নিউজ ডেস্ক : শুক্ৰবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বিতৰ্কিত ইছলামিক ধৰ্মপ্ৰচাৰক জাকিৰ নাইকৰ 'ইছলামিক ৰিছাৰ্চ ফাউণ্ডেশ্যন'ৰ (IRF) ওপৰত থকা নিষেধাজ্ঞা পুনৰ পাঁচ বছৰৰ বাবে বৃদ্ধি কৰে। দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা কাৰ্যকলাপত লিপ্ত হোৱা আৰু শান্তি তথা সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰাৰ সম্ভাৱনা থকাৰ কথা উল্লেখ কৰি মন্ত্ৰালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে।
মন্ত্ৰালয়ে বেআইনী কাৰ্যকলাপ আইন, ১৯৬৭ ৰ ৩ নং ধাৰাৰ (১) উপ-ধাৰাৰ দ্বাৰা প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি আই আৰ এফ (IRF)-ক এটা বেআইনী সংগঠন হিচাপে ঘোষণা কৰিছিল, যাক বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) ন্যায়াধিকৰণে বাহাল ৰাখিছিল বুলি এক ৰাজপত্ৰিত অধিসূচনাত প্ৰকাশ কৰে। পূৰ্বৰ নিষেধাজ্ঞাটো ১৪ নৱেম্বৰত অন্ত পৰিব লাগিছিল।
কেন্দ্ৰীয় চৰকাৰৰ মত অনুসৰি, IRF আৰু ইয়াৰ সদস্যসকলে, বিশেষকৈ আই আৰ এফৰ প্ৰতিষ্ঠাপক তথা সভাপতি ডাঃ জাকিৰ আব্দুল কৰিম নায়ক ওৰফে ডাঃ জাকিৰ নায়কে তেওঁৰ অনুগামীসকলক ধৰ্মৰ ভিত্তিত বিভিন্ন ধৰ্মীয় সম্প্ৰদায় আৰু গোটৰ মাজত অশান্তি, শত্ৰুতা, ঘৃণা বা বিদ্বেষৰ ভাব বিয়পাবলৈ বা বিয়পোৱাৰ চেষ্টা কৰিবলৈ উৎসাহিত আৰু সহায় কৰি আহিছে, যিটো দেশৰ অখণ্ডতা আৰু নিৰাপত্তাৰ বাবে ক্ষতিকাৰক" বুলি ইয়াত উল্লেখ কৰা হৈছে।
তথ্য অনুসৰি, নাইকে দিয়া বিবৃতি আৰু ভাষণসমূহ আপত্তিজনক আৰু ধ্বংসাত্মক আৰু তেওঁ বিভিন্ন ধৰ্মীয় গোটৰ মাজত শত্ৰুতা আৰু ঘৃণা বিয়পাই আহিছে লগতে ভাৰত আৰু বিদেশত এটা নিৰ্দিষ্ট ধৰ্মৰ যুৱক-যুৱতীসকলক সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰিবলৈ অনুপ্ৰাণিত কৰি আহিছে বুলি ইয়াত কোৱা হৈছে।
উল্লেখ্য যে, নাইকে আন্তঃৰাষ্ট্ৰীয় চেটেলাইট টিভি নেটৱৰ্ক, ইণ্টাৰনেট, ছপা মাধ্যম আৰু ছ’চিয়েল মিডিয়াৰ জৰিয়তে বিশ্বৰ লাখ লাখ লোকৰ আগত উগ্ৰ বক্তব্য আৰু ভাষণ প্ৰদান কৰিছিল বুলি ইয়াত কোৱা হৈছে।
যদি IRF ৰ বেআইনী কাৰ্যকলাপসমূহ তৎক্ষণাত নিয়ন্ত্ৰণ আৰু দমন কৰা নহয়, তেন্তে ই নিজৰ ধ্বংসাত্মক কাৰ্যকলাপ অব্যাহত ৰাখিব আৰু এতিয়াও পলাতক হৈ থকা ইয়াৰ কৰ্মীসকলক পুনৰ সংগঠিত কৰিব, সাম্প্ৰদায়িক অশান্তিৰ সৃষ্টি কৰি জনসাধাৰণৰ মন বিষাক্ত কৰাৰ লগতে দেশৰ ধৰ্মনিৰপেক্ষ গাঁথনি বিনষ্ট কৰিব আৰু ৰাষ্ট্ৰবিৰোধী মনোভাৱ প্ৰচাৰ কৰিব" ইয়াত উল্লেখ কৰা হৈছে।
মন্ত্ৰালয়ে কয় যে, সংগঠনটোৱে উগ্ৰপন্থীক সমৰ্থন কৰি বিচ্ছিন্নতাবাদ বৃদ্ধি কৰিব আৰু দেশৰ সাৰ্বভৌমত্ব, অখণ্ডতা তথা নিৰাপত্তাৰ প্ৰতি ক্ষতিকাৰক কাৰ্যকলাপত লিপ্ত হ'ব।
লগতে উপৰোক্ত কাৰণসমূহৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এই মত যে IRF ৰ কাৰ্যকলাপৰ প্ৰতি লক্ষ্য ৰাখি আইআৰএফক তৎক্ষণাত কাৰ্যকৰী হোৱাকৈ এটা বেআইনী সংস্থা হিচাপে ঘোষণা কৰাটো প্ৰয়োজনীয় বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে ।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।