এই ঘটনাৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক্সত কয়, "সমগ্র ঘটনাৰ সন্দৰ্ভত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ সৈতে বাৰ্তালাপ হৈছে । দেওবাৰে পশ্চিমবংগত নিৰ্ধাৰিত সকলো কাৰ্যসূচী স্থগিত ৰাখি আহতসকলক সাক্ষাৎ কৰিবলৈ চিকিৎসালয়লৈ যাম ।"

তেওঁ লগতে কয়, “এই শোকাৱহ ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ আত্মাৰ সদ্গতি কামনা কৰিছো আৰু তেওঁলোকৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো । আহতসকলক প্ৰশাসনৰ তৰফৰ পৰা সকলো প্ৰয়োজনীয় চিকিৎসা সাহায্য প্ৰদান কৰা হৈছে । আহতসকলৰ আশু আৰোগ্যৰ বাবে মা দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।”
সূত্ৰৰ দাবী কৰা অনুসৰি, ভিৰৰ মাজতে কেইবাজনো লোকে একেলগে পেণ্ডেল জুই লাগিছে বুলি চিঞৰি উঠিছিল । তাৰ বাবেই হেঁচা-ঠেলাৰ সৃষ্টি হৈছিল ৷ অৱশ্যে সেয়াই পদপিষ্ট হোৱাৰ একমাত্ৰ কাৰণ হয়নে নহয় সেয়া এতিয়াও স্পষ্ট হোৱা নাই । আৰক্ষীৰ তৰফৰ পৰা এতিয়াও আনুষ্ঠানিকভাৱে কোনো বিবৃতি দিয়া হোৱা নাই। মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।