Wednesday, 25 November 2026
লগইন

'ভাৰত-পাকিস্তানৰ মাজত বাণিজ্য আৰম্ভ হওক! 'প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ পঞ্জাব কংগ্ৰেছৰ সভাপতিৰ

কৰতাৰপুৰ কৰিড’ৰ মুকলি কৰক!

নিউজ ডেস্ক : কৰতাৰপুৰ কৰিড’ৰ পুনৰ মুকলি কৰি দিয়াৰ অনুৰোধ জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখিলে পঞ্জাব প্ৰদেশ কংগ্ৰেছৰ সভাপতি পৰগত সিঙে। কেৱল সেয়াই নহয়, আটাৰী-ৱাঘা সীমান্তৰে পুনৰ ভাৰত-পাকিস্তানৰ মাজত বাণিজ্য আৰম্ভ কৰাৰ প্ৰস্তাৱো তেওঁ আগবঢ়ায়।

কৰতাৰপুৰ কৰিড’ৰ মুকলি কৰাৰ এই দাবীক লৈ মুখ খুলিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। কংগ্ৰেছক দোষাৰোপ কৰি কৰিড’ৰটো পুনৰ মুকলি কৰাৰ বিষয়টো বিবেচনা কৰাৰ কথা প্ৰকাশ কৰিছে তেওঁ। লগতে তেওঁ কয়, ‘‘ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়ক লৈ কেতিয়াও ৰাজনীতি কৰা উচিত নহয়।’’

উল্লেখ্য যে, লাহোৰৰ পৰা ১২০ কিলোমিটাৰ উত্তৰ-পূব দিশত পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ নানকানা চাহিব চহৰত ৰাৱী নদীৰ পাৰত অৱস্থিত কৰতাৰপুৰ গুৰুদ্বাৰ। ইয়াৰ সম্পূৰ্ণ নাম হৈছে গুৰুদ্বাৰ দৰবাৰ চাহিব কৰতাৰপুৰ। ই বিশ্বৰ প্ৰথমটো গুৰুদ্বাৰ। সেয়েহে ইয়াৰ ঐতিহাসিক গুৰুত্ব অপৰিসীম।

১৫২২ চনত গুৰুদ্বাৰটো প্ৰতিষ্ঠা কৰিছিল গুৰু নানকে। ভাৰতৰ পঞ্জাবৰ গুৰদাসপুৰৰ ডেৰা বাবা নানক ৰে’ল ষ্টেচনৰ পৰা মাত্ৰ চাৰি কিলোমিটাৰ দূৰত্বত অৱস্থিত এই গুৰুদ্বাৰ। শিখ ধৰ্মৰ প্ৰথমগৰাকী গুৰুৱে জীৱনৰ ১৮টা বছৰ এই গুৰুদ্বাৰতে অতিবাহিত কৰিছিল।

তাতেই আছে তেওঁৰ সমাধিও। গুৰু নানকৰ জন্মজয়ন্তীৰ প্ৰাকক্ষণত সোমবাৰে প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ লিখে পৰগত সিঙে। পত্ৰখনত তেওঁ অনুৰোধ জনাই কয়, ‘‘কৰতাৰপুৰ গুৰুদ্বাৰ গুৰু নানকৰ জীৱন আৰু শিক্ষাৰ সৈতে ওতপ্ৰোতভাৱে জড়িত। লাখ লাখ ভক্তক এই পৱিত্ৰ স্থান দৰ্শনৰ সুযোগ প্ৰদান কৰাৰ অৰ্থ হৈছে তেওঁলোকৰ বিশ্বাস, ঐতিহ্য আৰু আধ্যাত্মিক সম্পৰ্কক সন্মান জনোৱা।’’

এই কৰিড’ৰটোৰে বহু লোকে সীমান্ত পাৰ হৈ কৰতাৰপুৰ গুৰুদ্বাৰলৈ যায়। পঞ্জাব কংগ্ৰেছৰ সভাপতিগৰাকীৰ মতে, কৰিড’ৰটো বন্ধ হৈ থকাৰ ফলত বহু ভক্তই হতাশাৰ সন্মুখীন হৈছে। সেইবাবেই বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰিবলৈ আহ্বান জনাইছে জলন্ধৰ কেণ্টনমেণ্টৰ বিধায়ক পৰগত সিঙে।

তেওঁৰ মতে, এই কৰিড’ৰটো পুনৰ মুকলি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পাকিস্তানৰ সৈতে যথোচিত কূটনৈতিক আলোচনা আৰম্ভ কৰা উচিত। আলোচনাৰ মাধ্যমেৰে নিৰাপদ আৰু সুৰক্ষিত ব্যৱস্থা বিচাৰি উলিওৱা সম্ভৱ বুলিও তেওঁ মত প্ৰকাশ কৰে। 

জম্মু-কাশ্মীৰৰ পহলগামত পৰ্যটকৰ ওপৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ বাবে পাকিস্তানক জগৰীয়া কৰি একাধিক পদক্ষেপ গ্ৰহণ কৰিছিল ভাৰতে। প্ৰত্যুত্তৰ হিচাপে যোৱা বছৰৰ ৭ মে’ত ভাৰতীয় সেনাই সীমান্ত পাৰ হৈ পাকিস্তান অধিকৃত কাশ্মীৰত কমেও ৯টা সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ চলাইছিল। নিক্ষেপ কৰা হৈছিল ক্ষেপণাস্ত্ৰ। ইয়াৰ পিছৰে পৰাই বন্ধ হৈ পৰে কৰতাৰপুৰ কৰিড’ৰ।

তথ্য অনুসৰি, প্ৰধানমন্ত্ৰী মোদীলৈ পৰগত সিঙে পত্ৰ লিখাৰ পিছদিনাই পঞ্জাব বিধানসভা নিৰ্বাচনত আকালি দলৰ সৈতে মিত্ৰতা ঘোষণা কৰে অমিত শ্বাহে। দিল্লীত এখন যুটীয়া সংবাদমেলো সম্বোধন কৰে তেওঁ। সেই সংবাদমেলৰ পৰাই কৰতাৰপুৰ কৰিড’ৰক লৈ কেন্দ্ৰীয় চৰকাৰৰ স্থিতি স্পষ্ট কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।

তেওঁ কয়, ‘‘কৰতাৰপুৰ কৰিড’ৰৰ দাবী স্বাধীনতাৰ পিছৰ পৰাই উত্থাপন হৈ আহিছে। মোৰ দৃঢ় বিশ্বাস, সেই সময়ত যদি আমাৰ দল ক্ষমতাত থাকিলহেঁতেন, তেন্তে কৰতাৰপুৰ ভাৰতৰ অংশ হৈ থাকিলহেঁতেন।’’

‘‘কংগ্ৰেছৰ চৰম উদাসীনতাৰ বাবেই কৰতাৰপুৰ ভাৰতৰ অংশ হৈ নাথাকিল।’’ মোদী চৰকাৰৰ কাৰ্যকালতে যে কৰতাৰপুৰ কৰিড’ৰ নিৰ্মাণ কৰা হৈছিল, সেই কথাও উল্লেখ কৰে অমিত শ্বাহে।

তাৰোপৰি তেওঁ জনায় যে,’অপাৰেচন সিন্দূৰ’ৰ পিছত ৰাষ্ট্ৰীয় নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হোৱাত কৰিড’ৰটো সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছিল। এই সমস্যা সম্পূৰ্ণৰূপে সমাধান হোৱাৰ পিছত পুনৰ পূৰ্ণ মৰ্যাদাৰে কৰিড’ৰটো মুকলি কৰি দিয়া হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।

কৰতাৰপুৰ কৰিড’ৰৰ লগতে আটাৰী-ৱাঘা সীমান্তৰে পুনৰ বাণিজ্য আৰম্ভ কৰাৰো আহ্বান জনায় পৰগত সিঙে। তেওঁ পত্ৰখনত লিখিছে, ‘‘এই পথটোৰ ঐতিহাসিক গুৰুত্ব আছে। পঞ্জাব তথা বৃহত্তৰ অঞ্চলটোৰ বাবে ই এক গুৰুত্বপূৰ্ণ বাণিজ্যিক পথ আছিল।’’

এই পথটোৰ গুৰুত্বৰ কথা উল্লেখ কৰি পৰগত সিঙে জনায় যে অতীতত এই বাণিজ্যিক পথে স্থানীয় অৰ্থনীতিক সক্ৰিয় কৰি ৰাখিছিল। পথটো বন্ধ হৈ পৰাৰ ফলত সেই অঞ্চলৰ লোকসকলৰ কৰ্মসংস্থাপন আৰু জীৱন-যাপনৰ ওপৰতো প্ৰভাৱ পৰিছে।

কংগ্ৰেছৰ বিধায়কগৰাকীৰ মতে, আঞ্চলিক বাণিজ্য আৰু যোগাযোগৰ ক্ষেত্ৰত পঞ্জাবৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ আটাৰী-ৱাঘা সীমান্তৰ বাণিজ্যিক পথ মুকলি কৰাৰ সম্ভাৱনা পৰীক্ষা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে পৰগত সিঙে।

লগতে তেওঁ লিখে, ‘‘আমাৰ জনসাধাৰণৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় বিষয় অতি গুৰুত্বপূৰ্ণ। কিন্তু পঞ্জাবৰ স্বাৰ্থ, ধৰ্মীয় অনুভূতি আৰু অৰ্থনৈতিক দিশটোও যথাযথভাৱে বিবেচনা কৰিব লাগিব।’’

এই দুয়োটা বিষয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হস্তক্ষেপ তেওঁ কামনা কৰে।

তথ্য অনুসৰি, পহলগাম কাণ্ডৰ পিছতে বন্ধ কৰি দিয়া হৈছিল আটাৰী-ৱাঘা সীমান্ত। পাকিস্তানৰ সৈতে ভাৰতৰ স্থলপথে বাণিজ্যৰ এয়াই একমাত্ৰ পথ। এই পথ বন্ধ হৈ পৰাৰ ফলত ভাৰত-পাকিস্তানৰ মাজৰ বাণিজ্যিক সম্পৰ্কত প্ৰভাৱ পৰিছে। এই উদ্বেগৰ কথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখি অৱগত কৰে পঞ্জাব কংগ্ৰেছৰ সভাপতি পৰগত সিঙে।
##bigupdate #newsupdate #indiapakistan #narendramodi #parbatsingh #amitshah #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।