শুক্ৰবাৰে, ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI) টকাৰ মূল্য শক্তিশালী কৰাৰ উদ্দেশ্যে নতুন পদক্ষেপ ঘোষণা কৰে। এই ব্যৱস্থা অনুসৰি তেল কোম্পানীসমূহৰ ডলাৰ ক্ৰয়ৰ প্ৰক্ৰিয়াক স্পট মাৰ্কেটৰ পৰা আঁতৰাই নিয়া হৈছে আৰু হেজিং নিয়ম অধিক কঠোৰ কৰা হৈছে, কিয়নো বৰ্তমান সময়ত টকাৰ মূল্য অভিলেখ নিম্নগামী স্তৰৰ ওচৰত অৱস্থান কৰিছে।
ভাৰতীয় টকাৰ মূল্যৰ ওপৰত পৰা চাপ আৰু ইয়াৰ অস্থিৰতা হ্ৰাস কৰিবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI) আৰু ভাৰত চৰকাৰে গ্ৰহণ কৰা মুখ্য পদক্ষেপসমূহ হ’ল:
তেল সম্পৰ্কীয় ডলাৰৰ চাহিদা পুনৰ দিশ সলনি কৰা
ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই (RBI) তিনিটা চৰকাৰী তেল বিপণন প্ৰতিষ্ঠানৰ দৈনিক ডলাৰৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ এটা বিশেষ উইণ্ডো মুকলি কৰিব। এই পদক্ষেপে ভাৰতীয় টকাৰ ওপৰত থকা চাপ হ্ৰাস কৰিব, যিটো চলিত বৰ্ষত ডলাৰৰ তুলনাত ৭% তকৈও অধিক হ্ৰাস পাইছে। চলিত বৰ্ষৰ মে' মাহত টকাৰ মূল্য অভিলেখ হাৰত হ্ৰাস পাই ৯৬.৯৬ স্পৰ্শ কৰিছিল।
এই ব্যৱস্থাটোক "অইল মাৰ্কেটিং কোম্পানীসমূহৰ বাবে বিশেষ ডলাৰ উইণ্ডো" বুলি কোৱা হয়। হিন্দুস্তান পেট্ৰলিয়াম কৰ্পোৰেচন লিমিটেড (HPCL), ভাৰত পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেড (BPCL.NS) ক লৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে সদৰী কৰে যে, ১২ অক্টোবৰৰ পৰা এই সুবিধাটো ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া হ’ব।
হেজিং চাপ হ্ৰাস কৰা
১০ অক্টোবৰত ঘোষণা কৰা পদক্ষেপসমূহৰ অংশ হিচাপে, কেন্দ্ৰীয় বেংকে কৰ্পোৰেট প্ৰতিষ্ঠানসমূহৰ জল্পনা-কল্পনামূলক কাৰ্যকলাপৰ ওপৰত নিয়মসমূহ কঠোৰ কৰিছে আৰু ভাৰতীয় টকাৰ সম্ভাৱ্য দুৰ্বলতাৰ বিৰুদ্ধে সুৰক্ষা ক্ৰয় কৰাৰ খৰচ বৃদ্ধি কৰিছে।
তথ্য অনুসৰি, ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI)-য়ে বিদেশী মুদ্ৰা ডীলাৰসকলক চলিত একাউণ্টৰ লেনদেনৰ বাবে ব্যৱহৃত ডেৰিভেটিভ চুক্তিৰ ক্ষেত্ৰত ২০% "বিদেশী মুদ্ৰা আশংকা সংৰক্ষিত পুঁজি" ৰাখিবলৈ নিৰ্দেশ দিছে যিটো বিদেশী সামগ্ৰী বা সেৱা ক্ৰয়ৰ দৰে প্ৰয়োজনীয়তাসমূহ হেজ কৰিবলৈ ব্যৱহাৰ কৰা হয়। আনহাতে, বিদেশী ইকুইটি বা ধাৰৰ বিনিয়োগ হেজ কৰাৰ দৰে মূলধন একাউণ্টৰ সৈতে জড়িত লেনদেনৰ ক্ষেত্ৰত এই সংৰক্ষিত পুঁজিৰ নিয়ম প্ৰযোজ্য নহয়।
ভাৰতীয় ৰিজাৰ্ভ বেংকে কৰ্পোৰেট খণ্ডৰ ফটকা বজাৰৰ কাৰ্যকলাপ ৰোধ কৰাৰ উদ্দেশ্যে কোনো মূলগত এক্সপ’জাৰৰ প্ৰমাণ নোহোৱাকৈ কৰিব পৰা ডেৰিভেটিভ লেনদেনৰ সৰ্বোচ্চ সীমা ১০০ নিযুত ডলাৰৰ পৰা ৫ নিযুত ডলাৰলৈ হ্ৰাস কৰিছে, আৰু উপভোক্তাসকলক বাতিল কৰা চুক্তি পুনৰ বুক কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে।
বণ্ডৰ প্ৰবাহ বৃদ্ধি কৰা
উল্লেখ্য যে, ভাৰত চৰকাৰে জুন মাহত বিদেশী বিনিয়োগকাৰীসকলৰ বাবে ভাৰতীয় বণ্ডৰ ওপৰত থকা ১২.৫% মূলধনী লাভৰ কৰ প্ৰত্যাহাৰ কৰে আৰু সুদৰ উপাৰ্জনৰ ওপৰত থকা ২০% কৰ বাতিল কৰে।
আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠান, বেংক ফৰ ইণ্টাৰনেচনেল চেটেলমেণ্টচ, যি চৰকাৰী প্ৰতিভূতিত এজন সক্ৰিয় বিনিয়োগকাৰী , তাকো এই কৰসমূহৰ পৰা ৰেহাই দিয়া হৈছে।
ভাৰতীয় ৰিজাৰ্ভ বেংকে সদৰী কৰা অনুসৰি, চৰকাৰী বণ্ডৰ এটা ডাঙৰ অংশৰ ওপৰত এতিয়াৰ পৰা বিদেশী বিনিয়োগৰ কোনো সীমা নাথাকে।
প্ৰবাসীসকলৰ শক্তি/সম্পদৰ ব্যৱহাৰ কৰা
তথ্য অনুৰি, ভাৰতীয় ৰিজাৰ্ভ বেংকে চলিত বৰ্ষৰ জুন মাহত প্ৰবাসী ভাৰতীয়সকলৰ পৰা বৈদেশিক মুদ্ৰা জমা আকৰ্ষণ কৰিবলৈ এটা বিশেষ ডলাৰ-ৰুপি স্বয়াপ সুবিধা ঘোষণা কৰিছিল।
বৈদেশিক মুদ্ৰাৰ ঋণৰ বাবে হেঁচা বা প্ৰয়াস
বিদেশী মুদ্ৰাৰ ঋণ বৃদ্ধি কৰাৰ বাবে RBI য়ে চৰকাৰী মালিকানাধীন কোম্পানীবোৰক ৰেহাই মূল্যত স্বয়প ৰেট প্ৰদান কৰিব। এই ৰেহাইসমূহ বছৰৰ শেষলৈকে বাহাল থাকিব।
প্ৰবাসী ভাৰতীয় আৰু বিদেশী ব্যক্তিসকলক ভাৰতীয় ইকুইটী বা শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ উৎসাহিত কৰা
ফেব্ৰুৱাৰী মাহত চৰকাৰ আৰু RBI য়ে অনা-আৱাসী ভাৰতীয়সকলৰ বাবে ইকুইটি বিনিয়োগৰ উচ্চ সীমা ঘোষণা কৰিছিল। এই পদক্ষেপসমূহ জুন মাহৰ পৰা কাৰ্যকৰী হৈছিল।
ৰপ্তানিৰ পৰা হোৱা উপাৰ্জন
ভাৰতীয় ৰিজাৰ্ভ বেংকে জুন মাহত ৰপ্তানিৰ ধন ঘূৰাই অনাৰ সময়সীমা ১৫ মাহৰ পৰা ৯ মাহলৈ হ্ৰাস কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে হোৱা বাণিজ্যিক উত্তেজনাৰ বাবে যোৱা বছৰ এই সময়সীমা ১৫ মাহলৈ বৃদ্ধি কৰা হৈছিল।
সোণ আৰু ৰূপৰ ফলপ্ৰসূ আমদানি শুল্ক
ভাৰত চৰকাৰে মে' মাহত সোণ আৰু ৰূপৰ আমদানি শুল্ক ৬% ৰ পৰা ১৫% লৈ বৃদ্ধি কৰে। চৰকাৰে সোণ আৰু ৰূপৰ আমদানীৰ ওপৰত ১০% মূল সীমা শুল্ক আৰু ৫% কৃষি আন্তঃগাঁথনি আৰু বিকাশ উপকৰ (AIDC) আৰোপ কৰিছে, যাৰ ফলত ফলপ্ৰসূ আমদানী কৰ পূৰ্বৰ ৬% ৰ পৰা বৃদ্ধি পাই ১৫% হৈছে।
আমদানীৰ নিয়মসমূহ অধিক কঠোৰ কৰা
মে' মাহত ভাৰতত সোণ আৰু ৰূপৰ আমদানিৰ ওপৰত কঠোৰ নিয়ম আৰোপ কৰা হৈছিল।
গহনা ৰপ্তানিৰ বাবে শুল্কমুক্ত সোণ আমদানিৰ নিয়ম কঠোৰ কৰি পৰৱৰ্তী জাননী নিদিয়ালৈকে প্ৰতিটো অনুজ্ঞাপত্ৰৰ বিপৰীতে সৰ্বাধিক ১০০ কিলোগ্ৰামলৈকে আমদানি সীমিত কৰা হৈছে।
ভাৰতে ৯৯.৯% বিশুদ্ধতাৰ ৰূপৰ বাৰ আৰু ৰূপৰ অন্যান্য সকলো অৰ্ধ-নিৰ্মিত ৰূপৰ আমদানি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিষিদ্ধ শ্ৰেণীত অন্তৰ্ভুক্ত কৰিছে।
বৈদেশিক মুদ্ৰা সংৰক্ষণৰ বাবে আহ্বান
ভাৰত চৰকাৰে ভ্ৰমণৰ ওপৰত কোনো নিষেধাজ্ঞা আৰোপ কৰা নাই যদিও, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মে' মাহত নাগৰিকসকলক অপ্ৰয়োজনীয়ভাৱে বিদেশ ভ্ৰমণ নকৰিবলৈ আহ্বান জনাইছিল।
লগতে তেওঁ মানুহক ইন্ধন সংৰক্ষণ কৰিবলৈ আৰু চৰকাৰক ব্যয়বহুল তেল আমদানি হ্ৰাস কৰাত সহায় কৰিবলৈ ঘৰৰ পৰা কাম কৰিবলৈও আহ্বান জনায়।
মুদ্ৰাৰ জল্পনা-কল্পনা নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা পদক্ষেপ
ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০২৬ বৰ্ষৰ মাৰ্চ মাহত বেংকসমূহৰ বাবে নেট অপেন ফৰেক্স পজিচনৰ সীমা হ্ৰাস কৰি এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছিল। ভাৰতীয় টকাৰ মূল্যৰ দ্ৰুত অৱনতি ৰোধ কৰিবলৈ আৰু বৈদেশিক মুদ্ৰাৰ বজাৰত জল্পনা-কল্পনামূলক ব্যৱসায় নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰীয় বেংকে এই কঠোৰ সিদ্ধান্ত লৈছিল।
তথ্য অনুসৰি, এই পদক্ষেপটোৰ উদ্দেশ্য আছিল টকাৰ ওপৰত কৰা অনুমানমূলক স্থিতি নিয়ন্ত্ৰণ কৰা, যিয়ে টকাৰ মূল্যহ্ৰাসৰ চাপ আৰু অধিক বৃদ্ধি কৰিছিল।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।