নিউজ ডেস্ক : হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ৰেঞ্জ ৰোভাৰ গাড়ী বিক্ৰীক লৈ সৃষ্টি হোৱা চৰ্চাৰ মাজতে এইবাৰ সৰৱ হৈ পৰিছে পামী বৰঠাকুৰে । বিশেষকৈ ৰেঞ্জ ৰোভাৰ বিক্ৰী কৰাক লৈ একাংশই সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰক সমালোচনা কৰা দেখা পোৱা গৈছিল । যাৰ বাবে সৰৱ হৈ পৰিল পামী বৰঠাকুৰ ।
সেয়ে সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গক যি ধৰণে আক্ৰমণ কৰা হৈছে, সেই কথাই তেওঁক যথেষ্ট বেয়া পাইছে বুলি উল্লেখ কৰি বৰঠাকুৰে কয়,”গাড়ীখন কি পৰিস্থিতিত বিক্ৰী কৰিবলগীয়া হ’ল, সেই বিষয়ে প্ৰথমে গৰিমাক সুধিব পাৰিলেহেঁতেন । গৰিমা বৌয়ে সকলো প্ৰশ্নৰ উত্তৰ দিব পাৰিলেহেঁতেন । কিন্তু সেই সুযোগ নিদিয়াকৈ সামাজিক মাধ্যমত এইদৰে প্ৰচাৰ চলোৱাটো উচিত হোৱা নাই।”
তেওঁ লগতে কয়, ‘‘দাদা নোহোৱা হোৱা এটা বছৰ পাৰ হ'ল, বৌয়ে সকলোখিনি মেনেজ কৰি আছে । সামাজিক মাধ্যমত কাৰোবাৰ ব্যক্তিগত তথ্য ৰাজহুৱা কৰি আক্ৰমণ কৰা গ্ৰহণযোগ্য নহয় । সকলো পক্ষলৈ মোৰ সকিয়নী, সীমা চেৰাই নাযাব ।”
ইফালে সামাজিক মাধ্যমত বিষয়টো প্ৰথমে প্ৰচাৰ কৰা বুলি উল্লেখ কৰা দুলু আহমেদ আৰু শিখা শৰ্মাকো প্ৰত্যুত্তৰ দিয়ে পামী বৰঠাকুৰে কয়,”তেওঁলোক কোন ? জুবিন গাৰ্গ জীয়াই থকা সময়ত তেওঁলোকে কি কৰিছিল ? সেয়া সকলোৱে জানে । তেওঁলোক আমাৰ পৰিয়ালৰ লগত কোনো সম্পৰ্ক নাই বা যোগাযোগ নাই । তেওঁলোকে নিজকে কি বুলি ভাবিছে ।”
ইফালে সামাজিক মাধ্যমৰ জৰিয়তে এসমৰ জুবিন গাৰ্গৰ ঘণিষ্ঠ বন্ধু শিল্পী পবিত্ৰ ৰাভাই কয়,”জুবিন গাৰ্গৰ প্ৰিয় বাহনখন বিক্ৰী কৰা হৈছে যদিও সেই বাহনখন ঘূৰাই অনা হ’ব আৰু জুবিন ক্ষেত্ৰত সংৰক্ষণ কৰা হ’ব ।”
এই সিদ্ধাৰ আঁৰত কেৱল পবিত্ৰ ৰাভাই নহয়, জুবিন গাৰ্গৰ আন তিনিজন ঘনিষ্ঠ বন্ধু ক্ৰমে মানস ভাগৱতী, সৌমিক দত্ত, বংকিম ৰায় মেধিয়ে এই সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে ।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।