নিউজ ডেস্ক : “বাদ দিয়া হে.. বুলি হাঁহি এটা মাৰি সাংবাদিকক এফালৰ পৰা উত্তৰ দিয়া অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আজি ষষ্ঠ মৃত্যুবাৰ্ষিকী । এই উপলক্ষে তেওঁৰ পুত্ৰ গৌৰৱ গগৈ আৰু ভাৰতীয় ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা (NSUI), অসমকে ধৰি কংগ্ৰেছৰ নেতা আৰু সংগঠনসমূহে জ্যেষ্ঠ কংগ্ৰেছ নেতাজনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু ৰাজ্যখনলৈ তেওঁ আগবঢ়োৱা অৱদানসমূহ স্মৰণ কৰে।
কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে সামাজিক মাধ্যমত এটা আৱেগিক পোষ্টৰ জৰিয়তে নিজৰ পিতৃক স্মৰণ কৰি উল্লেখ কৰে যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি অসমৰ সৰ্বস্তৰৰ ৰাইজৰ মৰম আজিও অটুট আছে।
পিতৃৰ ব্যক্তিত্ব আৰু ৰাজনৈতিক দৃষ্টিভংগীৰ কথা সুঁৱৰি গৌৰৱে লিখে,"অসমৰ ডেকা-বুঢ়া সকলো শ্ৰেণীৰ মানুহে আপোনাক আজিও ভাল পায়। তেওঁলোকে আপোনাৰ হাঁহি, আপোনাৰ স্পষ্টবাদিতা, আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আৰু আপোনাৰ গাম্ভীৰ্যপূৰ্ণ উপস্থিতিৰ অভাৱ অনুভৱ কৰে। মৰম আৰু দয়াৰে ৰাইজৰ সেৱা কৰাৰ মাধ্যম হিচাপে আপুনি ৰাজনীতিক যি গুৰুত্ব দিছিল, সেয়া মই প্ৰতিদিনে মনত পেলাওঁ।"
তৰুণ গগৈয়ে ২০০১ চনৰ পৰা ২০১৬ চনলৈকে একেৰাহে তিনিটা কাৰ্যকাল সম্পূৰ্ণ কৰি অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ ১৫ বছৰীয়া কাৰ্যকাল ৰাজ্যখনত শান্তি আৰু সুস্থিৰতা ঘূৰাই অনা তথা উন্নয়ন আগুৱাই নিয়াৰ প্ৰচেষ্টাৰ সৈতে জড়িত আছিল।
উল্লেখযোগ্য যে ক’ভিড-১৯ সময়ত অসুস্থ হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত (GMCH) চিকিৎসাধীন হৈ থকা অৱস্থাত ২৩ নৱেম্বৰত গগৈৰ দেহাৱসান ঘটিছিল।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।