ দৃঢ়তাৰ বাবে ভাৰতে গ’লৰ মুখ দেখা পোৱা নাছিল। অৱশেষত খেলৰ ৮৮ মিনিটত ইষ্ট বেংগলৰ সন্দীপে ভাৰতক অগ্ৰগতি প্ৰদান কৰে। কৰ্ণাৰৰ পৰা অহা বলত মূৰ লগাই খেলুৱৈগৰাকীয়ে গ’ল কৰে ।
অৱশ্যে এই গ’লটোৰ পূৰ্বে সন্দীপে এটা ফাউল কৰিছিল। সেইবাবে তেওঁ হালধীয়া কাৰ্ডো দেখিবলগীয়া হ’ব পাৰিলেহেঁতেন। অতিৰিক্ত সময়ৰ শেষৰ মিনিটটোত লুংডিমে দিনটোৰ আটাইতকৈ সহজ সুযোগটো নষ্ট নকৰা হ’লে ভাৰতীয় দলে ৩-১ গ’লৰ ব্যৱধানত জয়লাভ কৰিব পাৰিলেহেঁতেন। খালী গ’লপোষ্ট পাইয়ো তেওঁ গ’ল কৰিবলৈ সক্ষম নহ’ল। শেষ মুহূৰ্তত পাকিস্তানৰ এজন ডিফেণ্ডাৰে তেওঁক বাধা দিয়ে।
অৱশেষত ১০ জনীয়া পাকিস্তানক ২-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি ছাফ চেম্পিয়নশ্বিপত একেৰাহে তৃতীয়বাৰৰ বাবে খিতাপ দখল কৰিলে ভাৰতে। এয়া ভাৰতৰ দশমটো ছাফ চেম্পিয়নশ্বিপৰ খিতাপ।
উল্লেখ্য যে, এইবাৰৰ ছাফ অভিযানৰ আৰম্ভণিতে দ্বিতীয় শ্ৰেণীৰ ভাৰতীয় দলটোৱে পাকিস্তানক ৩-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰিছিল। নিউজিলেণ্ডৰ বিৰুদ্ধে দুখন ফিফা প্ৰীতি মেচ থকাৰ বাবে ঢাকাত অনুষ্ঠিত প্ৰতিযোগিতাখনলৈ শ্ৰেষ্ঠ দল পঠিয়াব পৰা নাছিল ভাৰতে।
আনহাতে, পাকিস্তানে সম্পূৰ্ণ শক্তিশালী দলটোক লৈ ছাফ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিল। পাকিস্তানৰ কেইবাগৰাকীও ফুটবলাৰে ইউৰোপৰ বিভিন্ন ক্লাবত খেলি আছে। তথাপিও চেম্পিয়ন হৈয়ে দেশলৈ উভতিছে মুছাৰ দল।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।