Saturday, 21 November 2026
লগইন

বিপদত এনভিডিয়াৰ মুৰব্বীৰ জেনছন হুৱাং, পদৰ পৰা অপসাৰণ কৰিব জেনছনক

অপসাৰণ কৰিব জেনছন হুৱাঙক

নিউজ ডেস্ক : চীনৰ চোৰাংচোৱাৰ এজেন্ট আছিলে নেকি এনভিডিয়াৰ চি ই অ’ জেনচেন হুৱাঙৰ প্ৰেমিকা এলিছ হুৱাং । যিহেতু এনভিডিয়াৰ পৰিচালনা মণ্ডলীয়ে কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) জেনচেন হুৱাঙক পদৰ পৰা অপসাৰণ কৰাৰ বাবে প্ৰস্তুতি চলাইছে বুলি আমেৰিকাৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে ।

উল্লেখ্য যে, চীনৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত অভিযুক্ত এগৰাকী মহিলাৰ সৈতে সম্পৰ্ক থকাৰ তথ্য ফাদিল হোৱাৰ পাছত এই চিপ নিৰ্মাতা কোম্পানীটোৰ মুৰব্বীগৰাকী এতিয়া বিবাহ বহিৰ্ভূত সম্পৰ্কৰ নতুন অভিযোগৰ সন্মুখীন হৈছে।

দি 'ৱাল ষ্ট্ৰীট জাৰ্নেলে' প্ৰকাশ কৰা অনুসৰি, হুৱাঙৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিবলৈ প্ৰযুক্তি কোম্পানীটোৰ পৰিচালনা মণ্ডলীয়ে বুধবাৰে এখন বৈঠকত মিলিত হোৱাৰ প্ৰস্তুতি চলাইছিল। এখন আন্তঃৰাষ্ট্ৰীয় বাতৰি কাকতে বুধবাৰে (১১ নৱেম্বৰ, ২০২৬) প্ৰকাশ কৰিছে যে মিষ্টাৰ হুৱাং বিবাহ বহিৰ্ভূত সম্পৰ্কতো জড়িত আছিল।

 বাতৰিটোত কোৱা হৈছে যে ৬৩ বছৰীয়া কাৰ্যবাহী বিষয়াগৰাকীয়ে এনভিডিয়াৰ স্বাস্থ্যসেৱা বিভাগৰ উপ-সভানেত্ৰী কিম্বাৰ্লি পাৱেলৰ সৈতে অন্তৰংগ মুহূৰ্ত কটোৱাৰ ভিডিঅ' প্ৰমাণ পোৱা গৈছে । ৪৮ বছৰীয়া মিছ পাৱেল উচ্চ শিক্ষা আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত এনভিডিয়াৰ চিপ প্ৰযুক্তি সম্প্ৰসাৰণৰ প্ৰচেষ্টাৰ এগৰাকী আগশাৰীৰ মুখপাত্ৰ হিচাপে পৰিচিত। 

'টাইমছ'ৰ প্ৰতিবেদন অনুসৰি, কেলিফৰ্ণিয়াৰ ছান জোছত অনুষ্ঠিত এখন সন্মিলনত অংশগ্ৰহণ কৰিবলৈ যাওঁতে হোটেলত উপস্থিত থকা লোকসকলে দুয়োকে অন্তৰংগ অৱস্থাত প্ৰত্যক্ষ কৰিছিল । ছিংগাপুৰস্থিত ডাটা চেণ্টাৰ কোম্পানী 'মেগাস্পীড'ৰ জ্যেষ্ঠ কাৰ্যবাহী বিষয়া এলিছ হুৱাঙৰ সৈতে থকা সম্পৰ্কৰ কথা মিষ্টাৰ হুৱাঙে স্বীকাৰ কৰাৰ পাছতেই এই দ্বিতীয়টো সম্পৰ্কৰ খবৰ পোহৰলৈ আহে।

এনভিডিয়াৰ পৰিচালনা মণ্ডলীয়ে এক বিবৃতিত কয় যে, "প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া জেনচেন হুৱাং বিদেশী চোৰাংচোৱা সংস্থাৰ লক্ষ্য হৈ পৰিছে । সেয়ে এক স্বতন্ত্ৰ তদন্ত আৰম্ভ কৰিছে।”
##bigupdate #newsupdate #internationalnews #jensenhuang #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।