Saturday, 07 November 2026
লগইন
ব্ৰেকিং

ড্ৰোনেৰে চীনক প্ৰত্যুত্তৰ দিবলৈ ভাৰত সাজু হোৱাৰ প্ৰয়োজন, পৰম্পৰাগত যুদ্ধৰে নহয় !

ড্ৰোন চীনৰ বাবে মূৰৰ কামুৰণি

নিউজ ডেস্ক: শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত উদ্ভৱ হোৱা পৰিস্থিতিক লৈ ডাঙ মন্তব্য কৰিছে ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ সঞ্চালক প্ৰধান শত্ৰুজিত সিং কাপুৰে ৷ ভাৰতৰ প্ৰতিদ্বন্দ্বী চীনক যুদ্ধত প্ৰতিহত কৰিবলৈ নতুন কৌশল অৱলম্বণৰ পোষকতা কৰিছে সেনাগৰাকীয়ে ৷ আইটিবিপিৰ সঞ্চালক প্ৰধানগৰাকীয়ে আৰু কয় যে চীনক পৰম্পৰাগত যুদ্ধৰ মাধ্যমেৰে প্ৰতিহত কৰাটো অসম্ভৱ ৷ চীনে তেওঁলোকৰ সেনা বাহিনী, অস্ত্ৰ-শস্ত্ৰ, বাহন আৰু সীমান্ত চকীসমূহ আধুনিকীকৰণত বিনিয়োগ কৰিছে ।

সঞ্চালক প্ৰধান কাপুৰে উল্লেখ কৰে যে শেহতীয়াকৈ ইউক্ৰেইন-ৰাছিয়া আৰু ইৰাণ-আমেৰিকাৰ যুদ্ধই ড্ৰোন আৰু এণ্টি ড্ৰোন প্ৰযুক্তিৰ গুৰুত্ব দেখুৱাইছে ৷ যাৰ জৰিয়তে সংঘাতৰ সময়ত এখন সৰু দেশে বৃহত্তৰ ৰাষ্ট্ৰক আগুৰি ধৰিব পাৰে । তেওঁ কয় যে চীনৰ সীমান্ত আমাৰ বাবে আটাইতকৈ জটিল আৰু চীন হৈছে শক্তিশালী প্ৰতিবেশী তথা ভাৰতৰ বৃহত্তম বিৰোধী ৷ গতিকে ইয়াৰ মুখামুখি হ’বলৈ বৰ্ধিত সামৰ্থৰ প্ৰয়োজন ।

‘‘ড্ৰোন এটা ডাঙৰ প্ৰত্যাহ্বান আৰু এটা সুযোগ হৈ পৰিছে । পৰম্পৰাগত পদ্ধতি ব্যৱহাৰ কৰি চীনৰ সৈতে মোকাবিলা কৰাটো কঠিন হ'ব ৷ তেওঁলোকে আধুনিকীকৰণ কৰিছে আৰু তেওঁলোকৰ পিএলএত প্ৰচুৰ বিনিয়োগ কৰিছে ৷ কিন্তু ড্ৰোন এনেকুৱা এক প্ৰযুক্তি যে এখন সৰু দেশে এখন ডাঙৰ ৰাষ্ট্ৰক উপযুক্ত প্ৰত্যুত্তৰ দিব পাৰে । ইউক্ৰেইনৰ সৈতে হোৱা যুদ্ধত প্ৰতিমাহে প্ৰায় ১০-১৫ হাজাৰ ৰাছিয়ান সৈন্য নিহত হয় । ৰাছিয়া এখন ডাঙৰ আৰু মহাশক্তিধৰ দেশ । ৰাছিয়াই ভাবিছিল যে মাত্ৰ ১-২ মাহত ইউক্ৰেইন দখল কৰিব ৷ কিন্তু চাৰি বছৰ হ’ল আৰু প্ৰতিমাহে তেওঁলোকৰ ১০-১৫ হাজাৰ ৰাছিয়ান নিহত হৈ আছে ৷"

তেওঁ ইৰাণ-আমেৰিকা যুদ্ধক উদাহৰণ হিচাপে উল্লেখ কৰি কয় যে বায়ুসেনা, নৌসেনা বা সেনাবাহিনী অবিহনে ইৰাণে বিশ্ব মহাশক্তিৰ সৈতে যুদ্ধত লিপ্ত হৈছিল । ‘‘ড্ৰোন অহাৰ পিছৰে পৰা পৰম্পৰাগত সেনাৰ ভূমিকা সলনি হৈছে, আৰু আমি ড্ৰোন আৰু এণ্টি ড্ৰোন ব্যৱস্থাক বৃহৎ ৰূপত আঁকোৱালি ল’ব লাগিব ৷ প্ৰায় ৯৫ হাজাৰ জোৱানেৰে শক্তিশালী, পৰ্বত যুদ্ধৰ প্ৰশিক্ষণপ্ৰাপ্ত আইটিবিপিয়ে ৪০০ কোটি টকাৰ চৰকাৰী ধন লাভ কৰিছে আৰু ইয়াৰে ৭০ শতাংশ ধন বাহিনীটোৰ ড্ৰোন যুদ্ধৰ ক্ষমতা বৃদ্ধিৰ বাবে নিৰ্ধাৰণ কৰা হৈছে ৷" 
##india #Chinese ##bigupdate #newsupdate #job #assampolice #himantabiswasarma #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।