Wednesday, 25 November 2026
লগইন

ছোনিয়া গান্ধী আৰু ভগ্নী প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ সৈতে হোৱা এক বাৰ্তালাপৰ ভিডিঅ'ত কি ক'লে ৰাহুল গান্ধীয়ে?

ইচ্ছাকৃতভাৱে হত্যা কৰা হৈছিল ৰাজীৱ গান্ধীক

নিউজ ডেস্ক : ৰাহুল গান্ধীয়ে দাবী কৰে যে, ইয়াৰ সংকেত আগতেই আছিল আৰু মাতৃ ছোনিয়া গান্ধীক কয় যে, ইয়াক ৰোধ কৰিবলৈ ব্যৱস্থা নল’লে, হয়তো তেওঁ দেউতাক ৰাজীৱ গান্ধীৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে "খুব সোনকালেই" ঘূৰি আহিব লাগিব। আৰু সেয়াই হ’ল। ১৯৮৪ চনত ৰাহুলৰ আইতাক ইন্দিৰা গান্ধীক তেওঁৰ শিখ দেহৰক্ষীয়ে হত্যা কৰাৰ কেইবছৰমান পাছতে, ১৯৯১ চনৰ মে’ মাহত তেওঁ দেউতাকৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’বলৈ ভাৰতলৈ উভতি আহিছিল। 

এটা নতুন ভিডিঅ’ত মাতৃ ছোনিয়া গান্ধী আৰু ভগ্নী প্ৰিয়ংকা গান্ধীৰ সৈতে হোৱা এক বাৰ্তালাপত ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে, তেওঁৰ পিতৃ ৰাজীৱ গান্ধীক হত্যা কৰাৰ উদ্দেশ্যেই তেওঁৰ নিৰাপত্তা ব্যৱস্থা আঁতৰাই দিয়া হৈছিল।

ইন্দিৰা গান্ধীৰ হত্যাৰ পাছত এজন প্ৰাক্তন বিমান চালক ৰাজীৱ গান্ধীক হঠাতে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰা হৈছিল। কেইবাবছৰ ধৰি তেওঁ বুলেটপ্ৰুফ জেকেট পিন্ধিছিল আৰু কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত আছিল, যাৰ বাবে বিৰোধীসকলে তেওঁক উপহাস কৰিছিল। তাৰ পাছত ১৯৮৯ চনৰ নিৰ্বাচন আহিল, য’ত ৰাজীৱ পৰাজিত হৈছিল।

তথ্য অনুসৰি, ভিপি সিঙে, যাৰ বিৰোধী মৰ্চাই পৰৱৰ্তী সময়ত নিৰ্বাচনত জয়লাভ কৰিছিল, সেই সময়ত অভিযোগ কৰিছিল যে এদল কমাণ্ডোৰ নিৰাপত্তা বেষ্টনীত থকা গান্ধীয়ে জনসাধাৰণৰ সৈতে সম্পৰ্ক হেৰুৱাই পেলাইছিল। ১৯৯১ চনত বিহাৰৰ এখন জনসভাত ৰাজীৱেও এই কথাটো স্বীকাৰ কৰা যেন লাগিছিল।

"১৯৮৪ চনত মই যেতিয়া কংগ্ৰেছৰ সাধাৰণ সম্পাদক আছিলো, তেতিয়া মই এনেদৰেই প্ৰচাৰ চলাইছিলো, কিন্তু প্ৰধানমন্ত্ৰী হোৱাৰ পিছত মই ব্যৱস্থাটোৰ দ্বাৰা হাইজেক হৈ পৰিছিলো," টাইম আলোচনীত প্ৰকাশিত প্ৰতিবেদন অনুসৰি ৫ মে’ত বিহাৰত ৰাজীৱ গান্ধীয়ে এইদৰে উল্লেখ কৰিছিল। "অৱশ্যে এতিয়াও ভাবুকি আছে; সেয়া কমা নাই। কিন্তু কোনো উপায় নাই। হয় আপুনি নিৰ্বাচনী প্ৰচাৰ চলাব লাগিব, নহয় আপোনাৰ নিৰাপত্তাৰ প্ৰতি চকু দিব লাগিব।"

তেওঁৰ পৰৱৰ্তী গন্তব্যস্থান আছিল ২১ মে’ তাৰিখে তামিলনাডুৰ শ্ৰীপেৰুম্বুদুৰ।

উল্লেখ্য যে, চন্দন কাঠৰ মালা এডাল আগবঢ়াই এগৰাকী মহিলাই কঁকালৰ পৰা হাউলি প্ৰণাম জনাওঁতেই এটা বোমা বিস্ফোৰণ হয় আৰু ইয়াত ৪৬ বছৰীয়া প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যু হয়। ৰাহুলৰ কথাবোৰ সঁচা বুলি প্ৰমাণিত হ’ল।

শ্ৰীপেৰুম্বুদুৰৰ ঘটনাৰ ঠিক আগমুহূৰ্তত ৰাহুলে পিতৃৰ সৈতে বিহাৰ ভ্ৰমণলৈ গৈছিল, যিটো ভ্ৰমণক ছোনিয়া গান্ধীয়ে তেওঁৰ স্বামীৰ ওপৰত শিলগুটি দলিওৱা এক 'ভয়ংকৰ ভ্ৰমণ' বুলি অভিহিত কৰে।

"ৰাহুল উভতি আহিছিল আৰু তেনে সময়তে মোৰ স্বামী ভ্ৰমণলৈ ওলাইছিল। এই বিশেষ ভ্ৰমণটো বিহাৰলৈ আছিল। বিহাৰ ভ্ৰমণৰ সময়ত ৰাজীৱজী বিৰোধী দলপতি আছিল। প্ৰথম কথা, তেওঁলোক এখন খোলা জীপত আছিল, আৰু তেওঁলোকৰ ওপৰত শিল, শিলগুটি দলিওৱা হৈছিল। আৰু যদি আপোনাৰ নিৰাপত্তা, উপযুক্ত নিৰাপত্তা নাথাকে, আৰু আপুনি যদি এনে এখন ৰাজ্যলৈ যায় য'ত বিজেপি বা বিৰোধীৰ চৰকাৰ আছে, তেন্তে সাধাৰণতে তাত যিয়েই দায়িত্বত নাথাকক কিয়, তেওঁলোকে নিৰাপত্তাৰ বিষয়টোত বিশেষ গুৰুত্ব নিদিয়ে। তেওঁলোকে কয়, 'অঁ আহি আছে, তেন্তে ঠিকেই আছে, আপোনালোকে নিজৰ স্বাভাৱিক কাম-কাজ কৰি যাওক," ছোনিয়া গান্ধীয়ে ঘটনাটোৰ বৰ্ণনা দি ভিডিঅ'টোত উল্লেখ কৰে।

"চৰকাৰ বিজেপিৰেই হওক বা বিৰোধীৰেই হওক, পাহৰি যাওক। তেওঁলোকে নিৰাপত্তাৰ প্ৰতি বিশেষ গুৰুত্ব নিদিয়ে। গতিকে ভ্ৰমণটো যথেষ্ট ভয়ংকৰ আছিল। ৰাহুল গোটেই সময়ছোৱাত দেউতাকৰ লগতেই আছিল আৰু দেউতাকৰ বিৰুদ্ধে শিলগুটি দলিওৱা তথা চিঞৰ-বাখৰ কৰা সকলোবোৰ সি নিজ চকুৰে দেখিছিল। আৰু সি ঘৰলৈ আহি মোক কৈছিল, 'মামা, আমি যদি পাপাৰ নিৰাপত্তাৰ বাবে কিবা এটা নকৰোঁ, তেন্তে মই জানো যে অতি সোনকালেই মই তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ঘূৰি আহিব লাগিব," বুলি তেওঁ উল্লেখ কৰে।

তাত যাৰেই দায়িত্ব নাথাকক কিয়, তেওঁলোকে নিৰাপত্তাক লৈ বিশেষ গুৰুত্ব নিদিয়ে। তেওঁলোকে কয়— ‘হয়, আহি আছে, তেন্তে ঠিক আছে, আপোনাৰ স্বাভাৱিক কাম কৰি যাওক’," ঘটনাটোৰ বিষয়ে স্মৰণ কৰি ছোনিয়া গান্ধীয়ে ভিডিঅ'টোত কয়।

ৰাহুল গান্ধীয়ে কয়,"বিহাৰ ভ্ৰমণটোৱেই আছিল শেষ সীমা আৰু মই এই বিষয়ে আগৰে পৰাই কৈ আহিছিলোঁ। এই ক্ষেত্ৰত মোৰ স্থিতি অতি স্পষ্ট আছিল। দেউতাৰ নিৰাপত্তা আঁতৰাই দিয়া হৈছিল যাতে তেওঁক হত্যা কৰা হয়। তেওঁৰ নিৰাপত্তা আঁতৰোৱাটো কেৱল এটা দুৰ্ঘটনা নাছিল, বৰঞ্চ তেওঁক হত্যা কৰাৰ উদ্দেশ্যে ইচ্ছাকৃতভাৱে কৰা হৈছিল। আৰু তেওঁক হত্যা কৰাৰ বাবে তেনে এক পৰিৱেশ সৃষ্টি কৰা হৈছিল। কি চলি আছিল সেয়া স্পষ্ট আছিল। মই দেউতাকো কৈছিলোঁ। মই মাকো কৈছিলোঁ। এই বিষয়ত মোৰ দেউতাৰ সৈতে তৰ্কও হৈছিল।" 

ইয়াৰ পিছত প্ৰিয়ংকা গান্ধীয়ে এই কথাটোত গুৰুত্ব আৰোপ কৰে যে, আইতাকৰ হত্যাকাণ্ডৰ পিছত ছোনিয়া গান্ধী দেউতাকৰ নিৰাপত্তাক লৈ অত্যন্ত আতংকিত হৈ পৰিছিল আৰু তেওঁ নিজেই চাৰিওফালে ঘূৰি কাঁইটীয়া তাঁৰৰ বেৰবোৰ পৰীক্ষা কৰিছিল লগতে নিৰাপত্তাৰক্ষীসকল শুই আছিল নেকি সেয়াও চাইছিল।"

“মই গম পাইছিলো কাৰণ মোৰ কোঠাটো ঘৰৰ আগফালে আছিল,” দেউতাকৰ খোজৰ শব্দ নুশুনালৈকে নুশুৱা প্ৰিয়ংকা গান্ধীয়ে কয়।

সেই বিষয়ে চিন্তা কৰি প্ৰিয়ংকাই কয় যে দেউতাকৰ মৃত্যুৰ সন্দৰ্ভত ৰাহুলে কৰা অনুমানবোৰ যুক্তিসংগত আছিল, আনহাতে তাইৰ নিজৰ প্ৰতিক্ৰিয়া আছিল সম্পূৰ্ণ আৱেগিক।
##bigupdate #newsupdate #congress #rajivgandhi #rahulgandhi #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।