Wednesday, 25 November 2026
লগইন

ভাৰত-পাক মেচৰ ভিডিঅ’ক লৈ আৰম্ভ বিতৰ্ক‍! আম্পায়ৰক গতিয়াই বিতৰ্কৰ আৱৰ্তত বৈভৱ

আম্পায়াৰক গতিয়ালে বৈভৱে!

নিউজ ডেস্ক : উদীয়মান তাৰকাসকলৰ এছিয়া কাপত পাকিস্তানৰ হাতত পৰাস্ত হোৱাৰ পিছত এইবাৰ নতুন বিতৰ্কত সোমাই পৰিছে ভাৰতীয় দল। আম্পায়াৰক ইচ্ছাকৃতভাৱে গতিয়াই দিয়াৰ অভিযোগ উত্থাপন হৈছে বৈভৱ সূৰ্যবংশীৰ বিৰুদ্ধে। সেয়াও আকৌ অধিনায়ক তিলক বৰ্মাৰ উচটনিত। এই ঘটনাক কেন্দ্ৰ কৰিয়েই আৰম্ভ হৈছে বিতৰ্ক। অৱশ্যে এই ভিডিঅ’টোৰ সত্যতা পৰীক্ষা কৰা হোৱা নাই।

ভাৰত-পাকিস্তান মেচৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে। ভিডিঅ’টোত দেখা গৈছে যে, পাকিস্তানৰ ইনিংছ চলি থকাৰ সময়ত পিটচৰ কাষত থিয় হৈ তিলকে হাতৰ ইংগিতেৰে বৈভৱক আম্পায়াৰৰ ফালে যাবলৈ নিৰ্দেশ দিছে। ইয়াৰ পিছতে বৈভৱ আম্পায়াৰৰ ফালে আগবাঢ়ি যায়। তেওঁ যে ইচ্ছাকৃতভাৱে আম্পায়াৰৰ ফালে আগবাঢ়ি গৈছিল, সেয়া স্পষ্ট বুলি দাবী কৰা হৈছে। কাৰণ, খোজ কাঢ়ি গৈ থাকোঁতে তেওঁ নিজৰ দিশো সলনি কৰে। তাৰ পিছতে পিছফালৰ পৰা আম্পায়াৰক গতিয়াই দিয়ে বৈভৱে।

অৱশ্যে বৈভৱে বৰ জোৰেৰে গতিয়াই দিয়া নাছিল। প্ৰথমে আম্পায়াৰগৰাকী অলপ চক খাই যায়। তেওঁৰ হাতত থকা টুপী আৰু ছানগ্লাছ মাটিত পৰি যায়। অৱশ্যে বৈভৱেই লগে লগে সেইবোৰ তুলি দিয়ে। তাৰ পিছত বৈভৱ নিজৰ ফিল্ডিং পজিচনলৈ উভতি যায়।

কিন্তু কিয় আম্পায়াৰক গতিয়ালে বৈভৱে? ভিডিঅ’টোত দেখা গৈছে যে, পাকিস্তানৰ বেটছমেনগৰাকীৰ সৈতে কথা পাতি আছিল আম্পায়াৰ। তাৰ পিছতে হাতৰ ইংগিতেৰে আম্পায়াৰগৰাকীয়ে ‘ন’ বল’ৰ সংকেত দিয়ে । সেই কাৰণেই নেকি তিলকৰ নিৰ্দেশত এনে কাণ্ড সংঘটিত কৰিলে ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে? অৱশ্যে এই বিষয়টো এতিয়াও স্পষ্ট হোৱা নাই।

এই ভিডিঅ’টোক লৈ দুটা ভিন্ন মত পোৱা গৈছে। এটা পক্ষৰ মতে, ধেমালিৰ চলেৰেহে এনে কাণ্ড সংঘটিত কৰিছিল বৈভৱে। ইয়াক লৈ বেছিকৈ চিন্তা কৰাৰ কোনো কাৰণ নাই। খেল চলি থকাৰ সময়ত বহু ক্ৰিকেটাৰেই আম্পায়াৰৰ সৈতে ধেমালি কৰে।

আনহাতে আনটো পক্ষৰ মতে, ইচ্ছাকৃতভাৱেই আম্পায়াৰক ধাক্কা মাৰিছিল ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে। তেওঁৰ ক্ৰিকেটীয় মানসিকতাক লৈও প্ৰশ্ন উত্থাপন কৰিছে তেওঁলোকে। অৱশ্যে এই বিষয়ত মেচ ৰেফাৰী, দুয়োটা দল অথবা এছিয়ান ক্ৰিকেট কাউন্সিলৰ তৰফৰ পৰা কোনো মন্তব্য প্ৰকাশ কৰা হোৱা নাই।

গ্ৰুপ পৰ্যায়ৰ সেই মেচখনত পাকিস্তানৰ হাতত পৰাস্ত হৈছিল ভাৰত। প্ৰথমে বেটিং কৰি পাকিস্তানে ৩১৩ ৰান সংগ্ৰহ কৰিছিল। অধিনায়ক তিলকে শতৰান অৰ্জন কৰিলেও ভাৰতে মাত্ৰ ২৬৫ ৰানতে আটাইকেইটা উইকেট হেৰুৱায়। ফলত ৪৮ ৰানৰ ব্যৱধানত পৰাস্ত হয় ভাৰতীয় দল।

অৱশ্যে প্ৰতিযোগিতাখনৰ ফাইনেলত পুনৰ এবাৰ ভাৰত-পাকিস্তানৰ মাজত মেচ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। তেনে হ’লে ফাইনেলত পৰাজয়ৰ পোতক তোলাৰ সুযোগ থাকিব বৈভৱৰ দলৰ সন্মুখত।
##bigupdate #newsupdate #sportsnews #vaibhavsooryavanshi #indiavspakistan #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।