নিউজ ডেস্ক : নেপালৰ উন্নয়নৰ বাবে ১৫,০২২ কোটি টকাৰ (নেপালী মুদ্ৰাত প্ৰায় ২৪ হাজাৰ কোটি) আৰ্থিক পেকেজ ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
সোমবাৰে দিল্লীত নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহৰ সৈতে বৈঠকৰ পিছতে মোদীয়ে কয়, ‘‘ভাৰত আৰু নেপালৰ সম্পৰ্ক কেৱল প্ৰতিবেশীসুলভ নহয়, বৰঞ্চ গভীৰ ঘনিষ্ঠতা আৰু অটুট বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত।’’
আনহাতে, শুক্ৰবাৰে বালেন্দ্ৰ শ্বাহে কয় যে, প্ৰাকৃতিক দুৰ্যোগ আৰু কঠিন পৰিস্থিতিৰ সময়ত নেপালৰ কাষত সৰ্বপ্ৰথমে সহায়ৰ হাত আগবঢ়োৱা দেশখনেই হৈছে ভাৰত। অৰ্থাৎ ভাৰতেই নেপালৰ ‘ফাৰ্ষ্ট ৰেছপণ্ডাৰ’।
শ্বাহৰ ভাষ্য অনুসৰি, ‘‘নেপাল আৰু ভাৰতৰ সম্পৰ্ক হিমালয়ৰ দৰে সুউচ্চ আৰু সাগৰৰ দৰে বিশাল।’’
সোমবাৰে মোদী আৰু শ্বাহে যুটীয়াভাৱে ভাৰ্চুৱেলী পতাকা জোকাৰি উত্তৰ প্ৰদেশৰ অযোধ্যা আৰু নেপালৰ জনকপুৰৰ মাজত সংযোগ স্থাপন কৰা ‘সৰযূ-কমলা এক্সপ্ৰেছ’ৰ যাত্ৰাৰো শুভাৰম্ভ কৰে।
দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে দেওবাৰে দিল্লীত উপস্থিত হয় বালেন্দ্ৰ শ্বাহ। বিমানবন্দৰত তেওঁক আদৰণি জনায় কেন্দ্ৰীয় মন্ত্ৰী জিতিন প্ৰসাদে।
তথ্য অনুসৰি, বিগত মাৰ্চ মাহত নেপালৰ সৰ্বকনিষ্ঠ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত এয়াই বালেন্দ্ৰ শ্বাহৰ প্ৰথমটো বিদেশ ভ্ৰমণ।
সোমবাৰে পুৱা ৰাষ্ট্ৰপতি ভৱনত তেওঁক আনুষ্ঠানিকভাৱে আদৰণি জনোৱাৰ লগতে প্ৰদান কৰা হয় ‘গাৰ্ড অৱ অনাৰ’। এই অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ লগতে উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও।
ৰাইচিনা হিলৰ পৰা পোনে পোনে নেপালৰ প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হয় ৰাজঘাটত।
মহাত্মা গান্ধীৰ সমাধিস্থলত পুষ্পস্তৱক অৰ্পণ কৰি তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছতে দিল্লীৰ হায়দৰাবাদ হাউছত দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ মাজত অনুষ্ঠিত হয় বৈঠক।
বিদেশ মন্ত্ৰালয়ৰ তৰফৰ পৰা জনোৱা অনুসৰি, দ্বিপাক্ষিক সম্পৰ্ক, শক্তি, জলবিদ্যুৎ, আন্তঃগাঁথনি উন্নয়নকে ধৰি বিভিন্ন আঞ্চলিক বিষয়ক লৈ আলোচনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বালেন্দ্ৰ শ্বাহে।
নেপালৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে অহা প্ৰতিনিধি দলেও এই আলোচনাত অংশগ্ৰহণ কৰে।
সোমবাৰে মোদী আৰু বালেন্দ্ৰ শ্বাহৰ উপস্থিতিত প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত দুয়োপক্ষই এখন ‘ভিজন ডকুমেণ্ট’ চূড়ান্ত কৰে। ইয়াৰ লগতে দ্বিপাক্ষিক সহযোগিতা অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে স্বাক্ষৰিত হয় আঠখন চুক্তি।
ফৰেনছিক বিজ্ঞান, স্বাস্থ্য, নগৰ উন্নয়ন আৰু মৎস্য খণ্ডত সহযোগিতাকে ধৰি বিভিন্ন বিষয় এই চুক্তিসমূহৰ অন্তৰ্ভুক্ত। বিগত কেইবাবছৰ ধৰি চলি থকা সীমান্ত বিবাদৰ পৰিপ্ৰেক্ষিতত এই পদক্ষেপক ‘তাৎপৰ্যপূৰ্ণ’ বুলি বিবেচনা কৰিছে কূটনীতিবিদসকলৰ একাংশই।
অযোধ্যা-জনকপুৰ ৰে’লৰ লগতে দুই ৰাষ্ট্ৰনেতাই নেপালত ভাৰতৰ আৰ্থিক সহযোগিতাৰে নিৰ্মাণ কৰা দুটা শক্তি আৰু যোগাযোগ প্ৰকল্পৰো ভাৰ্চুৱেলী উদ্বোধন কৰে। ইয়াৰ উপৰি আন তিনিটা প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে দুয়োগৰাকী নেতাই।
বৈঠকত আৰু কেইবাটাও গুৰুত্বপূৰ্ণ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত পাৰস্পৰিক সহযোগিতা সম্প্ৰসাৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘আমি আমাৰ আনন্দৰ ভাগ-বতৰা কৰাৰ লগতে একেদৰে আমাৰ প্ৰত্যাহ্বানসমূহৰো ভাগ-বতৰা কৰোঁ। আমি পৰস্পৰৰ উন্নয়নৰ অংশীদাৰ আৰু কঠিন সময়ত ইজনে সিজনৰ কাষত থিয় দিওঁ।’’
লগতে তেওঁ মন্তব্য কৰে, ‘‘নেপাল অবিহনে আমাৰ ৰামো অসম্পূৰ্ণ।’’
আনহাতে বালেন্দ্ৰ শ্বাহে মন্তব্য কৰে, ‘‘নেপাল-ভাৰত সম্পৰ্কৰ মূল ভেটি হৈছে পাৰস্পৰিক সন্মান, অটুট বিশ্বাস আৰু দৃঢ় সদিচ্ছা।’’
শ্বাহে জনোৱা অনুসৰি, ভাৰতৰ ১৫ হাজাৰ কোটি টকাৰ আৰ্থিক পেকেজৰ ভিতৰত আছে ভূমিকম্পৰ পিছৰ পুনৰ্নিৰ্মাণ আৰু নতুন আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ বাবে ৩,৫০০ কোটি টকা আৰু শক্তি প্ৰকল্পসমূহৰ বাবে ১১,৫০০ কোটি টকা।
‘সৰযূ-কমলা এক্সপ্ৰেছ’ৰ দৰে ৰে’ল সেৱাই যোগাযোগ ব্যৱস্থাৰ যথেষ্ট উন্নতি সাধন কৰিব বুলি দাবী কৰে তেওঁ। লগতে এই পদক্ষেপে সমগ্ৰ ৰামায়ণ চাৰ্কিটত ধৰ্মীয় আৰু সাংস্কৃতিক পৰ্যটনৰ ক্ষেত্ৰতো নতুন গতি প্ৰদান কৰিব বুলি মন্তব্য কৰে।
বৌদ্ধ আৰু শৈৱ-শাক্ত ধৰ্মীয় পৰ্যটন চাৰ্কিট গঢ়ি তুলিবলৈ একেধৰণৰ যোগাযোগ ব্যৱস্থা স্থাপনৰ সম্ভাৱনাও পৰীক্ষা কৰাৰ ক্ষেত্ৰত বৈঠকত সহমত প্ৰকাশ কৰে দুয়োপক্ষই।
সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বালেন্দ্ৰ শ্বাহে ‘বিকশিত ভাৰত আৰু সমুন্নত নেপাল’ৰ বাবে এখন যুটীয়া ৰূপৰেখা গ্ৰহণ কৰে। এই ৰূপৰেখাই দুয়োখন দেশৰ মাজত এক উচ্চাকাংক্ষী আৰু ভৱিষ্যৎমুখী অংশীদাৰিত্বৰ দিশ নিৰ্দেশনা প্ৰদান কৰিব।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।