Wednesday, 25 November 2026
লগইন

ফিনলেণ্ডত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক বিজয়ী অংকুশিতা বড়োক সম্বৰ্ধনা AAI ৰ

অসম কন্যা অংকুশিতা বড়োক সম্বৰ্ধনা

নিউজ ডেস্ক : ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে সোমবাৰে ফিনলেণ্ডৰ টেম্পেৰত অনুষ্ঠিত এক আন্তঃৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰাৰ বাবে অসমৰ বক্সাৰ অংকুশিতা বড়োক সম্বৰ্ধনা জনায় আৰু ভাৰতীয় ক্ৰীড়াক্ষেত্ৰলৈ তেওঁৰ অৱদান তথা কৃতিত্বক স্বীকৃতি দিয়ে।

গুৱাহাটীৰ বৰঝাৰস্থিত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ (AAI) উত্তৰ-পূব ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ত এই সম্বৰ্ধনা অনুষ্ঠানটো অনুষ্ঠিত কৰা হয়, য'ত আঞ্চলিক কাৰ্যবাহী সঞ্চালক মনোজ কুমাৰ শৰ্মা বৰদলৈয়ে বক্সাৰগৰাকীক এখন পৰম্পৰাগত অসমীয়া গামোচা, এটা জাপি আৰু এটা স্মাৰকেৰে সন্মানিত কৰে।

ড° ভূপেন হাজৰিকা সভাগৃহত উপস্থিত ৰাইজক সম্বোধন কৰি শৰ্মা বৰদলৈয়ে অংকুশিতাক তেওঁৰ এই সফলতাৰ বাবে অভিনন্দন জনায় আৰু তেওঁৰ ক্ৰীড়া জীৱনৰ উত্তৰোত্তৰ উন্নতি কামনা কৰে। তেওঁ আশা প্ৰকাশ কৰে যে, অংকুশিতাই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহত ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন আগবঢ়াই অসম তথা দেশলৈ অধিক সুনাম কঢ়িয়াই আনিব।

উল্লেখ্য যে,নিজৰ ভাষণত অংকুশিতাই নিৰন্তৰ সমৰ্থন আৰু আশীৰ্বাদৰ বাবে ৰাইজক ধন্যবাদ জনাই কয় যে, এজন খেলুৱৈৰ সফলতাৰ যাত্ৰাত ৰাইজৰ উৎসাহ আৰু শুভকামনাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

তেওঁ লগতে কয় যে, ডিচেম্বৰ মাহত মহাৰাষ্ট্ৰত অনুষ্ঠিত হ'বলগীয়া আগন্তুক ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপৰ বাবে তেওঁ প্ৰস্তুতি চলাই আছে।

ফিনলেণ্ডত অনুষ্ঠিত চেম্পিয়নশ্বিপত অংকুশিতাই মহিলাৰ ৬৫ কেজি শাখাত ফাইনেলত ইংলেণ্ডৰ এলা থম্পছনক ৪-১ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰে।

অংকুশিতাৰ সফলতালৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে অনুষ্ঠানটোত খেলুৱৈগৰাকীৰ প্ৰশিক্ষক ত্ৰিদীপ বৰাকো সম্বৰ্ধনা জনোৱা হয়।

এই অনুষ্ঠানত মহাপ্ৰবন্ধক এম. জিম’ (এ টি এম), জি. সত্যনন্দন (চি এন এছ), হৰিশ পাণ্ডে (অভিযান্ত্ৰিক) আৰু শমশ্বেৰ সিং (পৰিচালনা)কে ধৰি ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ (AAI) কেইবাগৰাকীও জ্যেষ্ঠ বিষয়াই অংশগ্ৰহণ কৰে। ইয়াৰ উপৰিও, উত্তৰ-পূব মণ্ডলৰ এয়াৰপ’ৰ্টছ অথৰিটি এম্প্লয়িজ ইউনিয়ন আৰু ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ মহিলা কল্যাণ সংস্থা 'কল্যাণময়ী'ৰ প্ৰতিনিধিসকলো উপস্থিত আছিল।

অসমৰ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ অন্তৰ্গত মেঘাই জাৰণি গাঁৱৰ বাসিন্দা অংকুশিতা সৰুৰে পৰাই বক্সিঙৰ সৈতে জড়িত। তেওঁ ২০১২ চনত ১২ বছৰ বয়সতে ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপৰ জুনিয়ৰ শাখাত পদক অৰ্জন কৰি এই ক্ৰীড়াত নিজৰ পৰিচয় দাঙি ধৰিবলৈ আৰম্ভ কৰিছিল।

তথ্য অনুসৰি, তেওঁ ইয়াৰ পূৰ্বে ২০১৭ চনত 'আইবা বিশ্ব যুৱ বক্সিং চেম্পিয়নশ্বিপ'ত স্বৰ্ণ পদক অৰ্জন কৰি ভাৰতলৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি কঢ়িয়াই আনিছিল, য’ত তেওঁক প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ বক্সাৰ হিচাপেও নিৰ্বাচিত কৰা হৈছিল।
##bigupdate #newsupdate #assam #internationalboxingchampionship #latestuldate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।