Thursday, 05 November 2026
লগইন
ব্ৰেকিং

ইনষ্টাগ্ৰামৰ পৰা নোহোৱা হ’ল চৰকাৰবিৰোধী কেইবা লাখো পোষ্ট! বন্ধ কৰা হ’ল একাউণ্ট

ইনষ্টাগ্ৰামৰ পৰা অন্তৰ্ধান চৰকাৰিৰোধী পোষ্ট!

নিউজ ডেস্ক : ইনষ্টাগ্ৰামৰ পৰা চৰকাৰবিৰোধী সকলো পোষ্ট মচি পেলোৱা হৈছে। বুধবাৰে এটা পোষ্টৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন কৰে ককৰোচ জনতা পাৰ্টি (চিজেপি)-ৰ মুখ্য নেতা অভিজিৎ দীপকে। তেওঁৰ দাবী, বলপূৰ্বকভাৱে ইনষ্টাগ্ৰামৰ পৰা চৰকাৰৰ সমালোচনামূলক হাজাৰ হাজাৰ পোষ্ট আঁতৰাই পেলোৱা হৈছে।

বুধবাৰে পুৱা এক্সত এটা পোষ্ট কৰি তেওঁ লিখে, “কেন্দ্ৰৰ এই ইনষ্টাগ্ৰাম অভিযান সফল নহ’ব! প্ৰতিদিনে হাজাৰ হাজাৰ পোষ্ট আৰু একাউণ্ট মচি পেলোৱা হৈছে। কিন্তু চৰকাৰে এটা সহজ কথা বুজি পোৱা নাই। ইনষ্টাগ্ৰাম কেৱল এটা মাধ্যমহে, ইয়াতকৈ বেছি একো নহয়। বলপূৰ্বকভাৱে ইনষ্টাগ্ৰাম বন্ধ কৰি দিলেও মানুহে উত্থাপন কৰা প্ৰশ্নসমূহ দমন কৰিব পৰা নাযাব।”

কেন্দ্ৰীয় চৰকাৰক ‘সতৰ্ক’ কৰি তেওঁ কয়, “বৰঞ্চ এই চেঞ্চৰশ্বিপৰ ফলত চৰকাৰৰ প্ৰতি মানুহৰ অবিশ্বাস আৰু অধিক বৃদ্ধি পাব। এই কথা বুজিব লাগিব যে চৰকাৰ জনসাধাৰণৰ ওচৰত জবাবদিহি কৰিবলৈ বাধ্য।”

CJPৰ আন এগৰাকী নেতা আশুতোষ ৰাংকাও এই বিষয়ত সৰৱ হৈ পৰে। তেওঁ এক্সত লিখে, “হাজাৰ হাজাৰ ইনষ্টাগ্ৰাম একাউণ্ট বন্ধ কৰি দিয়া হৈছে। লাখ লাখ ভিডিঅ’ মচি পেলোৱা হৈছে। এতিয়া কেৱল মোদীজীৰ সৈতে জুকাৰবাৰ্গৰ ফটো উঠাৰ অপেক্ষা।”

কেৱল চিজেপিয়েই নহয়, কেন্দ্ৰীয় চৰকাৰৰ ফালে অভিযোগৰ আঙুলি তুলিছে আন কেইবাগৰাকীও ব্যক্তিয়ে। তেওঁলোকৰ ভিতৰত অন্যতম হৈছে গীতিকাৰ আৰু ব্যংগ-লেখক বৰুণ গ্ৰ’ভাৰ। অভিযোগ অনুসৰি, কেন্দ্ৰীয় চৰকাৰৰ ‘২০৪৭ বিকশিত ভাৰত’ প্ৰকল্পক লৈ ৰচনা কৰা এটা ব্যংগাত্মক কবিতা ইনষ্টাগ্ৰামৰ পৰা মচি পেলোৱা হৈছে।

আন এগৰাকী ব্যংগ-লেখক, যাৰ ইনষ্টাগ্ৰামত নাম ‘দেশভক্ত’, তেওঁ অভিযোগ কৰিছে যে প্ৰধানমন্ত্ৰীক লৈ কৰা যিকোনো পোষ্ট অলপ সমালোচনামূলক হ’লেই মোদী চৰকাৰে সেই পোষ্ট ইনষ্টাগ্ৰামৰ পৰা আঁতৰাই দিছে। আনকি ধেমেলীয়া ছলেৰে কিবা ক’লেও সেয়া সহ্য কৰা হোৱা নাই। সংবাদ মাধ্যম ‘লাইভ ল’ৰ’ৰ এটা ইনষ্টাগ্ৰাম পোষ্টো মচি পেলোৱা হৈছে।

উল্লেখ্য, এই ইনষ্টাগ্ৰামকেই হাতিয়াৰ হিচাপে লৈ নিট (সৰ্বভাৰতীয় চিকিৎসা প্ৰৱেশিকা পৰীক্ষা)ৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে সৰৱ হৈ উঠিছিল অভিজিৎ-আশুতোষকে ধৰি চিজেপিৰ আন আন নেতাসকল। তেওঁলোকৰ আহ্বানত সঁহাৰি জনাই দেশৰ ছাত্ৰ-যুৱকসকলেও ৰাজপথলৈ ওলাই আহিছিল। সেই আন্দোলনৰ ফলতেই কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিবলগীয়া হৈছিল। এইবাৰ ভোট চুৰিৰ অভিযোগত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত তেওঁলোকে ধাৰাবাহিকভাৱে আন্দোলন চলাই আছে। এনে পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে নতুন অভিযোগ উত্থাপন কৰি চিজেপিৰ নেতৃত্বই ৰাজনৈতিক বিতৰ্কক অধিক উচটনি দিয়ে।
##bigupdate #newsupdate #abhijeetdipke #bjp #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।