ব্ৰেকিংSIR বাতিলৰ দাবীত ৩০ অক্টোবৰত আগৰতলাত কঁপাব ইণ্ডিয়া ব্ল'কে
ত্ৰিপুৰা কঁপাব ইণ্ডিয়া ব্লকে
প্ৰকাশ: · 1 মিনিট · 3 views
নিউজ ডেস্ক : SIR প্ৰত্যাহাৰ, মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণ কৰা আৰু নিৰ্বাচনী নিকাভাৱ তথা গণতন্ত্ৰ ৰক্ষাৰ বাবে পদক্ষেপ গ্ৰহণৰ দাবীত ৩০ অক্টোবৰত আগৰতলাত ইণ্ডিয়া ব্ল'কে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব । ত্ৰিপুৰাৰ চিপিআই(এম)ৰাজ্যিক সম্পাদক তথা ইণ্ডিয়া মিত্ৰগোটৰ নেতা জীতেন্দ্ৰ চৌধুৰীয়ে ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি আশীষ কুমাৰ সাহাৰ সৈতে যুটিয়া সংবাদমেলত কয়,"১১ বজাত অৰিয়েণ্ট চৌমুহনীৰ এক সমাৱেশেৰে এই প্ৰতিবাদ আৰম্ভ হ’ব । ইয়াৰ পিছত প্ৰতিবাদকাৰীসকলে মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়লৈ সমদল কৰি গৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰিব ।"
তেওঁলোকে কয়,"মিত্ৰগোটৰ চাৰিটা দাবী হৈছে ক্ৰমে জ্ঞানেশ কুমাৰক অপসাৰণ কৰা, SIR বাতিল কৰা, নিৰ্বাচন আয়োগৰ স্বাধীনতা আৰু গণতান্ত্ৰিক সুৰক্ষা কৱচ শক্তিশালী কৰাৰ বাবে ইয়াৰ সৈতে জড়িত আইনী ব্যৱস্থাসমূহৰ পৰ্যালোচনা তথা বাতিল কৰা আৰু মুখ্য নিৰ্বাচন আয়ুক্তক প্ৰদান কৰা আইনী সুৰক্ষাৰ বিৰোধিতা কৰা ।"
চৌধুৰীয়ে বিৰোধী দলসমূহক গণতন্ত্ৰ, সংবিধান আৰু নাগৰিকৰ ভোটাধিকাৰ ৰক্ষাৰ বাবে একত্ৰিত হ’বলৈ আহ্বান জনায় । ত্ৰিপুৰা কংগ্ৰেছৰ সভাপতি সাহায়ো নিৰ্বাচন আয়োগৰ কাৰ্যকলাপ আৰু SIRৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে । তেওঁ কয় যে, জ্ঞানেশ কুমাৰৰ নেতৃত্বত থকা আয়োগত আৰু বাকী দুজন নিৰ্বাচন আয়ুক্তৰ মতামত সঠিকভাৱে বিবেচনা নকৰাকৈয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ গ্ৰহণ কৰা হৈছে ৷
মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।