Friday, 06 November 2026
লগইন
ব্ৰেকিং

আপুনি চাকৰিৰ সন্ধানত আছে নেকি?

দশম দ্বাদশ উত্তীৰ্ণই পাব চাকৰি

নিউজ ডেস্ক : ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ চৰকাৰী চাকৰি সন্ধানত থকা যুৱক-যুৱতীসকলৰ পাবে ভাল খবৰ। ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে নাৱিক (জেনেৰেল ডিউটি), নাৱিক (ঘৰুৱা শাখা), মেকানিক আৰু হাইজিনিষ্ট -I ৰ বাবে মুঠ ৩৬৫ টা পদত নিযুক্তি দিয়াৰ বৃহৎ ঘোষণা কৰিছে। দশম-দ্বাদশ শ্ৰেণীৰ অৰ্হতা থকা প্ৰাৰ্থীয়ে এই পোষ্টৰ বাবে আবেদন কৰিব পাৰিব। ৬ অক্টোবৰৰ পৰা আবেদন প্ৰক্ৰিয়াৰ ২১ অক্টোবৰ তাৰিখে অন্ত পৰিব। ইচ্ছুক প্ৰাৰ্থীয়ে বিয়লি ৫.৩০ বজালৈকে অনলাইন ফৰ্ম পূৰণ কৰিব পাৰিব। নিৰ্বাচিত প্ৰাৰ্থীসকলে পদৰ ওপৰত ভিত্তি কৰি ২১,৭০০ ৰ পৰা ২৯,২০০ টকালৈকে মৌলিক দৰমহা পাব। আবেদন কৰাৰ আগতে প্ৰাৰ্থীসকলে অৰ্হতা, বয়সৰ সীমা আৰু বাছনি প্ৰক্ৰিয়া পৰ্যালোচনা কৰাটো প্ৰয়োজনীয়।

৩৬৫ টা পদৰ বাবে নিযুক্তি 

ভাৰতীয় কষ্ট গাৰ্ডৰ নিযুক্তিত বিভিন্ন পদৰ বাবে খালী পদৰ কথা ঘোষণা কৰা হৈছে। প্ৰাৰ্থীয়ে নিজৰ শিক্ষাগত অৰ্হতাৰ ওপৰত নিৰ্ভৰ কৰি আবেদন কৰিব পাৰিব। EGEPT BASE 1/2026 আৰু 02/2027 ৰ অধীনত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব।

কোনটো পদৰ বাবে কি অৰ্হতাৰ প্ৰয়োজন?

নাৱিক (জেনেৰেল ডিউটি): স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ডৰ পৰা পদাৰ্থ বিজ্ঞান আৰু গণিত বিষয়েৰে দ্বাদশ উত্তীৰ্ণ হ’ব লাগিব।

নাৱিক (ঘৰুৱা শাখা): প্ৰাৰ্থীগৰাকী দশম উত্তীৰ্ণ হ’ব লাগিব।

মেকানিকেল : ইলেকট্ৰিকেল, মেকানিকেল বা ইলেকট্ৰনিক্স এণ্ড টেলিকমিউনিকেচন ইঞ্জিনিয়াৰিঙত ডিপ্লমা লৈ দশম উত্তীৰ্ণ হ’ব লাগিব।

বয়সৰ সীমা আৰু আবেদন মাচুল কিমান?

প্ৰাৰ্থীৰ বয়স ১৮ ৰ পৰা ২২ বছৰৰ ভিতৰত হ’ব লাগিব। অৱশ্যে নিজ নিজ পদৰ বাবে জন্মৰ তাৰিখো প্ৰযোজ্য হ’ব। General, OBC আৰু EWS শিতানৰ প্ৰাৰ্থীসকলে ৫৫০ টকাৰ আবেদন মাচুল দিব লাগিব। অৱশ্যে SC, ST প্ৰাৰ্থীৰ মাচুল ৰেহাই দিয়া হ’ব।

দৰমহা কিমান হ’ব?

নাৱিক (জেনেৰেল ডিউটি), নাৱিক (ঘৰুৱা শাখা) আৰু হাইজিনিষ্ট -I পদৰ বাবে প্ৰাৰ্থীসকলে পে লেভেল ৩ ৰ অধীনত প্ৰতিমাহে ২১,৭০০ টকাৰ মৌলিক দৰমহা লাভ কৰিব। মেকানিকেল পদৰ বাবে পে লেভেল ৫ ৰ অধীনত মৌলিক দৰমহা প্ৰতিমাহে ২৯,২০৯ টকা লাভ কৰিব।

কেনেকৈ বাছনি কৰা হ’ব?

নিৰ্বাচনী প্ৰক্ৰিয়াত কম্পিউটাৰ ভিত্তিক পৰীক্ষা, শাৰীৰিক দক্ষতা আৰু প্ৰাৰম্ভিক নথিপত্ৰ পৰীক্ষণ আদি অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰ পিছত INS চিলকাত চূড়ান্ত নথি পৰীক্ষণ আৰু চিকিৎসা পৰীক্ষা কৰা হ’ব। প্ৰাৰ্থীয়ে সকলো পৰ্যায়তে নিৰ্ধাৰিত মাপকাঠী পূৰণ কৰিব লাগিব।

ইয়াৰ জৰিয়তে আবেদন কৰক

যোগ্য প্ৰাৰ্থীয়ে ইণ্ডিয়ান ক’ষ্ট গাৰ্ডৰ নিযুক্তি পৰ্টেলত গৈ তথ্য লাভ কৰিব পাৰিব। আবেদন কৰিবৰ বাবে ডাইৰেক্ট লিংকৰ ব্যৱহাৰ কৰক। সবিশেষৰ বাবে চৰকাৰী নিযুক্তি অধিসূচনা পঢ়ক। আবেদনৰ অন্তিম তাৰিখ হৈছে ২১ অক্টোবৰ, বুধবাৰ, সন্ধিয়া ৫.৩০ বজালৈ। প্ৰ-পত্ৰ জমা দিয়াৰ এটা কপি নিশ্চিতভাৱে সংগ্ৰহ কৰক।
##bigupdate #newsupdate #jobalert #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।