Saturday, 07 November 2026
লগইন
ব্ৰেকিং

INDIA ব্লকৰ ৰেলীৰ নামত ১১,০০০ কোটিৰ ব্যৱসায়িক লোকচান: CTI

১১,০০০ কোটিৰ লোকচান

নিউজ ডেস্ক : দেওবাৰৰ ৰামলীলা মৈদানৰ INDIA ব্লকৰ ৰেলীৰ বাবে দিল্লীৰ ব্যৱসায়ী সংগঠনে ১১,০০০ কোটিৰ ব্যৱসায়িক লোকচান হোৱা বুলি দাবী কৰিছে । উৎসৱ আৰু বজাৰ কৰাৰ বতৰৰ ঠিক মাজভাগতে হোৱা এই ৰেলীৰ বাবে অনুষ্ঠানস্থলীৰ আশে-পাশে থকা বহুতো বিখ্যাত বজাৰ বন্ধ হৈ পৰিছিল।

লোকচানৰ সবিশেষ মূল্যায়ন কৰি 'চেম্বাৰ অব্ ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰী' (CTI)-য়ে দাবী কৰিছে যে এই ৰেলীৰ বাবে ব্যৱসায়ীসকলে ১১,০০০ কোটি টকাৰ ব্যৱসায় হেৰুৱাইছে। ৰেলীখন অনুষ্ঠিত হোৱাৰ পূৰ্বে ব্যৱসায়ী সন্থাই ৰাহুল গান্ধীকে ধৰি বিৰোধী নেতাসকললৈ একাধিক পত্ৰ লিখি এই ৰেলীখন দীপাৱলীৰ পিছলৈ পিছুৱাই দিবলৈ আহ্বান জনাইছিল।

চি.টি.আই. (CTI) ৰ অধ্যক্ষ ব্ৰিজেশ গোৱেলৰ মতে, ১ নৱেম্বৰত দিল্লীয়ে প্ৰায় ১১,০০০ কোটি টকাৰ প্ৰত্যক্ষ লোকচান ভৰিবলগীয়া হয়। লোকচানৰ খতিয়ান দি চি.টি.আই.-য়ে দাবী কৰে যে খুচুৰা আৰু পাইকাৰী ব্যৱসায়ত প্ৰায় ৮,৮০০ কোটি টকাৰ লোকচান হৈছে।

চি.টি.আই.-য়ে কয়, "ৰামলীলা মৈদানৰ পাঁচ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ব্যৱসায়িক কাম-কাজ সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছিল। কাশ্মীৰী গেট, মৰি গেট, চান্দনী চক, চাৱৰী বজাৰ, খাৰী বাওলী, নয়াবজাৰ, সদৰ বজাৰ, আজমেৰী গেট, দৰিয়াগঞ্জ, পাহাৰগঞ্জ, কমলা মাৰ্কেট, জামা মছজিদ, ভাগীৰথ পেলেচ, লাজপত ৰায় মাৰ্কেট, কিনাৰী বজাৰ, দৰিবা কালান, বল্লীমাৰান, ফাতেহপুৰী, তিলক বজাৰ, কনট প্লেচ, পালিকা বজাৰ, গফ্ফৰ মাৰ্কেট আৰু কৰোল বাগ আদিকে ধৰি মূল বজাৰ অঞ্চলসমূহৰ দোকান-পোহাৰ বন্ধ আছিল।"

সংগঠনটোৱে লগতে জনায় যে এই বজাৰসমূহত প্ৰায় ৩ লাখ দোকান আছে, যাৰ ভিতৰত প্ৰায় ২.৫ লাখ দোকান সম্পূৰ্ণৰূপে বন্ধ আছিল আৰু ৮০% ব্যৱসায়িক কাম-কাজ স্তব্ধ হৈ পৰিছিল। ব্যৱসায়ী সংগঠনটোৱে আৰু দাবী কৰে যে ১০ কিলোমিটাৰ ব্যাসাৰ্ধত সামগ্ৰীৰ পৰিবহন বন্ধ হৈ পৰাৰ বাবে পৰিবহন আৰু লজিষ্টিক খণ্ডতো ১,৫০০ কোটি টকাৰ লোকচান হৈছে।
##bigupdate #newsupdate #rahulgandhi #congress #cti #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।