Thursday, 05 November 2026
লগইন
ব্ৰেকিং

যন্তৰ মন্তৰ কাৰ, ২০১৮ চনত উচ্চতম ন্যায়ালয়ে কি কৈছিল যন্তৰ মন্তৰৰ সন্দৰ্ভত?

যন্তৰ মন্তৰ কাৰ ?

নিউজ ডেস্ক: দিল্লী যন্তৰ মন্তৰক প্ৰতিবাদৰ বাবে নিৰ্ধাৰিত স্থান হিচাপে চৰকাৰে বাতিল কৰিছিল । বিপৰীতে দিল্লীৰ তিনিখন নতুন স্থান ৰামলীলা ময়দান, বুৰাৰী খেলপথাৰ আৰু চিবিডি প্ৰতিবাদ/বিক্ষোভ প্ৰদৰ্শনৰ বাবে স্থান নিৰ্ধাৰণ কৰি দিছিল ।

চৰকাৰে সিদ্ধান্তৰ বিৰোধিতাৰে দাখিল কৰা আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে তাতপৰ্যপূৰ্ণ মন্তব্য কৰে । আঠ বছৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে 'মজদুৰ কিষাণ শক্তি সংগঠন বনাম ভাৰত চৰকাৰ (২০১৮)' গোচৰত ৰায় দিছিল যে কেন্দ্ৰীয় দিল্লীত প্ৰতিবাদৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিব নোৱাৰি ।
লগতে ন্যায়ালয়ে এইটো উল্লেখ কৰিছিল যে এক "ঘন জনবসতিপূৰ্ণ অঞ্চল"ত অৱস্থিত ৰামলীলা ময়দানে প্ৰতিবাদৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ সক্ষম নহ’বও পাৰে । উক্ত গোচৰটোত, যন্তৰ মন্তৰক যিকোনো ৰাজহুৱা সভা, ধৰ্ণা বা শান্তিপূৰ্ণ প্ৰতিবাদৰ বাবে কাৰ্যত এক নিষিদ্ধ এলেকা হিচাপে ঘোষণা কৰি ক্ৰিমিনেল প্ৰচিডিউৰ ক’ড (CrPC) ৰ ১৪৪ ধাৰাৰ "স্বেচ্ছাচাৰী আৰু বাৰে বাৰে প্ৰয়োগ"ক প্ৰত্যাহ্বান জনাইছিল মজদুৰ কিষাণ শক্তি সংগঠনে ।

ন্যায়ালয়ে তেতিয়া কৈছিল যে, যন্তৰ মন্তৰ ৰোডত সকলো ধৰণৰ ধৰ্ণা, প্ৰতিবাদ, আন্দোলন, মানুহৰ সমাৱেশ, ৰাজহুৱা ভাষণ, লাউড স্পীকাৰৰ ব্যৱহাৰ আদি তৎকালীনভাৱে বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল । 

প্ৰতিবাদ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাটো সমাধান নহয়: ২০১৮ চনত উচ্চতম ন্যায়ালয়

NGT-এ প্ৰদান কৰা নিৰ্দেশ পৰীক্ষা কৰাৰ সময়ত, ন্যায়াধীশ এ কে চিক্ৰী আৰু ন্যায়াধীশ অশোক ভূষণৰ বিচাৰপীঠে ২০১৮ চনৰ ৰায়দানত প্ৰতিবাদৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞাক অপছন্দ কৰিছিল আৰু এক ভাৰসাম্যপূৰ্ণ দৃষ্টিভংগীৰ পোষকতা কৰিছিল।

উচ্চতম ন্যায়ালয়ে কৈছিল, "NGT-ৰ সমুখত পক্ষসমূহৰ দ্বাৰা গ্ৰহণ কৰা এই ধৰণৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ দৃষ্টিভংগীৰ বাবে, NGT-এ মাটিৰ বাস্তৱতা আৰু এনে প্ৰদৰ্শনৰ বাবে বাসিন্দাসকলে সন্মুখীন হোৱা শোচনীয় পৰিস্থিতিক গুৰুত্ব দিছিল।
##bigupdate #newsupdate #jantarmantar #delhi #supremecourt #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।