নিউজ ডেস্ক : সংগীত জগতৰ মহীৰূহ জুবিন গাৰ্গৰ ভগ্নী ডাঃ পাল্মী বৰঠাকুৰে গায়কগৰাকীৰ ৰেঞ্জ ৰ’ভাৰ ভেলাৰ বাহন বিক্ৰীক লৈ চলি থকা বিতৰ্কৰ মাজতে ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত ঘোষণা কৰিছে। লগতে পূৰ্বে কৰা মন্তব্যৰ বাবে জুবিন গাৰ্গৰ অনুৰাগীসকলৰ ওচৰত তেওঁ ক্ষমা বিচাৰিছে। শোক আৰু তীব্ৰ আৱেগৰ মুহূৰ্তত সেই মন্তব্যসমূহ কৰা হৈছিল বুলি উল্লেখ কৰে পাল্মী বৰঠাকুৰে।
শেহতীয়াকৈ ফেচবুকত দিয়া এটা পোষ্টৰ জৰিয়তে পাল্মী বৰঠাকুৰে তেওঁৰ কথাই যদি গায়কগৰাকীৰ অনুৰাগীসকলৰ আৱেগত আঘাত কৰিছে, তাৰ বাবে দুখ প্ৰকাশ কৰে। জুবিন গাৰ্গৰ অনুৰাগীসকলে তেওঁ আৰু তেওঁৰ পৰিয়ালৰ প্ৰতি দেখুওৱা মৰম আৰু সন্মানৰ কথাও তেওঁ স্বীকাৰ কৰে। লগতে বহু অনুৰাগীয়ে তেওঁলোকক নিজৰ পৰিয়ালৰ সদস্যৰ দৰেই আঁকোৱালি লোৱা বুলিও উল্লেখ কৰে।
তেওঁৰ পূৰ্বৰ বক্তব্য ভুলকৈ বুজি পোৱা লোকসকলক উদ্দেশ্যি পাল্মী বৰঠাকুৰে কয় যে কাকো আঘাত দিয়াৰ কোনো উদ্দেশ্য তেওঁৰ নাছিল। অৱশ্যে, ভাতৃ জুবিন গাৰ্গক কেন্দ্ৰ কৰি চলি থকা বৃহত্তৰ বিষয়সমূহৰ সন্দৰ্ভত তেওঁৰ স্থিতি এতিয়াও অপৰিৱৰ্তিত হৈ আছে বুলি জুবিনৰ ভগ্নীয়ে স্পষ্ট কৰে ।
তথ্য অনুসৰি, পাল্মী বৰঠাকুৰে কয় যে , আৰম্ভণিতে তেওঁ জুবিনৰ হৈ মাত মাতিবলৈ আৰু ভাতৃৰ পক্ষত থিয় দিবলৈকে ছ’চিয়েল মিডিয়াৰ আশ্ৰয় লৈছিল। কিন্তু এতিয়া তেওঁ উপলব্ধি কৰিছে যে ছ’চিয়েল মিডিয়াত ক্ৰমাৎ বৃদ্ধি পোৱা বিষাক্ত পৰিৱেশে অধিক গুৰুত্বপূৰ্ণ প্ৰচেষ্টাসমূহৰ পৰা দৃষ্টি আঁতৰাই নিব পাৰে।
উল্লেখ্য যে, জুবিন গাৰ্গৰ বাবে কৰিবলগীয়া বহুতো গুৰুত্বপূৰ্ণ কাম আছে। আমি আমাৰ সময়খিনি অৰ্থপূৰ্ণ কামত ব্যৱহাৰ কৰা উচিত”, বুলি পাল্মীয়ে মন্তব্য কৰে। লগতে ভাতৃৰ ন্যায় বিচাৰি তেওঁ আগলৈও মাত মাতি যাব বুলি পুনৰ স্পষ্ট কৰি দিয়ে পাল্মী বৰঠাকুৰে।
ছ’চিয়েল মিডিয়াৰ পৰা সাময়িকভাৱে আঁতৰি থকাৰ সিদ্ধান্ত ঘোষণা কৰি তেওঁ লিখে, “সেয়েহে, এই মুহূৰ্তৰ পৰা মই ছ’চিয়েল মিডিয়াৰ পৰা বিদায় লৈছোঁ।”
শেহতীয়াকৈ ভগৱদ্গীতাৰ দ্বিতীয় অধ্যায়ৰ ৪১ নম্বৰ শ্লোকৰ উল্লেখেৰে তেওঁ নিজৰ পোষ্টটোৰ সামৰণি মাৰে। উক্ত শ্লোকটোত পৰস্পৰবিৰোধী চিন্তা আৰু বাহ্যিক হুলস্থূলৰ দ্বাৰা বিচলিত নহৈ একাগ্ৰ আৰু দৃঢ় মনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হৈছে।
জুবিন গাৰ্গৰ AS01-GA-9999 পঞ্জীয়ন নম্বৰৰ ৰেঞ্জ ৰ’ভাৰ ভেলাৰ বাহনখন বিক্ৰী হোৱা বুলি প্ৰকাশ পোৱা খবৰে বিতৰ্কৰ সৃষ্টি কৰি থকাৰ মাজতে পাল্মী বৰঠাকুৰে এই ঘোষণা কৰিছে। খবৰ অনুসৰি, গুৱাহাটীৰ বাসিন্দা সোণমণি দাসে ক্ৰয় কৰিছে বাহনখন। এই ঘটনাক লৈ প্ৰয়াত শিল্পীগৰাকীৰ অনুৰাগী আৰু গুণমুগ্ধসকলৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
ইয়াৰ পূৰ্বেও এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল পাল্মী বৰঠাকুৰে। পৰিয়ালটোৰ ব্যক্তিগত বিষয়সমূহক লৈ ৰাজহুৱাভাৱে চলি থকা আলোচনাক লৈ প্ৰশ্ন উত্থাপন কৰাৰ লগতে ব্যক্তিগত কথাবোৰ ৰাজহুৱা কৰা কাৰ্যত তেওঁ আপত্তি দৰ্শাইছিল।
বাহনখন বিক্ৰী হোৱাৰ পাছৰে পৰা ছ’চিয়েল মিডিয়াত বিষয়টোক লৈ ব্যাপক চৰ্চা চলিছে। জুবিন গাৰ্গৰ ব্যক্তিগত সামগ্ৰীসমূহৰ ব্যৱস্থাপনাক লৈ অনুৰাগীসকলৰ মাজত মতানৈক্য দেখা গৈছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।