Tuesday, 24 November 2026
লগইন
ব্ৰেকিং

ISROৰ বিজ্ঞানী হিচাপে নিযুক্তি লাভ অসমৰ সত্যজিৎ কামানৰ

ISROলৈ অসমৰ সত্যজিৎ কামান

নিউজ ডেস্ক : অসমবাসীৰ বাবে গৌৰৱ বিষয় । অসমৰ লখিমপুৰ জিলাৰ ২২ বছৰীয়া যুৱক সত্যজিৎ কামানে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ত Scientist/Engineer ‘SC’ হিচাপে নিযুক্তি লাভ কৰিছে। তিৰুৱনন্তপুৰমস্থিত Indian Institute of Space Science and Technology (IIST)ত অনুষ্ঠিত কেম্পাছ নিযুক্তিৰ সাক্ষাৎকাৰৰ জৰিয়তে তেওঁ এই স্থায়ী পদটো লাভ কৰিবলৈ সক্ষম হৈছে। দেওবাৰে, ২২ নৱেম্বৰত তেওঁৰ এই নিৰ্বাচনৰ খবৰ প্ৰকাশ পায়।

সত্যজিৎ কামান লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত বালিচাপৰি গাঁৱৰ বাসিন্দা। ISROৰ বিজ্ঞানী হিচাপে তেওঁৰ এই নিৰ্বাচনে সমগ্ৰ লখিমপুৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁৰ পিতৃ কমল কামান মহুৰা চাপৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক।

গোগামুখত প্ৰাথমিক শিক্ষা আৰম্ভ কৰা সত্যজিতে পৰৱৰ্তী সময়ত উচ্চতৰ মাধ্যমিক শিক্ষা গ্ৰহণৰ বাবে নগাঁৱলৈ যায়। নগাঁৱৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা তেওঁ উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল। বিজ্ঞান শাখাত তেওঁ ৯৫.৬ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱাৰ পাছত ২০২৩ চনত সত্যজিতে তিৰুৱনন্তপুৰমস্থিত Indian Institute of Space Science and Technology (IIST)ত নামভৰ্তি কৰে। প্ৰতিষ্ঠানখনত তেওঁ এৰ'স্পেচ ইঞ্জিনিয়াৰিং (Aerospace Engineering) বিষয়ত Bachelor of Technology (B.Tech) পাঠ্যক্ৰম অধ্যয়ন কৰি আহিছে।

উল্লেখ্য যে, ISROত নিযুক্তি লাভ কৰাৰ পূৰ্বেও ভাৰতীয় মহাকাশ গৱেষণা সংস্থাটোৰ সৈতে সত্যজিতৰ পেছাগত সম্পৰ্ক গঢ়ি উঠিছিল। ২০২৬ চনত স্নাতক পাঠ্যক্ৰমত অধ্যয়ন কৰি থকাৰ সময়তে তেওঁ ISROৰ Spacecraft Mechanisms Groupত গ্ৰীষ্মকালীন ইণ্টাৰ্নশ্বিপ সম্পূৰ্ণ কৰিছিল।

এই ইণ্টাৰ্নশ্বিপৰ জৰিয়তে ISROৰ এটা গুৰুত্বপূৰ্ণ বিভাগত কাম কৰাৰ অভিজ্ঞতা লাভ কৰিছিল সত্যজিতে। পৰৱৰ্তী সময়ত IISTৰ কেম্পাছ নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি তেওঁ স্থায়ী পদৰ বাবে নিৰ্বাচিত হয়।

ISROৰ Scientist/Engineer ‘SC’ হিচাপে নিৰ্বাচিত হোৱাটো সত্যজিতৰ শৈক্ষিক আৰু পেছাগত জীৱনৰ এক গুৰুত্বপূৰ্ণ সফলতা। এৰ'স্পেচ ইঞ্জিনিয়াৰিঙৰ শিক্ষাৰ্থীৰ পৰা দেশৰ আগশাৰীৰ মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানী হিচাপে তেওঁৰ এই যাত্ৰাই নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে।

নিজৰ এই সফলতাৰ বাবে সত্যজিতে পৰিয়াল আৰু শিক্ষকসকলৰ অৱদানক কৃতজ্ঞতাৰে স্মৰণ কৰিছে। লখিমপুৰত লাভ কৰা প্ৰাথমিক শিক্ষাই তেওঁৰ ভৱিষ্যৎ গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলিও তেওঁ উল্লেখ কৰে। লগতে পিতৃ-মাতৃ আৰু শিক্ষকসকলৰ নিৰন্তৰ সহযোগিতা আৰু দিহা-পৰামৰ্শৰ বাবে তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰে।
##assam #bigupdate #newsupdate #ISRO #lakhimpur #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।