Saturday, 21 November 2026
লগইন
ব্ৰেকিং

iPhonesৰ উৎপাদন কেন্দ্ৰত অঘটন, তিনিজন শ্ৰমিকৰ মৃত্যু

iPhonesৰ উৎপাদন কেন্দ্ৰত অঘটন

নিউজ ডেস্ক : তামিলনাডুত অৱস্থিত Apple iPhonesৰ ভিন্ন অংশ উৎপাদন কৰা টাটা ইলেক্ট্ৰনিক্সৰ এটা কাৰখানাত তিনিজন ঠিকাভিত্তিক শ্ৰমিকৰ মৃত্যু হৈছে । চীনৰ বাহিৰত মাৰ্কিন প্ৰযুক্তি প্ৰতিষ্ঠানটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎপাদন কেন্দ্ৰটোৰ যোগান শৃংখলাৰ সৈতে জড়িত এয়া শেহতীয়া ঘটনা।
সোমবাৰে নিশাৰ ভাগত কৃষ্ণগিৰি জিলাৰ হোচুৰস্থিত এটা কাৰখানাত এই মৃত্যুৰ ঘটনা সংঘটিত হয়। জিলাখনৰ জ্যেষ্ঠ বিষয়া দিনেশ কুমাৰে জনোৱা মতে, হোচুৰৰ এটা চৌহদত থকা বৰ্জিত পানী শোধন প্ৰকল্প (ETP) পৰিষ্কাৰ কৰিবলৈ নিযুক্তি দিয়া এটা দলৰ মাজত এই শ্ৰমিককেইজন আছিল।

কুমাৰে কয় যে বাহিৰৰ এটা নেনো-ফিল্ট্ৰেচন টেংক (nano-filtration tank) পৰীক্ষা কৰি থকাৰ সময়ত গেছ সেৱন কৰাৰ ফলতেই শ্ৰমিককেইজনৰ মৃত্যু হয় । টি এন আই ইএ (TNIE) কুমাৰৰ উদ্ধৃতি দি প্ৰকাশ কৰা অনুসৰি, তিনিওজন শ্ৰমিকক এখন ব্যক্তিগত চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে তেওঁলোকক মৃত বুলি ঘোষণা কৰে।

নিমখৰ পৰা বিমান সেৱালৈকে ব্যৱসায় থকা টাটা গ্ৰুপৰ ইলেক্ট্ৰনিক্স শাখাটোৱে ভাৰতত প্ৰায় ৪০ শতাংশ আইফোন assembly কৰে আৰু বাকী অংশ ফক্সকনে (Foxconn) সম্পন্ন কৰে। শেহতীয়া মাহবোৰত টাটাৰ আইফোন নিৰ্মাণ কাৰ্যত ৰেঞ্চমৱেৰ আক্ৰমণ (ransomware attack) আৰু জল প্ৰদূষণ সম্পৰ্কীয় উদ্বেগকে ধৰি বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে।

##bigupdate #newsupdate #iphone #tataelectronics #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।