Saturday, 07 November 2026
লগইন
ব্ৰেকিং

কোহলীৰ বিস্ফোৰক ইনিংছৰ সহায়ত ভাৰতৰ সহজ জয়

কোহলীৰ ৰেকৰ্ড, পাঁচ উইকেটত ভাৰতৰ জয়

নিউজ ডেস্ক : ভাৰত আৰু নিউজিলেণ্ডৰ পাঁচখনীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত ভাৰতৰ জয় । বুধবাৰে অকলেণ্ডত অনুষ্ঠিত মেচখনত নিউজিলেণ্ডক পাঁচ উইকেটত ভাৰতে পৰাস্ত কৰে ৷ 

উল্লেখ যে টচত জিকি ভাৰতে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল ৷ কিন্তু ৪০.২ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই নিউজিলেণ্ড মাত্ৰ ১৮৫ ৰাণ সংগ্ৰহ কৰে ৷ বৰ্ষা বিঘ্নিত মেছখনত
ভাতৰ হৈ অর্শদীপ সিঙে ৭০ ৰাণ খৰচ কৰি ৪ টা উইকেট দখল কৰে ৷ ইফালে নিউজিলেণ্ডৰ হৈ টিম ছেইফেৰটে সৰ্বাধিক ৩৮ ৰাণ, গ্লেন ফিলিপছে ৩০ ৰাণ সংগ্ৰহ কৰে ৷

আনহাতে, দ্বিতীয় ইনিংছ আৰম্ভনিতে হোৱা বৰষুণৰ বাবে ফিল্ড আম্পায়াৰে ডাক লুইছ পদ্ধতিৰ(ডিএলএছ)সহায় লয় ৷ ডিএলএছ পদ্ধতিৰ ফলত ৩২ অভাৰত নিউজিলেণ্ডে ভাৰতক জয়ৰ বাবে ১৪৩ ৰাণৰ লক্ষ্য বান্ধি দিয়ে ৷ দ্বিতীয় ইনিংছ বিৰাট কোহলী আৰু শুভমন গিলৰ যুটিয়ে এক প্ৰকাৰ নিউজিলেণ্ডৰ বলাক দিশহাৰা কৰে ৷

যাৰ বাবে নিউজিলেণ্ড বান্ধি দিয়া লক্ষ্যত সহজে উপনীত হয় ভাৰতে ৷ মাত্ৰ ২২.৪ অভাৰত পাঁচটা উইকেট হেৰুৱাই ভাৰতে ১৪৩ ৰাণ সংগ্ৰহ কৰে ৷ ভাৰতৰ হৈ বিৰাট কোহলীয়ে সৰ্বাধিক ৫১ টা বলত ৭৪ ৰাণ সংগ্ৰহ কৰে ৷ নিউজিলেণ্ডৰ হৈ জেকব ডফিয়ে ৪৯ ৰাণ খৰচ কৰি তিনিটা উইকেট দখল কৰে ৷ শৃংখলাৰ প্ৰথমখন মেচত জয়ৰ পাছতে পাঁচখনীয়া শৃংখলাত ভাৰতে ১-০ত অগ্ৰগতি লাভ কৰে ৷
##bigupdate #newsupdate #sportsnews #indiavsnewzealand #viratkohli #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।