বিজেপি নেতাগৰাকীৰ দাবীক নস্যাত কৰি মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে কয়, কোনো সময় নষ্ট নকৰাকৈ উক্ত নেতাসকলক বিজেপি দলত অন্তৰ্ভুক্ত কৰক ।
আনহাতে বিজেপি নেতা বিজয়েন্দ্ৰই দাবী কৰে যে, ৰাজ্যখনৰ পৰিৱেশ এতিয়া বিজেপিৰ সপক্ষে বলিছে । সলনি হৈছে আৰু বহু কংগ্ৰেছ নেতা দল সলনি কৰিবলৈ সাজু হৈ আছে।
"আমি প্ৰলোভন দি অনাৰ চিন্তা কৰা নাই, কিন্তু দলৰ ৰাজ্যিক সভাপতি হিচাপে মই এটা কথা স্পষ্টকৈ ক'ব বিচাৰো, যদি কাইলৈও নিৰ্বাচন ঘোষণা কৰা হয়, তেন্তে ডি কে শিৱকুমাৰৰ কেবিনেটৰ মন্ত্ৰীসহ ২৫ গৰাকী বিধায়কে বিজেপিত যোগদান কৰিব । তেনে এক পৰিৱেশ ইতিমধ্যে সৃষ্টি হৈছে,"-বিজয়েন্দ্ৰ।
বিজেপি নেতাগৰাকীৰ দাবীক প্ৰত্যুৰত শিৱকুমাৰে কয় যে, প্ৰথমে তেওঁৰ দলত অন্তৰ্ভুক্ত কৰিবলৈ কওক । ৰাজ্যসভা নিৰ্বাচনত দলীয় সিদ্ধান্তৰ বিপৰীতে ভোটদান কৰিছিল বিজেপি নেতাই।
"কুমাৰস্বামী আৰু বিজয়েন্দ্ৰ কোনেও ক'ব নোৱাৰিলে যে কোনে ক্ৰছ ভোটিং কৰিছিল। তেওঁলোকৰ নেতাসকলে কংগ্ৰেছৰ সপক্ষে ক্ৰছ ভোটিং কৰিছিল। তেওঁলোকক আৰু কি লাগে ? বিজয়েন্দ্ৰ সময় নষ্ট নকৰি নেতাসকলক দলত অন্তৰ্ভুক্ত কৰক ”-শিৱকুমাৰ।
তেওঁ লগতে কয়, "অনাগত দিনত সকলো পোহৰলৈ আহিব । এয়া হৈছে ৰাজনীতিত অনৈতিকতা । যিসকলে এনে ভুল কামত লিপ্ত হৈছে, তেওঁলোকে ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব ।”
মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পিছত কয় যে তেওঁ আৰু তেওঁৰ মন্ত্ৰীসকলৰ বিৰুদ্ধে ষ্টিং অপাৰেচন চলাবলৈ কৰা প্ৰয়াসৰ আঁৰত কোন আছে আৰু তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিবলৈ ব্যক্তিগত এজেণ্টসকলক কোনে ধন যোগান ধৰিছে, সেই কথা তেওঁ সঠিকভাৱে জানে বুলি তেওঁ উল্লেখ কৰে ।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।