নিউজ ডেস্ক: NEET ৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে CJP ৰ আন্দোলনত সক্ৰিয়ভাৱে জড়িত আছিল সোণম ৱাংচুক। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ আৰু SIR বাতিলৰ দাবীত এইবাৰৰ আন্দোলনতো সমৰ্থন আগবঢ়াইছিল সোণমে। লাডাখৰ সেই পৰিৱেশকৰ্মী তথা সমাজকৰ্মী সোণম ৱাংচুকৰ ‘ডেজাৰ্ট ফ্লাৱাৰ স্কুল’ বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰে কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ প্ৰশাসনে। প্ৰশাসনৰ অভিযোগ, প্ৰয়োজনীয় অনুমতি অবিহনেই বিদ্যালয়খন চলোৱা হৈছিল।
তথ্য অনুসৰি, মঙলবাৰে লাডাখৰ ৰাজধানী লেহৰ মহকুমাধিপতি (তহচিলদাৰ)ৰ জাৰি কৰা জাননী ৱাংচুকৰ পত্নী তথা ‘হিমালয়ান ইনষ্টিটিউট অৱ অলটাৰনেটিভছ, লাডাখ’ৰ প্ৰতিষ্ঠাপক তথা সঞ্চালক গীতাঞ্জলি জে আংমোলৈ প্ৰেৰণ কৰা হৈছে। জাননীখনত উল্লেখ কৰা হৈছে যে জম্মু-কাশ্মীৰ আৰু লাডাখ উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ থকা ভূমি সংক্ৰান্তীয় গোচৰটোক প্ৰভাৱিত কৰিব পৰা কোনো কাম কৰিব নোৱাৰে।
লাডাখ প্ৰশাসনৰ দাবী অনুসৰি, বিগত ২২ ছেপ্টেম্বৰত আংমোৱে লেহৰ উপায়ুক্তলৈ এখন পত্ৰ লিখি বিদ্যালয়খনৰ প্ৰস্তাৱিত পৰিচালনা সমিতিৰ সদস্যসকলৰ বাবে অনাপত্তি প্ৰমাণপত্ৰ (এনঅ’চি) বিচাৰিছিল। কিন্তু সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা সেই অনুমতিপত্ৰ লাভ কৰাৰ পূৰ্বেই বিদ্যালয়খনত পাঠদান আৰম্ভ কৰা হৈছিল । এই পৰিস্থিতিত আদালতৰ চূড়ান্ত নিৰ্দেশ লাভ নকৰা পৰ্যন্ত বিদ্যালয়খন চলোৱাৰ সন্দৰ্ভত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিবলৈ জাননীখনত নিৰ্দেশ দিয়া হৈছে।
উল্লেখ্য যে, ২০১৮ চনত ‘হিমালয়ান ইনষ্টিটিউট অৱ অলটাৰনেটিভছ, লাডাখ’ক ফিয়াং থাং অঞ্চলত এখন বিশ্ববিদ্যালয়ৰ কেম্পাছ নিৰ্মাণৰ বাবে প্ৰশাসনে ৪০ বছৰৰ বাবে লীজত ১,০৭৬ কানাল ভূমি আবণ্টন দিছিল। কিন্তু ২০২৫ চনত লাডাখ প্ৰশাসনে সেই ভূমি আবণ্টন বাতিল কৰে। ৱাংচুকৰ পক্ষৰ পৰা প্ৰশাসনৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত এখন ৰিট আবেদন দাখিল কৰা হয়। বৰ্তমান গোচৰটো আদালতত বিচাৰাধীন হৈ আছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।