পূৰ্বৰ আবেদন গান্ধীয়ে প্ৰত্যাখ্যান কৰাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গোৱেলে কয় যে কংগ্ৰেছ নেতাজনে সোমবাৰে এটা ছচিয়েল মিডিয়া পোষ্টৰ জৰিয়তে নিজৰ স্থিতি স্পষ্ট কৰি দিছে, যাৰ পৰা বুজা যায় যে দীপাৱলীৰ বজাৰৰ ব্যস্ততাৰ সময়তে অহা ১ নৱেম্বৰত পূৰ্বনিৰ্ধাৰিত সূচী অনুসৰিয়েই এই ৰেলী অনুষ্ঠিত হ’ব।
গোৱেলৰ মতে, কংগ্ৰেছে ১০ লাখ লোকৰ উপস্থিতিৰ সম্ভাৱনা প্ৰকাশ কৰা এই ৰেলীটোৰ বাবে দিল্লীলৈ প্ৰায় ১৫,০০০ ৰ পৰা ২০,০০০ বাহন আহিব পাৰে আৰু ইয়াৰ ফলত ২০ খন ডাঙৰ পাইকাৰী তথা খুচুৰা বজাৰ প্ৰভাৱিত হ'ব পাৰে । ব্যৱসায়ী সংগঠনটোৱে ৰেলীখনৰ বাবে ১০ নৱেম্বৰ বা তাৰ পিছৰ কোনো এটা তাৰিখ বিচাৰিছে । অথবা ইয়াক বুৰাৰী খেলপথাৰ বা জৱাহৰলাল নেহৰু ষ্টেডিয়ামলৈ স্থানান্তৰ কৰাৰ অনুৰোধ জনাইছে । তেওঁ কয় যে ইয়াৰ ফলত প্ৰায় ১০,০০০ কোটি পৰ্যন্ত ব্যৱসায়িক লোকচান হোৱাৰ আশংকা আছে ।
সোমবাৰে এক্সত কৰা এটা পোষ্টত গান্ধীয়ে কয় যে যদিহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেছ কুমাৰক তেওঁৰ পদৰ পৰা অপসাৰণ কৰে, তেন্তে এই প্ৰতিবাদ মাত্ৰ "৩০ ছেকেণ্ডতে" প্ৰত্যাহাৰ কৰা হ'ব পাৰে ।
ব্যৱসায়ীসকলক উদ্দেশ্যি গান্ধীয়ে কয় যে, চৰকাৰে মেট্ৰ' সেৱা বন্ধ কৰি দিছে, ৰাস্তা-ঘাট চিল (বন্ধ) কৰি দিছে আৰু ৰাজধানীখনক এক প্ৰকাৰ সম্পূৰ্ণ তলাবন্ধ (লকডাউন) কৰি পেলাইছে । নিৰ্বাচনী অনিয়মে কেৱল ব্যৱসায় আৰু সঞ্চয়ৰে ক্ষতি নকৰে, বৰঞ্চ ব্যৱসায়ীসকলৰ সন্তানৰ ভৱিষ্যতকো বিপদাপন্ন কৰি তোলে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।