গেছ বুকিঙৰ পৰা ডেলিভাৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত হ’বলগীয়া পৰিৱৰ্তনসমূহ প্ৰতিগৰাকী গ্ৰাহকে অৱগত হোৱাটো অতিকৈ প্ৰয়োজনীয়।
LPG চিলিণ্ডাৰৰ ক্ষেত্ৰত বায়’মেট্ৰিক আধাৰ অথেণ্টিকেচন-
ৰাজসাহায্যযুক্ত LPG চিলিণ্ডাৰৰ ক্ষেত্ৰত ১ অক্টোবৰৰ পৰা বায়’মেট্ৰিক আধাৰ অথেণ্টিকেচনৰ ব্যৱস্থা কৰা হৈছে। বায়’মেট্ৰিক অথিণ্টিকেচন নকৰা গ্ৰাহকসকলে ৰিফিল বুকিং কৰাৰ পূৰ্বে KYC সম্পূৰ্ণ কৰিব লাগিব। চিলিণ্ডাৰ ডেলিভাৰীৰ সময়ত গেছ এজেন্সীৰ কাৰ্যালয়ত নতুবা অনলাইনৰ যোগেদিও এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিব। অথেণ্টিকেচন সম্পূৰ্ণ হোৱা গ্ৰাহকসকলে নতুনকৈ একো কৰাৰ প্ৰয়োজন নাই।
কিন্তু যিসকল গ্ৰাহকৰ বায়’মেট্ৰিক অথিণ্টিকেচন সম্পূৰ্ণ হোৱা নাই তেওঁলোকে তেল কোম্পানীৰ ডিজিটেল চেনেলৰ যোগেদি বিষয়টো জনাব পাৰিব। এনে ক্ষেত্ৰত LPG চিলিণ্ডাৰ পালেও ৰাজসাহায্যৰ সুবিধা লাভ নকৰাৰ সম্ভাৱনা থাকিব পাৰে। তেনে গ্ৰাহকৰ ক্ষেত্ৰত বজাৰ মূল্যত চিলিণ্ডাৰ ক্ৰয় কৰিব লগা হ’ব পাৰে।
LPG চিলিণ্ডাৰৰ মূল্য পৰিৱৰ্তন-
যিহেতু প্ৰতিমাহৰ আৰম্ভণিতে LPG চিলিণ্ডাৰৰ মূল্য পুনৰীক্ষণ কৰা হয়, গতিকে আন্তঃৰাষ্ট্ৰীয় বজাৰত ইন্ধনৰ দাম, গেছ আমদানিৰ ব্যয় আৰু চৰকাৰৰ ব্যয়কে ধৰি বিভিন্ন কাৰকে চিলিণ্ডাৰৰ দামৰ ক্ষেত্ৰত প্ৰভাৱ পেলায়। বৰ্তমান দিল্লীত বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য ২,৭৪৭ টকা হোৱাৰ বিপৰীতে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৯৪২ টকা বুলি উল্লেখ কৰা হৈছে।
গেছ চিলিণ্ডাৰ ৰিফিলৰ নিয়মৰ ক্ষেত্ৰত পৰিৱৰ্তন-
ঘৰুৱা LPG চিলিণ্ডাৰৰ এটা ৰিফিল বুক কৰাৰ পৰা পৰৱৰ্তী ৰিফিল বুক কৰা পৰ্যন্ত মাজৰ সময়খিনি ৪৫ দিনৰ পৰা ২৫ দিনলৈ কমাই দিয়া হৈছে। এই পৰিৱৰ্তন দেশৰ ঘৰুৱা LPG গ্ৰাহকৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।
চিলিণ্ডাৰ ডেলিভাৰীৰ ক্ষেত্ৰত OTP ৰ ভেৰিফিকেচন-
LPG চিলিণ্ডাৰ ডেলিভাৰীৰ নিয়মৰ ক্ষেত্ৰটো কিছু পৰিৱৰ্তন কৰা হৈছে। এতিয়াৰ পৰা কেৱল বুকিঙৰ ৰচিদ দেখুওৱাই নহয়, OTP ভেৰিফিকেচনৰ ব্যৱস্থাও থাকিব। বুকিং কৰাৰ পাছতে গ্ৰাহকৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰত এটা OTP প্ৰেৰণ কৰা হ’ব। চিলিণ্ডাৰ গ্ৰহণৰ সময়ত সেই OTP টো ডেলিভাৰী এজেন্টক জনাব লাগিব। এই ব্যৱস্থাৰ জৰিয়তে ভুৱা বুকিং আৰু অবিবন্ধিত চিলিণ্ডাৰ ডেলিভাৰীৰ দৰে অনিয়ম হ্ৰাস কৰাৰ পণ গ্ৰহণ কৰা হৈছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।