Wednesday, 25 November 2026
লগইন

কাৰ্যালয়ৰ কম্পিউটাৰত WhatsApp Web ব্যৱহাৰ কৰাটো কিমানদূৰ গ্ৰহণযোগ্য? হ’ব পাৰে নেকি বিপদ?

কিমান সুৰক্ষিত WhatsApp Web ?

নিউজ ডেস্ক : অফিচৰ কম্পিউটাৰত WhatsApp Web খুলি কাম কৰে নেকি? তেন্তে আপোনাৰ বাবে আছে যথেষ্ট বিপদৰ আশংকা। এই সন্দৰ্ভত সতৰ্ক কৰি দিলে ভাৰত চৰকাৰৰ চাইবাৰ অপৰাধ নিয়ন্ত্ৰণকাৰী শাখাই।

সোমবাৰে প্ৰকাশ কৰা এক বিজ্ঞপ্তিত জনোৱা হৈছে যে, WhatsApp Webৰ জৰিয়তে হেকাৰে ব্যৱহাৰকাৰীৰ একাউণ্ট ‘হাইজেক’ কৰিব পাৰে। আনকি ব্যক্তিগত চাটসমূহো পঢ়ি পেলাব পাৰে হেকাৰে। ইয়াৰ ফলত প্ৰতাৰণাৰ বলিও হ’ব পাৰে ব্যৱহাৰকাৰী।

ইণ্ডিয়ান চাইবাৰ ক্ৰাইম কো-অৰ্ডিনেচন চেণ্টাৰ (১৪চি)-ৰ অধীনস্থ নেচনেল চাইবাৰক্ৰাইম থ্ৰেট এনালিটিকছ ইউনিটে (এনচিটিএইউ) সোমবাৰে এই সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰি এখন বিজ্ঞপ্তি প্ৰকাশ কৰে।

বিজ্ঞপ্তিখনত কোৱা হৈছে যে, কম্পিউটাৰ বা লেপটপত WhatsApp খুলি ব্যৱহাৰ কৰিলে যথেষ্ট বিপদৰ আশংকা থাকে। হেকাৰে ইচ্ছা কৰিলেই ব্যৱহাৰকাৰীৰ একাউণ্ট হেক কৰিব পাৰে। আনকি ব্যক্তিগত চাটসমূহো পঢ়ি পেলাব পাৰে। কেৱল সেয়াই নহয়, কনটেক্ট তালিকাৰ পৰা আন লোকৰ মোবাইল নম্বৰো সংগ্ৰহ কৰিব পাৰে হেকাৰে।

ইয়াৰোপৰি একাউণ্ট হেক কৰাৰ পিছত সেই WhatsApp একাউণ্টৰ পৰাই আন লোকলৈ মেছেজ প্ৰেৰণ কৰিব পাৰে হেকাৰে। আনকি হেক কৰা একাউণ্ট ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ প্ৰৱঞ্চনাও সংঘটিত কৰিব পাৰে।

কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগটোৱে জনোৱা অনুসৰি, লেপটপ বা কম্পিউটাৰত WhatsApp Webৰ টেব বা উইণ্ড’ বন্ধ কৰি ওলাই অহাৰ পিছতো বিপদৰ আশংকা থাকি যায়। সেয়েহে কাম শেষ হোৱাৰ পিছত কম্পিউটাৰ বা লেপটপ বন্ধ কৰাৰ পূৰ্বে WhatsApp একাউণ্টৰ পৰা লগআউট কৰাটো অত্যন্ত জৰুৰী।

বিজ্ঞপ্তিখনত লগতে কোৱা হৈছে যে, WhatsApp Webত কোনো গুৰুত্বপূৰ্ণ বা গোপনীয় কাম নকৰাই ভাল। বিশেষকৈ চৰকাৰী বা কাৰ্যালয়ৰ কাম-কাজৰ লগতে আৰ্থিক লেনদেন WhatsApp Webৰ জৰিয়তে একেবাৰেই নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

১৪চিৰ পৰামৰ্শ অনুসৰি, আন লোকে ব্যৱহাৰ কৰা কম্পিউটাৰ বা লেপটপ, চাইবাৰ কেফে অথবা হোটেলৰ কম্পিউটাৰত WhatsApp Web খোলাৰ পৰা বিৰত থকাই ভাল। যদি একান্তই ব্যৱহাৰ কৰিবলগীয়া হয়, তেন্তে প্ৰাইভেট ব্ৰাউজিং বা ইনকগনিটো মোড ব্যৱহাৰ কৰা উচিত।

উল্লেখ্য যে, কাম শেষ হোৱাৰ লগে লগে একাউণ্টৰ পৰা লগআউট কৰাটো জৰুৰী। লগতে ছিকিউৰিটি ছফ্টৱেৰ আপডেট কৰি ৰখাৰ পৰামৰ্শ দিয়া হৈছে। কোনো অচিনাকি ফাইল বা সন্দেহজনক বস্তু ডাউনলোড কৰাৰ পৰাও বিৰত থাকিব লাগে।

আনহাতে, ব্যৱহাৰকাৰীৰ WhatsApp একাউণ্টৰ পৰা কাৰোবাৰ নম্বৰলৈ অনাকাংক্ষিত মেছেজ প্ৰেৰণ হোৱা বুলি গম পালে তৎক্ষণাৎ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
##bigupdate #newsupdate #whatsappweb #centralgovernment #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।