নিউজ ডেস্ক: ৰঙা চীনৰ পুনৰ ভাৰতক ৰঙা চকু । ভাৰতৰ লাডাখৰ ২৮ টা ভৌগোলিক স্থানক তেওঁলোকৰ বুলি দাবী ৰঙা চীনৰ । প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (LAC) কাষৰ এনে কিছুমান স্থানও অন্তৰ্ভুক্ত আছে, য’ত চাৰি বছৰীয়া অচলাৱস্থাৰ সময়ছোৱাত ভাৰতীয় সেনা আৰু পিপলছ লিবাৰেচন আৰ্মীৰ (PLA) মাজত সংঘৰ্ষ হৈছিল।
চীনৰ বৈদেশিক মন্ত্ৰণালয়ে মঙলবাৰে কয় যে, ভাৰতে ২০১৯ চনত গঠন কৰা লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলক "কেতিয়াও স্বীকৃতি দিয়া নাই" আৰু ভাৰতীয় জৰীপ বিভাগৰ দ্বাৰা এই অঞ্চলসমূহৰ নামকৰণ কৰাক "অবৈধ" বুলি অভিহিত কৰে ।
চীনৰ এই কাৰ্যক নিন্দা প্ৰকাশ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, "লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চল ভাৰতৰ এক অবিচ্ছেদ্য আৰু অপৰিহাৰ্য অংগ । চীনৰ এনে মন্তব্য সত্যক সলনি কৰিব নোৱাৰে।"
তেওঁ কয়, "লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভাৰতীয় জৰীপ বিভাগৰ দ্বাৰা ২৮ টা স্থানক আনুষ্ঠানিকভাৱে চিনাক্ত কৰাৰ উদ্দেশ্য হৈছে সৰ্বসাধাৰণ ৰাইজৰ মাজত ইয়াৰ সঠিক চিনাক্তকৰণ আৰু সজাগতা বৃদ্ধি কৰি তোলা ।"
চীনৰ বৈদেশিক মন্ত্ৰণালয়ে কৈছিল যে, ”চীনে ভাৰতে গ্ৰহণ কৰা একপক্ষীয় আৰু 'লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চল'ক কেতিয়াও স্বীকৃতি দিয়া নাই, আৰু ভাৰতে প্ৰকাশ নামসমূহৰ তীব্ৰ বিৰোধিতা কৰো । ভাৰতৰ এই পদক্ষেপ অবৈধ আৰু ই চীন-ভাৰত সীমান্তৰ পশ্চিম খণ্ডটো চীনৰ অন্তৰ্গত বুলি থকা সত্যটোক সলনি নকৰে।"
উল্লেখ্য যে, ২০১৯ত জম্মু আৰু কাশ্মীৰ ৰাজ্যক দুখন কেন্দ্ৰীয় শাসিত অঞ্চললৈ বিভাজিত কৰা আৰু সংবিধানৰ ৩৭০ অনুচ্ছেদ কৰ্তন কৰাৰ ভাৰত চৰকাৰৰ সিদ্ধান্তৰ প্ৰসংগ টানি চীনৰ বৈদেশিক মন্ত্ৰণালয়ে এইদৰে কৈছিল ।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।