নিউজ ডেস্ক : ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকাই সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত দশম ড° অনামিকা ৰায় সোঁৱৰণী বক্তৃতা প্ৰদান কৰিব, য'ত কিংবদন্তি কণ্ঠশিল্পী-সুৰকাৰগৰাকীৰ মানৱতাবাদী দৰ্শন আৰু বিশ্বজনীন মানৱতাবাদৰ ক্ষেত্ৰত ইয়াৰ প্ৰাসংগিকতাৰ ওপৰত আলোকপাত কৰা হ'ব।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পি.ডি. হলত বিয়লি ২ বজাত অনুষ্ঠিত হ’বলগীয়া বক্তৃতাটো “ভাৰতৰ ঐতিহাসিক মানৱতাবাদৰ পৰা বিশ্বজনীন, সাৰ্বজনীন মানৱতাবাদলৈ এক সেতু হিচাপে ভূপেন হাজৰিকা” শীৰ্ষক বিষয়বস্তুৰ ওপৰত প্ৰদান কৰা হ’ব। অনুষ্ঠানটো উদ্বোধন কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই আৰু সভাপতিত্ব কৰিব ড° অনামিকা ৰয় মেম’ৰিয়েল ট্ৰাষ্টৰ অধ্যক্ষ ৰজত বৰণ মহন্তই।
তথ্য অনুসৰি, ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে চলি থকা উদযাপনৰ সৈতে সংগতি ৰাখি এই বিষয়বস্তুটো নিৰ্বাচন কৰা হৈছে। ইয়াত মানৱতাবাদ, সাংস্কৃতিক বহুত্ববাদ আৰু বিশ্ব ভাতৃত্ববোধৰ ক্ষেত্ৰত তেওঁৰ অৱদানসমূহৰ পৰ্যালোচনা কৰাৰ লগতে সমসাময়িক সমাজত তেওঁৰ চিন্তাধাৰাৰ প্ৰাসংগিকতা অন্বেষণ কৰাৰ প্ৰয়াস কৰা হৈছে।
২০২৬ চনৰ এই সংস্কৰণটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে, কাৰণ এইবাৰেই প্ৰথমবাৰৰ বাবে তেজ হাজৰিকাই গুৱাহাটী বিশ্ববিদ্যালয়ত কোনো ৰাজহুৱা বক্তৃতা প্ৰদান কৰিব। তেওঁৰ এই ভাষণে তেওঁৰ পিতৃৰ বৌদ্ধিক ঐতিহ্য, মানৱতাবাদী দৃষ্টিভংগী আৰু ভাৰতৰ সাংস্কৃতিক তথা দাৰ্শনিক পৰম্পৰাক বিশ্বজনীন মানৱতাৰ আদৰ্শৰ সৈতে সংযোগ কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ ওপৰত আলোকপাত কৰিব বুলি আশা কৰা হৈছে।
ড° অনামিকা ৰায় মেম'ৰিয়েল ট্ৰাষ্টে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী ভাষা শিক্ষণ বিভাগ, যোগাযোগ আৰু সাংবাদিকতা বিভাগ, আৰু ড° ভূপেন হাজৰিকা ফাউণ্ডেশ্যনৰ সহযোগত এই বক্তৃতানুষ্ঠানটোৰ আয়োজন কৰা হৈছে।
মাধ্যম শিক্ষা, চিকিৎসা নৈতিকতা, মানৱতাবাদ আৰু সামূহিক যোগাযোগৰ বিষয়ে আলোচনাৰ প্রসাৰ ঘটাবলৈ ২০১৭ চনত এই বাৰ্ষিক স্মাৰক বক্তৃতা শৃংখলাটো আৰম্ভ কৰা হৈছিল। আৰম্ভণিৰে পৰা এই মঞ্চখনে ভাৰত আৰু বিদেশৰ শিক্ষাবিদ, সংবাদ মাধ্যমৰ পেছাদাৰী ব্যক্তি, গৱেষক, জনবুদ্ধিজীৱী আৰু সামাজিক খণ্ডৰ বিশেষজ্ঞসকলক একত্ৰিত কৰি আহিছে।
উল্লেখ্য যে, ২০১৭ চনৰ উদ্বোধনী বক্তৃতাটো ছিংগাপুৰৰ নেচনেল ইউনিভাৰ্চিটিৰ অধ্যাপক মোহন জ্যোতি দত্তই প্ৰদান কৰিছিল। পৰৱৰ্তী সংস্কৰণসমূহত অহাইঅ’ বিশ্ববিদ্যালয়ৰ ড° যতীন শ্ৰীবাস্তৱ, টাউছন বিশ্ববিদ্যালয়ৰ ড° পল্লৱী গুহ, পদ্মশ্ৰী ড° আৰ শ্ৰীধৰ আৰু অধ্যাপক উজ্জ্বল কে চৌধুৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট বক্তাই অংশগ্ৰহণ কৰিছিল।
২০২২ চনত অনুষ্ঠিত হোৱা ষষ্ঠ সংস্কৰণটোত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ সদস্য সচিব অধ্যাপক সচ্চিদানন্দ যোশীয়ে অংশগ্ৰহণ কৰিছিল আৰু তেওঁ “ছ’চিয়েল মিডিয়া কিমান সামাজিক?” শীৰ্ষক বিষয়বস্তুৰ ওপৰত বক্তব্য ৰাখিছিল।
২০২৩ চনৰ বক্তৃতাটো বাংলাদেশৰ প্ৰাক্তন মুখ্য তথ্য আয়ুক্ত গুলাম ৰহমানে অনলাইনযোগে প্ৰদান কৰিছিল। ২০২৪ চনত অষ্টম সংস্কৰণটো কলম্বোস্থিত শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় পুথিভঁৰালত আয়োজন কৰা হৈছিল, য’ত কলম্বো বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰঞ্জন হেট্টিয়াৰাচ্চিয়ে "শান্তিৰ বাবে সংবাদ মাধ্যম: সামাজিক সম্প্ৰীতিত সাংবাদিকতাৰ ভূমিকা অন্বেষণ" শীৰ্ষক বিষয়ত বক্তব্য ৰাখিছিল।
২০২৫ চনৰ নৱম সংস্কৰণত জন স্বাস্থ্য অভিযানৰ ৰাষ্ট্ৰীয় সহ-আহ্বায়ক তথা জনস্বাস্থ্য বিশেষজ্ঞ ডাঃ অভয় শুক্লাই অংশগ্ৰহণ কৰিছিল।
২০১৫ চনত প্ৰতিষ্ঠিত গুৱাহাটীস্থিত ড° অনামিকা ৰয় মেম’ৰিয়েল ট্ৰাষ্ট হৈছে নীতি আয়োগৰ (NITI Aayog) দ্বাৰা পঞ্জীয়নভুক্ত এক শৈক্ষিক আৰু গৱেষণামূলক অলাভজনক সংস্থা। এই ট্ৰাষ্টে ৰোগীৰ অধিকাৰ আৰু দায়িত্ব সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত কাম কৰে আৰু ভাৰতীয় সংবিধানৰ অধীনত 'স্বাস্থ্যৰ অধিকাৰ'ক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়াৰ বাবে পোষকতা কৰে।
বাৰ্ষিক বক্তৃতা শৃংখলা আৰু অন্যান্য পদক্ষেপসমূহৰ জৰিয়তে ট্ৰাষ্টে সমসাময়িক সামাজিকভাৱে প্রাসংগিক বিষয়সমূহৰ ওপৰত আন্তঃবিষয়ক আলোচনা আৰু ৰাজহুৱা অংশগ্ৰহণ সুগম কৰিবলৈ চেষ্টা কৰে।
শেহতীয়াকৈ ভূপেন হাজৰিকাৰ মানৱতাবাদী আদৰ্শৰ চিৰন্তন প্ৰাসংগিকতা তথা ভৌগোলিক আৰু সাংস্কৃতিক সীমাৰ পৰিধি ভাঙি ইয়াৰ যি প্ৰভাৱ বিস্তাৰিত হৈছে, সেই বিষয়ে আলোচনা কৰিবলৈ এই দশম সংস্কৰণটোৱে শৈক্ষিক সমাজৰ সদস্য, ছাত্ৰ-ছাত্ৰী, গৱেষক, সংবাদ মাধ্যমৰ পেছাদাৰী ব্যক্তি আৰু সাধাৰণ ৰাইজক একত্ৰিত কৰিব বুলি আশা কৰা হৈছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।