নিউজ ডেস্ক : পশ্চিম এছিয়াত পুনৰ ভাৰতৰ পতাকা বাহক জাহাজত আক্ৰমণ সংঘটিত হয়। সোমবাৰে ওমান উপকূলৰ ওচৰত 'আল জুচুফি' নামৰ জাহাজখনত এই আক্ৰমণৰ ঘটনাটো সংঘটিত হয়।জাহাজখনত ১৪ জন নাবিক আছিল আৰু তেওঁলোক সকলোৱেই ভাৰতীয়। মঙলবাৰে ভাৰত চৰকাৰে জনোৱা মতে, আক্ৰমণৰ ফলত এজন নাবিকৰ মৃত্যু হয়। বাকীসকলক স্থানীয় কৰ্তৃপক্ষই সুৰক্ষিতভাৱে উদ্ধাৰ কৰে।
এই আক্ৰমণ কোনে বা কাৰ দ্বাৰা কৰা হৈছে সেয়া প্ৰাথমিকভাৱে স্পষ্ট হোৱা নাই। অৱশ্যে, হৰমুজ প্ৰণালীৰে চলাচল কৰা মালবাহী জাহাজসমূহ ওমান উপকূল হৈয়েই অহা-যোৱা কৰে। আন্তঃৰাষ্ট্ৰীয়ভাৱে গুৰুত্বপূৰ্ণ এই জলপথটো বিগত কেইবামাহো ধৰি অশান্ত হৈ আছে। আমেৰিকা আৰু ইৰানৰ সংঘাতৰ মাজতে এই জলপথেৰে চলাচল কৰা একাধিক জাহাজৰ ওপৰত আক্ৰমণৰ ঘটনা ঘটিছে।
অৱশ্যে সেইবোৰ আন দেশৰ জাহাজ আছিল। পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতিৰ মাজত আৰম্ভণিতে ভাৰতীয় পতাকাযুক্ত জাহাজসমূহ মটৰৰ ওপৰত সুৰক্ষিতভাৱেই হৰমুজ আৰু সংলগ্ন জলপথ পাৰ হৈ আহিব পাৰিছিল। কিন্তু যোৱা কেইমাহমানত ভাৰতকে ধৰি বিভিন্ন দেশৰ পণ্যবাহী জাহাজত বাৰে বাৰে আক্ৰমণৰ ঘটনা ঘটিছে। সোমবাৰৰ আক্ৰমণৰ পিছত পৰিস্থিতিক লৈ নতুনকৈ উদ্বেগৰ সৃষ্টি হৈছে।
কেন্দ্ৰীয় জাহাজ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ছ'চিয়েল মিডিয়াৰ জৰিয়তে প্ৰকাশ কৰে যে, গান্ধাৰ নাহিম আজিজ নামৰ মৃত নাবিকগৰাকী গুজৰাটৰ বাসিন্দা আছিল। গোলাবৰ্ষণৰ ফলত তেওঁৰ মৃত্যু হয়। ওমানৰ উপকূলৰক্ষী বাহিনীয়ে ক্ষতিগ্ৰস্ত জাহাজখনৰ পৰা বাকী ১৩ জন নাবিকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, নাহিমৰ নশ্বৰ দেহ ক্ষিপ্ৰতাৰে দেশলৈ ঘূৰাই আনিবলৈ ওমানৰ কৰ্তৃপক্ষৰ সৈতে ভাৰতীয় দূতাবাসে যোগাযোগ ৰাখিছে। ইয়াৰ উপৰিও দূতাবাসে বাকী থকা নাবিকসকলকো প্ৰয়োজনীয় সকলো সহায়-সহযোগিতা আগবঢ়াইছে।

উল্লেখ কৰিবলগীয়া যে, বিগত মে’ মাহত গোলাবৰ্ষণৰ ফলত ওমান উপকূলৰ ওচৰত এখন ভাৰতীয় জাহাজ ডুবি গৈছিল। নতুন দিল্লীয়ে সেই আক্ৰমণৰো গৰিহণা দিছিল। ইয়াৰ পিছত জুন মাহতো ওমান উপকূলত ভাৰতীয় জাহাজৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল।
পশ্চিম এছিয়াৰ পৰিস্থিতি আৰু হৰমুজ প্ৰণালীক কেন্দ্ৰ কৰি ক্ৰমবৰ্ধমান সংঘাতক লৈ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বাৰে বাৰে উদ্বেগ প্ৰকাশ কৰিছে। পণ্যবাহী অসামৰিক জাহাজত আক্ৰমণ কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি নতুন দিল্লীয়ে স্পষ্ট কৰি দিয়ে। এই পৰিস্থিতিৰ বাবে পশ্চিম এছিয়াৰ উত্তেজনাকে জগৰীয়া কৰি ভাৰতে বিভিন্ন সময়ত বুজাই দিছে যে নতুন দিল্লীয়ে কূটনৈতিক পদ্ধতিৰে সমস্যা সমাধানৰহে পক্ষপাতী। সেই অঞ্চলটোত শান্তি আৰু সুস্থিৰতা ঘূৰাই অনাটো যে অতি প্ৰয়োজনীয়, তাকো ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্পষ্ট কৰি দিয়ে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।