Saturday, 07 November 2026
লগইন
ব্ৰেকিং

হঠাৎ ইণ্ডিগ’ বিমানত ধোৱা! যাত্ৰীৰ মাজত হুৱা-দুৱা

প্ৰাণ ৰক্ষা পৰিল সহস্ৰাধিক বিমানযাত্ৰীৰ

দেওবাৰে দিল্লীৰ পৰা চেন্নাই অভিমুখে উৰা মৰা ইণ্ডিগ’ৰ এখন বিমানত সৃষ্টি হয় এক অবাঞ্ছিত উত্তেজনামূলক পৰিস্থিতিৰ। 

তথ্য অনুসৰি এজন বিমান যাত্ৰীৰ ব্যক্তিগত ইলেকট্ৰনিক ডিভাইচৰ পৰা হঠাতে ওলোৱা ধোঁৱা প্ৰত্যক্ষ কৰাৰ লগে লগে বিমানখন লগে লগে জৰুৰীকালীনভাৱে হায়দৰাবাদ অভিমুখী পথ সলনি কৰে।

জানিব পৰা মতে, দিল্লীৰ পৰা চেন্নাইলৈ যাত্ৰা কৰিবলগীয়া 6E 6115 নম্বৰৰ বিমানখন ৰুটত থকা সময়তে কেবিন ক্ৰুৱে যাত্ৰীজনৰ ডিভাইচৰ পৰা ধোঁৱা ওলোৱা প্ৰত্যক্ষ কৰে। ঘটনাৰ গুৰুতৰ বুলি অনুভৱ কৰি কেবিন ক্ৰুৰ সদস্যসকলে তৎপৰতাৰে নিৰাপত্তা মূলক ব্যৱস্থা গ্ৰহণ কৰি পৰিস্থিতি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ আনে। ইয়াৰ লগতে যাত্ৰীসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি পাইলটে বিমানখন হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ দিশে গতি কৰায় আৰু তাতে বিমানখন নিৰাপদভাৱে অৱতৰণ কৰোৱায়।

উল্লেখ্য যে, অৱতৰণৰ পিছত সংস্থাটোৱে যাত্ৰীসকলক চেন্নাইলৈ প্ৰেৰণ কৰিবলৈ বিকল্প বিমানৰ ব্যৱস্থা গ্ৰহণ কৰে। আনহাতে ইণ্ডিগ’ই এক বিবৃতিৰ যোগেদি উল্লেখ কৰে যে, “এই অনাকাংক্ষিত পৰিস্থিতিৰ বাবে আমাৰ যাত্ৰীসকলে লাভ কৰা অসুবিধাৰ বাবে আমি অত্যন্ত দুখী। অসুবিধা কমাবলৈ খাদ্য-পানীয় যোগান ধৰা আৰু সময়ে সময়ে তথ্য প্ৰদান কৰাকে ধৰি সকলো ধৰণৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে।”
##bigupdate #newsupdate #indigoaircraft #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।