জিলা দণ্ডাধীশ মধুমিতা ভাগৱতী, ACS-এ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (BNSS), ২০২৩-ৰ ১৬৩ ধাৰাৰ অধীনত এক নিষেধাজ্ঞা জাৰি কৰিছে, যাৰ জৰিয়তে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ যান-বাহন আইন উলংঘনৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
এই নিৰ্দেশনা অনুসৰি, হেলমেট পৰিধান নকৰা দুচকীয়া বাহনৰ চালক আৰু আৰোহী (পিছফালে বহা যাত্ৰী), লগতে ছীটবেল্ট পৰিধান নকৰা ব্যক্তিগত আৰু বাণিজ্যিক বাহনৰ চালকক পেট্ৰ'ল পাম্প আৰু ফিলিং ষ্টেচনসমূহে ইন্ধন যোগান ধৰিব নোৱাৰিব। তদুপৰি, বিপৰীত দিশেৰে পেট্ৰ'ল পাম্পৰ চৌহদত প্ৰৱেশ কৰা বাহনসমূহকো ইন্ধন দিয়া নহ'ব।
তথ্য অনুসৰি, পেট্ৰ’ল পাম্পৰ মালিকসকলক ১০ দিনৰ ভিতৰত DVR সুবিধাসহ CCTV কেমেৰা স্থাপন কৰিবলৈ, অসমীয়া, ইংৰাজী আৰু হিন্দী ভাষাত সতৰ্কতামূলক ছাইনব’ৰ্ড প্ৰদৰ্শন কৰিবলৈ, নিয়ম ভংগকাৰীসকলৰ তথ্য নথিভুক্ত কৰি ৰাখিবলৈ আৰু দৈনিক স্থানীয় আৰক্ষীক অৱগত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
আৰক্ষী আৰু জিলা পৰিবহণ কাৰ্যালয়ৰ দ্বাৰা যৌথভাৱে নাকা তালাচী তীব্ৰতৰ কৰাৰো নিৰ্দেশনা জাৰি কৰা হৈছে, যাতে বৈধ অনুজ্ঞাপত্ৰ অবিহনে চলাচল কৰা বাহন, অতিৰিক্ত বোজা কঢ়িওৱা , অননুমোদিত সালসলনি (unauthorised modifications), সুৰাপান কৰি গাড়ী চলোৱা আৰু অনাদায় হৈ থকা ট্ৰেফিক চালানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়। ইয়াৰ উপৰিও নিয়মিতভাৱে ব্ৰেথএনালাইজাৰ পৰীক্ষা আৰু নথিপত্ৰ পৰীক্ষণৰ বাবেও নিৰ্দেশ দিয়া হৈছে।
বিভাগীয় মুৰব্বী আৰু শিক্ষানুষ্ঠানসমূহক দুচকীয়া বাহনেৰে যাতায়াত কৰা কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত হেলমেটৰ নিয়ম পালন নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ উপৰিও, হেলমেটৰ নিয়ম নমনা লোকসকলক প্ৰতিষ্ঠানত প্ৰৱেশত বাধা দিবলৈও নিৰ্দেশনা জাৰি কৰা হৈছে।
পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত এই আদেশ বলৱৎ থাকিব। জৰুৰীকালীন সেৱাৰ বাহন আৰু প্ৰমাণিত চিকিৎসা জৰুৰীকালীন অৱস্থাক ইয়াৰ পৰা ৰেহাই দিয়া হৈছে, আনহাতে এই আদেশ উলংঘা কৰিলে প্ৰযোজ্য আইনৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।