ইকুইটিৰ পৰা সহজে ওলাই যাব পৰা সুচলতা আৰু সহজ উপলব্ধতাৰ বাবে মানুহে সহজে প্ৰস্থান কৰিছে বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এটা সংবাদ প্ৰতিষ্ঠানত দিয়া সাক্ষাৎকাৰত প্ৰকাশ কৰে। অৱশ্যে, ভাৰতীয় অৰ্থনীতিৰ মূল ভিত্তি সুদৃঢ় হৈ আছে বুলি তেওঁ উল্লেখ কৰে।
তথ্য অনুসৰি, বাণিজ্যক অনিশ্চয়তা আৰু ভূ-ৰাজনৈতিক প্ৰত্যাহ্বানৰ মাজতো ভাৰতৰ অৰ্থনৈতিক বিকাশ শক্তিশালী হৈ থকা সত্ত্বেও চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা দেশখনৰ প্ৰধান শ্বেয়াৰ বজাৰ সূচাংকসমূহ প্ৰায় ১২% হ্ৰাস পাইছে। শেহতীয়াকৈ বিদেশী বিনিয়োগকাৰীসকলে ভাৰতীয় শ্বেয়াৰ বজাৰৰ পৰা অভিলেখ পৰিমাণৰ পুঁজি প্ৰত্যাহাৰ কৰাৰ ফলত এই পৰিস্থিতিৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে ধাৰাবাহিকভাৱে হৈ থকা এই মূলধন বহিৰ্গমন ২০২৭ বৰ্ষত ভাৰতৰ বাবে অন্যতম ডাঙৰ বিপদাশংকা হিচাপে দেখা দিব পাৰে।
তথাপি, ঘৰুৱা মূলধন অহৰহভাৱে বজাৰখনলৈ আহিছে। চলিত মাহৰ আৰম্ভণিতে উদ্যোগিক সংস্থা 'এছ’চিয়েচন অৱ মিউচুৱেল ফাণ্ডছ ইন ইণ্ডিয়া' প্ৰকাশ কৰা তথ্য অনুসৰি, ২০২১ চনৰ মাৰ্চ মাহৰ পৰা প্ৰতিমাহেই ভাৰতীয় ইকুইটি মিউচুৱেল ফাণ্ডসমূহে নেট ইনফ্ল’ (অৰ্থাৎ সৰ্বমুঠ জমা ধনৰ পৰিমাণ) লাভ কৰি আহিছে।
বহুজাতিক কোম্পানী, প্ৰাইভেট ইকুইটি ফাণ্ড আৰু বিদেশী বিনিয়োগকাৰীসকলে তেওঁলোকৰ বিনিয়োগৰ পৰা আংশিক বা সম্পূৰ্ণভাৱে লাভজনকভাৱে ওলাই আহিবলৈ সক্ষম হৈছে। ২০২১ আৰু ২০২৫ বৰ্ষৰ ভিতৰত ভাৰতীয় ইনিচিয়েল পাবলিক অফাৰিং (IPO) সমূহে সামূহিকভাৱে ৬০.৪ বিলিয়ন ডলাৰ সংগ্ৰহ কৰিছিল, যাৰ ভিতৰত ৩৭.৭ বিলিয়ন ডলাৰ অৰ্থাৎ মুঠ উপাৰ্জনৰ ৬৩% বৰ্তমানৰ শ্বেয়াৰহোল্ডাৰসকলৰ হাতলৈ গৈছিল, যিসকলে তেওঁলোকৰ শ্বেয়াৰসমূহ সৰ্বসাধাৰণ ৰাইজৰ ওচৰত বিক্ৰী কৰিছিল। আগষ্ট মাহত প্ৰকাশিত এক EY (Ernst & Young) প্ৰতিবেদনত এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে।
যন্ত্ৰৰ হাতত বন্দী আবেগ
ভাৰতীয় ডিপজিটৰী প্ৰতিষ্ঠান NSDL ৰ তথ্য অনুসৰি, এই বছৰ এতিয়ালৈকে বিদেশী পৰ্টফলিঅ' বিনিয়োগকাৰীসকলে (FPI) ৩৩ বিলিয়ন ডলাৰতকৈও অধিক মূল্যৰ ভাৰতীয় ইকুইটি পোনপটীয়াকৈ বিক্ৰী কৰিছে। ভাৰতক বৰ্তমান এক ‘আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিৰোধী’ (anti-AI trade) বজাৰ হিচাপে গণ্য কৰা হৈছে, যাৰ বিপৰীতে টাইৱান আৰু কোৰিয়াৰ দৰে দেশসমূহে, য’ত প্ৰখ্যাত এআই (AI) প্ৰতিষ্ঠানসমূহ আছে, বৃহৎ পৰিমাণৰ বিদেশী বিনিয়োগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
লগতে U.S. আৰু AI বা কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰতি মূলধনৰ এই ধাবমান প্ৰক্ৰিয়া—যি মূলধন সাধাৰণতে বিভিন্ন খণ্ডৰ বিনিয়োগৰ বাবে বেলেগ বেলেগ দেশলৈ গতি কৰে, সেয়া "এক চিন্তাৰ বিষয়", বুলি তথ্যত প্ৰকাশ পাইছে।
এক প্ৰতিবেদন অনুসায়ী, MSCI Asia Pacific ex-Japan সূচকাংকত টাইৱানৰ বজাৰ অংশীদাৰিত্ব এতিয়া আটাইতকৈ বেছি অৰ্থাৎ ২৯% হৈছে। আনহাতে, কোৰিয়া ২২% অংশীদাৰিত্বৰে দ্বিতীয় স্থানলৈ আগবাঢ়িছে। লগতে প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, কেইবছৰমান আগতে ভাৰতৰ অংশীদাৰিত্ব ১৯% আছিল, যি এতিয়া সংকুচিত হৈ ১০% হৈছেগৈ।
গোলকীয় AI ৰেলী বা প্ৰসাৰত ফাট মেলাৰ পাছতো বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰে যে, যদিহে এই বুদবুদটো ফাটি যায় , তাৰ পাছতো ইয়াৰ কোনো পাৰ্শ্বক্ৰিয়া বা প্ৰভাৱে ভাৰতক ক্ষতি কৰিব নোৱাৰে। তেওঁ উল্লেখ কৰে যে, অন্যান্য দেশ বা অঞ্চলসমূহলৈ যিধৰণৰ "এআই সম্পৰ্কীয় বিনিয়োগ" আহিছে, ভাৰতলৈ এতিয়ালৈকে তেনেধৰণৰ ব্যাপক বিনিয়োগ অহা নাই।
লগতে বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে, দক্ষিণ এছিয়াৰ এই দেশখন ফ্ৰন্টিয়াৰ টেক বা অগ্ৰণী প্ৰযুক্তিৰ ক্ষেত্ৰত "এতিয়া আৰু পিছপৰি থকা নাই" আৰু অৰ্ধপৰিবাহী বা ছেমিকণ্ডাক্টৰ নিৰ্মাণ কাৰখানা স্থাপনৰ বাবে বিনিয়োগ কৰা হৈছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।