Thursday, 05 November 2026
লগইন
ব্ৰেকিং

সপ্তমীৰ নিশা কি হৈছিল কলকাতাৰ পূজা মণ্ডপত ?

কলিকতাত অভিশপ্ত সপ্তমী

নিউজ ডেস্ক : সকলোৱে আনন্দ মনেৰে দেৱী মাৰ আশীৰ্বাদ বিচাৰি গৈছিল পূজা মণ্ডপলৈ । কিন্তু সপ্তমীৰ সন্ধিয়া উত্তৰ কলকাতাত হঠাৎ মুষলধাৰে বৰষুণ আৰম্ভ হয়। 

তাৰ পাছতেই দুৰ্গাপূজাৰ মণ্ডপ দৰ্শন কৰিবলৈ ওলাই অহা লোকসকলৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়।
একে পৰিৱেশৰ সূচনা হোৱাত চোৰবাগানৰ পূজামণ্ডপত পদপিষ্টৰ দৰে ঘটনা সংঘটিত হ’ল বুলি স্থানীয় লোকে উল্লেখ কৰিছে । একাংশৰ অভিযোগ অনুসৰি, মণ্ডপত প্ৰৱেশ আৰু প্ৰস্থানৰ ব্যৱস্থা তথা ভিৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সঠিকভাৱে ঘোষণা কৰা হোৱা নাছিল ।

 ফলত মণ্ডপ চাবলৈ অহা লোকসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হয় আৰু তাৰ পৰিণতিতে দুৰ্ঘটনাটো সংঘটিত হয় বুলি অভিযোগ উঠিছে। এই দুৰ্ঘটনাত বৰ্তমানলৈকে কমেও ২২জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে যদিও নিশ্চিত হোৱা নাই । 

ইফালে পূজাৰ আয়োজকসকলৰ বিৰুদ্ধেও ব্যৱস্থাপনাৰ ক্ষেত্ৰত গাফিলতিৰ অভিযোগ উত্থাপন হৈছে । আনহাতে, আৰক্ষীৰ দাবী অনুসৰি, শনিবাৰে সন্ধিয়া প্ৰায় ৭ বাজি ৪০ মিনিটত বৰষুণৰ মাজতে অত্যধিক ভিৰৰ ফলত চোৰবাগানৰ পূজামণ্ডপৰ প্ৰস্থানদ্বাৰত পদপিষ্টৰ ঘটনা সংঘটিত হয় । 

আহতসকলক উদ্ধাৰ কৰি মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হয়। প্ৰায় ৩৫জন লোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
এটা সূত্ৰৰ দাবী কৰা অনুসৰি, ভিৰৰ মাজতে কেইবাজনো লোকে পেণ্ডেল জুই লাগিছে বুলি একেলগে চিঞৰি উঠিছিল । তাৰ বাবেই হেঁচা-ঠেলাৰ সৃষ্টি হৈছিল ৷

অৱশ্যে সেয়াই পদপিষ্ট হোৱাৰ একমাত্ৰ কাৰণ হয়নে নহয় সেয়া এতিয়াও স্পষ্ট হোৱা নাই । আৰক্ষীৰ তৰফৰ পৰা এতিয়াও আনুষ্ঠানিকভাৱে কোনো বিবৃতি দিয়া হোৱা নাই।

ঘটনাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুখ প্ৰকাশ কৰি এক্স যোগে কয়,” কলকাতাৰ পদপিষ্টৰ ঘটনাটো অতিশয় কৰুণ। মই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ সমবেদনা জ্ঞাপন কৰিছো । আহতসকলৰ আশু আৰোগ্য কামনা কৰিলো । পশ্চিমবংগ চৰকাৰে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সকলো ধৰণৰ সম্ভৱপৰ সাহায্য প্ৰদান কৰিছে ।” 

উত্তৰ কলকাতাৰ দুৰ্গা পূজাৰ মণ্ডপত সংঘটিত এই ঘটনাক লৈ পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে গভীৰ শোক আৰু দুখ প্ৰকাশ কৰে। সামাজিক মাধ্যমত কৰা এটা পোষ্টৰ জৰিয়তে তেওঁ ঘটনাটোক লৈ হতাশা আৰু উদ্বেগ প্ৰকাশ কৰে।
##bigupdate #newsupdate #breakingnews #kolkata #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।