নিউজ ডেস্ক : বিশ্বৰ আগশাৰীৰ প্ৰযুক্তি প্ৰতিষ্ঠান এনভিডিয়া (Nvidia)ৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) হিচাপে পুনৰ দায়িত্ব লাভ কৰিছে জেনছেন হুৱাঙে। সোমবাৰে কোম্পানীটোৰ পৰিচালনা সমিতিয়ে তেওঁক পুনৰ CEO হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।
উল্লেখ্য যে, ব্যক্তিগত জীৱনৰ কেইবাটাও বিতৰ্কৰ মাজতে যোৱা ১২ নৱেম্বৰত CEO পদৰ পৰা পদত্যাগ কৰিছিল জেনছেন হোৱাঙে। এগৰাকী চীনা চোৰাংচোৱা মহিলাৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে তেওঁক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। মহিলাগৰাকীৰ বিৰুদ্ধে চীনৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ সন্দেহো প্ৰকাশ কৰিছিল আমেৰিকাৰ চোৰাংচোৱা সংস্থাই। অৱশ্যে, এই অভিযোগ চীন চৰকাৰে অস্বীকাৰ কৰিছে।
হুৱাঙৰ পদত্যাগৰ পাছত কোম্পানীটোৰ মুখ্য বিত্তীয় বিষয়া (CFO) ক'লেৎ ক্ৰেছক অন্তৱৰ্তীকালীন CEO হিচাপে দায়িত্ব দিয়া হৈছিল।
কিন্তু সোমবাৰে এনভিডিয়াৰ পৰিচালনা সমিতিয়ে সৰ্বসন্মতিক্ৰমে হুৱাঙক পুনৰ CEO হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত লয়। কোম্পানীটোৰ মতে, হুৱাঙৰ নেতৃত্ব দিয়াৰ ক্ষমতা আৰু তেওঁৰ বক্তব্যৰ ওপৰত পৰিচালনা সমিতি সন্তুষ্ট হৈছে।
এই সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে আমেৰিকা চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ পৰাও পৰামৰ্শ গ্ৰহণ কৰা হৈছিল। হুৱাঙক পুনৰ দায়িত্ব দিয়াৰ ফলত দেশখনৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত কোনো বিপদৰ সৃষ্টি নহয় বুলি চৰকাৰী পক্ষৰ পৰা মতামত লাভ কৰাৰ কথাও কোম্পানীটোৱে প্ৰকাশ কৰিছে।
ইফালে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পেও হোৱাঙক পুনৰ CEO হিচাপে নিযুক্তি দিয়াৰ পক্ষত মত প্ৰকাশ কৰিছিল।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।