তথ্য অনুসৰি, চিতাপোৱালিটোৰ বয়স ১৯ মাহ। ই এটা মতা চিতা। কেএনজি ২২ (KNG 22) নামেৰে ইয়াক চিনাক্ত কৰা হৈছে। মধ্যপ্ৰদেশৰ মোৰেনাৰ শ্বেওপুৰ টেৰিটৰিয়েল ফৰেষ্ট ডিভিজনত বনকৰ্মীসকলে টহল দি থকা সময়তে তেওঁলোকৰ চকুত পৰে আঘাতপ্ৰাপ্ত চিতাপোৱালিটো। তাৰ পিছত পোৱালিটোক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ লৈ যোৱা হয়। চিকিৎসাধীন অৱস্থাতে চিতাপোৱালিটোৰ মৃত্যু হয় বুলি জনাইছে মুখ্য বন সংৰক্ষক সমীতা ৰাজোৰাই।
বন বিভাগৰ সূত্ৰৰ খবৰ অনুসৰি, কুনোত জন্মগ্ৰহণ কৰা চিতাটোৱেই আছিল মৃত পোৱালিটো। মুখ্য বন সংৰক্ষকে জনোৱা মতে, পোৱালিটোৰ এক্স-ৰে কৰাৰ সময়ত ইয়াৰ শৰীৰৰ ভিতৰত বিভিন্ন অংগত কিছুমান সৰু সৰু বস্তু সোমাই থকা দেখা গৈছিল। ইয়াৰ পিছতে পোৱালিটোৰ অস্ত্ৰোপচাৰ কৰা হয় আৰু তাৰ শৰীৰৰ পৰা পাঁচটা গুলী উদ্ধাৰ কৰা হয়।
উল্লেখ্য যে, চিতাপোৱালিটোৰ শৰীৰৰ কেইবাটাও আভ্যন্তৰীণ অংগ ক্ষতিগ্ৰস্ত হৈছিল। অস্ত্ৰোপচাৰৰ জৰিয়তে পোৱালিটোক বচাবলৈ চিকিৎসকসকলে চেষ্টা কৰিছিল। কিন্তু শেষ ৰক্ষা নহ’ল।
চিতাপোৱালিটোৰ মৃত্যুৰ ঘটনাক লৈ তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। এটা বিশেষ তদন্তকাৰী দল গঠন কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে। অৱশ্যে, এয়া চোৰাং চিকাৰৰ ঘটনা নেকি, সেই সন্দৰ্ভত চৰকাৰৰ ফালৰ পৰা কোনো মন্তব্য কৰা হোৱা নাই।
এই চিতাপোৱালিটোৰ মৃত্যুৰ ফলত দেশত চিতাৰ সংখ্যা হ্ৰাস পাই ৫৮টালৈ নামিল। ইয়াৰে ৫২টা কুনো ৰাষ্ট্ৰীয় উদ্যানত, চাৰিটা গান্ধীসাগৰ অভয়াৰণ্যত আৰু দুটা বীৰাংগনা দুৰ্গাৱতী ব্যাঘ্ৰ সংৰক্ষণ কেন্দ্ৰত আছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।