Friday, 06 November 2026
লগইন
ব্ৰেকিং

বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানীক চিকিৎসলয়ত ভৰ্তি

চিকিৎসলয়ত লালকৃষ্ণ আদৱানী

নিউজ ডেস্ক : ভাৰতৰত্ন সন্মানেৰে সন্মানিত বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানীক চিকিৎসলয়ত ভৰ্তি । আদৱানীৰ বুকুৰ বিষৰ বাবে শুকুৰবাৰে সন্ধিয়া নতুন দিল্লীৰ ইন্দ্ৰপ্ৰস্থ এপ’ল’ হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ চিকিৎসালয় কৰ্তৃপক্ষ আৰু চিকিৎসকে প্ৰকাশ কৰা তথ্য অনুসৰি বৰ্তমান তেওঁৰ অৱস্থা সুস্থিৰ আৰু তেওঁ চিকিৎসকৰ বিশেষ দলৰ তত্বাৱধানত আছে ৷
উল্লেখ্য যে, বহু আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে আদৱানীক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন সন্মানেৰে সন্মানিত কৰ হৈছিল । লগতে ২০১৫ চনত তেওঁক পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হৈছিল ।

শুক্ৰবাৰে সন্ধিয়া প্ৰায় ৭:৩০ বজাত ৯৮ বছৰীয়া আদৱানীক চিকিৎসালয়লৈ অনা হয় ৷ তেওঁৰ বয়স আৰু বুকুৰ বিষৰ পৰিপ্ৰেক্ষিতত প্ৰয়োজনীয় পৰীক্ষা আৰু চিকিৎসা পৰ্যবেক্ষণ কৰা হৈছে বুলি চিকিৎসকে জানিবলৈ দিয়ে । এপ’ল’ হাস্পতালে জাৰি কৰা তথ্য অনুসৰি, চিন্তাৰ কোনো কাৰণ নাই ।
ভাৰতীয় ৰাজনীতিৰ পিতৃ হিচাপে পৰিচিত এল কে আদৱানীয়ে দীৰ্ঘদিন ধৰি বয়সৰ লগত জড়িত স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈ আহিছে ৷ পূৰ্বও তেওঁক নিয়মীয়া স্বাস্থ্য পৰীক্ষা আৰু স্বাস্থ্যজনিত সমস্যাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল ৷ বয়সৰ লগত জড়িত স্বাস্থ্যজনিত জটিলতাৰ বাবে তেওঁক চিকিৎসালয়ত চিকিৎসকৰ নিৰীক্ষণত ৰখা হৈছিল ৷

বৰ্তমান পাকিস্তানত ১৯২৭ চনৰ ৮ নৱেম্বৰত কৰাচীত জন্মগ্ৰহণ কৰা আদৱানী ভাৰতীয় জনতা পাৰ্টীৰ অন্যতম সহ-প্ৰতিষ্ঠাপক তথা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আজীৱন সদস্য । তেওঁ ২০০২ চনৰ পৰা ২০০৪ চনলৈ তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত গঠিত চৰকাৰত ভাৰতৰ উপ-প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

ৰাজনৈতিক জীৱনৰ সময়ছোৱাত তেওঁ গৃহ পৰিক্ৰমা মন্ত্ৰণালয়কে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ পদবীও গ্ৰহণ কৰিছিল । জনজীৱনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে আদৱানীক ২০২৪ চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন সন্মানেৰে সন্মানিত কৰা হয় ।

##bigupdate #newsupdate #politicalleader #lalkrishnaadvani #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।