Saturday, 07 November 2026
লগইন
ব্ৰেকিং

নিউজিলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন খেলক লৈ BCCI ৰ বৃহৎ ঘোষণা

খেলৰ পৰা বাহিৰ ঈশান কিষাণ!

নিউজ ডেস্ক : নিউজিলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন T20 মেচৰ পৰা বাদ পৰিল ঈশান কিষাণ। প্ৰথমখন মেচত ফিল্ডিং কৰি থকাৰ সময়তে তেওঁৰ সোঁফালৰ কুঁচিৰ পেশীত টান পৰিছিল। আঘাত গুৰুতৰ নহয় যদিও ভাৰতীয় দলৰ চিকিৎসকসকলে কোনো বিপদাশংকা ল’ব বিচৰা নাই। চমুকৈঃ তেওঁলোকে উইকেটৰক্ষক-বেটাৰজনক পৰ্যবেক্ষণত ৰখাৰ সিদ্ধান্ত লৈছে।

ভাৰতীয় দলৰ বেটিং প্ৰশিক্ষক সীতাক্ষু কোটাকে ঈশানৰ আঘাতৰ খবৰ নিশ্চিত কৰে। পিছত ভাৰতীয় ক্ৰিকেট ব'ৰ্ডেও (বিচিচিআই) সদৰী কৰে যে, নিউজিলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন T20 মেচত ঈশানে খেলিব নোৱাৰিব। আঘাতৰ বাবেই প্ৰথমখন মেচত ভাৰতীয় দলৰ বেটিং ক্ৰমত পৰিৱৰ্তন কৰিবলগীয়া হৈছিল। ঈশানে সাধাৰণতে বেটিং কৰা তিনি নম্বৰ স্থানৰ সলনি পাঁচ নম্বৰত খেলিবলৈ নামিছিল, কিন্তু তেওঁ সফল হ’ব নোৱাৰিলে। শনিবাৰৰ খেলখনত তেওঁৰ পৰিৱৰ্তে ভাৰতৰ প্ৰথম একাদশত কোনে স্থান পাব, সেইয়া এতিয়াও ঠিক হোৱা নাই। খেলৰ দিনা পুৱাহে প্ৰশিক্ষক গৌতম গম্ভীৰে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’ব। অৱশ্যে, বৈভৱ সূৰ্যবংশীয়ে এই সুযোগ পোৱাৰ সম্ভাৱনা আছে।

তথ্য অনুসৰি, কোটাকে দ্বিতীয়খন মেচতো বেটিং অৰ্ডাৰ সলনি কৰাৰ ইংগিত প্ৰদান কৰিছে। কাৰণ ঈশানে গুৰুত্বপূৰ্ণ তিনি নম্বৰ স্থানত বেটিং কৰে। অ’পেনাৰসকল ব্যৰ্থ হ’লে তেওঁ আক্ৰমণাত্মক বেটিং কৰি পৰিস্থিতি নিয়ন্ত্ৰিত কৰিব পাৰে। গতিকে ভাৰতীয় শিবিৰ অলপ চিন্তিত। তিনি নম্বৰ স্থানত ঈশানৰ উপযুক্ত বিকল্প কোন হ’ব পাৰে, তাক লৈ আলোচনা চলি আছে।
##bigupdate #newsupdate #sportsnews #t20match #ishankishan #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।