বৰ্তমানৰ এই অস্থিৰ আৰু অনিশ্চিত সময়ছোৱাত মহাত্মা গান্ধীৰ প্ৰাসংগিকতা কেৱল এক ঐতিহাসিক সোঁৱৰণি নহয়, বৰঞ্চ ই এক অপৰিহাৰ্য নৈতিক দিকদৰ্শক। গান্ধীজীৰ চিন্তা আৰু দৰ্শন সম্পৰ্কে গৱেষণা আৰু শিক্ষাদানৰ সৈতে জড়িত পণ্ডিতসকলে প্ৰায়ে সন্মুখীন হোৱা এটা জটিল বা বিভ্ৰান্তিকৰ প্ৰশ্ন হ’ল— মহাত্মা গান্ধীৰ আদৰ্শ আৰু চিন্তাধাৰাক আজিৰ আধুনিক আৰু গোলকীকৃত বিশ্বত কেনেকৈ প্ৰাসংগিক আৰু ব্যৱহাৰিক ৰূপত প্ৰয়োগ কৰিব পাৰি? মহাত্মা গান্ধীক এজন বিংশ শতিকাৰ আদৰ্শবাদী আৰু দাৰ্শনিক অৰাজকতাবাদী বুলি অভিহিত কৰিব পাৰি, যিয়ে তেওঁৰ চিন্তা-চৰ্চাত ৰাষ্ট্ৰৰ ভূমিকাক অহৰহ হ্ৰাস বা অস্বীকাৰ কৰিছিল। জন ষ্টুৱাৰ্ট মিল হ'ল এজন অন্যতম উদাৰতাবাদী চিন্তাবিদ, যিয়ে ৰাষ্ট্ৰৰ আধিপত্যতকৈ ব্যক্তিগত স্বাধীনতা আৰু স্বতন্ত্ৰতাক সৰ্বোচ্চ স্থান দিছিল। তেওঁৰ বিখ্যাত গ্ৰন্থ "অন লিবাৰ্টি"ত তেওঁ স্পষ্টকৈ উল্লেখ কৰে যে, "এজন ব্যক্তিয়ে নিজৰ শৰীৰ আৰু মনৰ ওপৰত নিজেই সাৰ্বভৌম"। তেওঁ 'ক্ষতিৰ নীতি' আগবঢ়াই কৈছিল যে, ৰাষ্ট্ৰ বা সমাজে এজন ব্যক্তিৰ স্বাধীনতাত কেৱল তেতিয়াহে হস্তক্ষেপ কৰিব পাৰে, যেতিয়া তেওঁৰ কাৰ্যই আনৰ ক্ষতি কৰে। ইউৰোকেন্দ্ৰিক অমানৱীয় আধুনিকতা আৰু প্ৰগতিৰ ধাৰণাক প্ৰত্যাহ্বান জনোৱা তেওঁক প্ৰধানকৈ উত্তৰ-ঔপনিৱেশিক চিন্তাৰ এক গুৰুত্বপূৰ্ণ উৎস হিচাপে গণ্য কৰা উচিত নেকি?
গান্ধীজীৰ প্ৰতিৰোধৰ ধাৰণাটোৱে আজিও বিশ্বৰ বিভিন্ন প্ৰান্তত সমাজ আৰু ৰাজনীতিক গণতান্ত্ৰিক ৰূপ দিবলৈ চেষ্টা কৰা বহু সমসাময়িক আন্দোলনক অনুপ্ৰাণিত আৰু প্ৰভাৱিত কৰি থকাৰ বাবে এই প্ৰশ্নটো অত্যন্ত প্ৰাসংগিক হৈ পৰিছে। গান্ধীজীৰ চিন্তাধাৰাই বাল্টিক ৰাজ্যসমূহৰ 'ছিংগিং ৰিভলিউশ্যন' (১৯৮৭-১৯৯১) বা গীতৰ বিপ্লৱৰ পৰা আৰম্ভ কৰি 'আৰব স্প্ৰিং' বা আৰব বসন্তলৈকে অসংখ্য গণ-আন্দোলনক অনুপ্ৰাণিত কৰাৰ বহু উদাহৰণ আছে। ক’কৰোচ জনতা পাৰ্টীৰ নেতৃত্বত যন্তৰ মন্তৰত ছাত্ৰ-ছাত্ৰীসকলে কৰা শেহতীয়া প্ৰতিবাদে গণতান্ত্ৰিক প্ৰতিৰোধৰ গান্ধীবাদী আৰ্হিৰ কাৰ্যকাৰিতা আৰু ইয়াৰ চিৰস্থায়ী গুৰুত্বক পুনৰ প্ৰতিষ্ঠা কৰিলে।
"গান্ধীজীৰ প্ৰতিৰোধৰ ধাৰণাবোৰ কেনেকৈ গঢ় লৈ উঠিছিল সেই সন্দৰ্ভত অৱশ্যে বহুতো তত্ত্ব প্ৰচলিত আছে। কিন্তু এই সকলোবোৰ তত্ত্বই অনিবাৰ্যভাৱে এটা বিন্দুত উপনীত হয়: গান্ধীজীৰ নিজৰ ব্যক্তিগত অভিজ্ঞতাতকৈ গভীৰভাৱে আন একোৱেই তেওঁৰ এই ধাৰণাবোৰক গঢ় দিয়া নাছিল। নৃতত্ত্ববিদ জোচেফ এছ অল্টাৰে গান্ধীক এজন "অনূদিত চিন্তাবিদ" হিচাপে গণ্য কৰিছে, যাৰ বৌদ্ধিক জগতখন মূলতঃ ভাৰতীয় আৰু পশ্চিমীয়া ধ্ৰুপদী গ্ৰন্থসমূহৰ অনুবাদ পঢ়াৰ জৰিয়তে গঢ়ি উঠিছিল। লণ্ডনত থকা তেওঁৰ গঠনমূলক দিনবোৰত, তেওঁ মূল ভাষাত ধ্ৰুপদী হিন্দু ধৰ্মগ্ৰন্থসমূহ পঢ়াৰ পৰা বহু পৰিমাণে দূৰত্ব বজাই ৰাখিছিল। "উদাহৰণস্বৰূপ, তেওঁ 'ভাগৱত গীতা' সংস্কৃত বা তেওঁৰ নিজৰ মাতৃভাষা গুজৰাটীত পঢ়া আৰু বুজি পোৱা নাছিল, বৰঞ্চ ইয়াৰ ইংৰাজী অনুবাদৰ জৰিয়তেহে বুজি পাইছিল। এইদৰে তেওঁৰ নিজৰ ধৰ্মৰ মৌলিক বুজাবুজিটো পাশ্চাত্যৰ লেখক আৰু গ্ৰন্থসমূহৰ জৰিয়তে পাঠ্যগতভাৱে অনূদিত আৰু প্ৰসাৰিত হৈছিল। তথাপিও, তেওঁৰ বাস্তৱ জীৱনৰ অভিজ্ঞতাবোৰ, যিবোৰক তেওঁ দৰ্শন আৰু জীৱনৰ তত্ত্বসমূহৰ তলতীয়া বা গৌণ বুলি গণ্য কৰিবলৈ কৰিবলৈ অস্বীকাৰ কৰিছিল, তেওঁৰ ৰাজনৈতিক ধাৰণাসমূহ গঠনৰ মূল কেন্দ্ৰবিন্দু হৈ পৰিছিল।
লণ্ডনত এজন ছাত্ৰ হিচাপে মহাত্মা গান্ধীৰ জীৱনটো আছিল তেওঁৰ বাবে এক প্ৰথম পৰীক্ষাগাৰ, য’ত তেওঁ নিজৰ অভিজ্ঞতা, অন্তৰ্নিহিত নৈতিক মূল্যবোধ আৰু পাৰিবাৰিক ধৰ্মীয় পৰম্পৰাক এক সুকীয়া ৰাজনৈতিক চিন্তাধাৰালৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম হৈছিল। এই ঘটনাটো বহু পৰিমাণে অৱহেলিত হৈ ৰৈ গৈছে, কাৰণ আমি সাধাৰণতে গান্ধীজীৰ অহিংস সত্যাগ্ৰহৰ দৰ্শন গঢ়ি তোলাৰ কৃতিত্ব তেওঁৰ দক্ষিণ আফ্ৰিকাৰ সময়ছোৱাকেই প্ৰদান কৰোঁ। এইটো সঁচা যে বৰ্ণ বৈষম্যৰ বিৰুদ্ধে তেওঁৰ যুঁজখন দক্ষিণ আফ্ৰিকাতহে পৰিপক্ক হৈ উঠিছিল। অৱশ্যে, অহিংস ভিন্নমত বা প্ৰতিবাদৰ ধাৰণাটোৰ বীজ তাৰ বহু পূৰ্বেই, লণ্ডনত থকা তেওঁৰ গঠনমূলক বছৰবোৰতেই অংকুৰিত হৈছিল। তাত তেওঁ বিভিন্ন ধৰণৰ সামাজিক সমালোচক আৰু ৰাজনৈতিক কৰ্মীৰ চিন্তাধাৰাৰ সংস্পৰ্শলৈ আহিছিল, যাৰ ভিতৰত আছিল সমাজবাদী, নৈৰাজ্যবাদী আৰু মুক্ত-চিন্তাবিদসকল, যিসকলে সেই সময়ত চৰম সীমাত উপনীত হোৱা ঔদ্যোগিক পুঁজিবাদৰ তীব্ৰ সমালোচনা কৰিছিল। প্ৰথমতে, তেওঁ ইংৰাজ যুৱক-যুৱতীসকলৰ সাজ-পাৰ, আচাৰ-ব্যৱহাৰ আৰু নীতি-নিয়ম অনুকৰণ কৰি তেওঁলোকৰ দৰে হ’বলৈ চেষ্টা কৰিছিল; কিন্তু লাহে লাহে তেওঁ অনুভৱ কৰিলে যে ৰাজনৈতিকভাৱে যুৱপ্ৰজন্মৰ পৰা শিকিবলগীয়া বহু কথাই আছে, বিশেষকৈ স্বাধীনতা আৰু ব্যক্তিগত স্বতন্ত্ৰতাৰ বিষয়ে।
ব্ৰিটিছ ৰাজনীতিৰ সৈতে মহাত্মা গান্ধীৰ প্ৰত্যক্ষ অভিজ্ঞতাই তেওঁক পদ্ধতিগত গণতন্ত্ৰৰ প্ৰতি মোহভংগ কৰিছিল। ইয়াৰ ফলত কেৱল সংসদৰ দৰে বিধানমণ্ডলীয় প্ৰতিষ্ঠানসমূহৰ কাৰ্যকলাপৰ ওপৰত ভিত্তি কৰি গণতন্ত্ৰৰ কাৰ্যক্ষমতা মূল্যায়ন কৰাৰ যি পৰম্পৰা, তাৰ প্ৰতি তেওঁৰ আস্থা হেৰাই গৈছিল। তেওঁ সংখ্যাগৰিষ্ঠৰ সহমতৰ নীতি আৰু দলীয় ৰাজনীতিৰ ক্ষমতাচালিত গতিশীলতাক সম্পূৰ্ণৰূপে ভণ্ডামি বুলি গণ্য কৰিছিল আৰু সেয়েহে ইয়াক অনুকৰণৰ অযোগ্য বুলি গণ্য কৰিছিল। এই অন্তর্দৃষ্টিসমূহে পৰৱৰ্তী সময়ত পশ্চিমীয়া সংসদীয় গণতন্ত্ৰৰ আৰ্হিৰ ওপৰত তেওঁৰ তীব্ৰ সমালোচনাৰ ভেটি স্থাপন কৰিছিল, যাৰ উল্লেখ তেওঁ নিজৰ যুগান্তকাৰী গ্ৰন্থ 'হিন্দ স্বৰাজ'ত স্পষ্টকৈ দাঙি ধৰিছিল।
ব্ৰিটিছ সংসদীয় ব্যৱস্থাৰ সৈতে থকা নিজৰ অভিজ্ঞতাৰ পৰা শিক্ষা লৈ, গান্ধীয়ে পশ্চিমীয়া শৈলীৰ গণতন্ত্ৰক এক প্ৰকৃত ৰাজনৈতিক ব্যৱস্থা হিচাপে গঢ়ি তোলাৰ পৰিৱৰ্তে কেৱল জনসংখ্যাক শাসন কৰাৰ এক কৌশল বুলি সমালোচনা কৰিছিল। গান্ধীজীয়ে সাৰ্বজনীন প্ৰশ্ন উত্থাপনৰ জৰিয়তে কৰা নৈতিক ভিন্নমতক একনায়কতন্ত্ৰবাদী ৰাষ্ট্ৰৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান বুলি গণ্য কৰিছিল। তেওঁ বিশ্বাস কৰিছিল যে,ই গণতন্ত্ৰক সজীৱ কৰি তোলে আৰু প্ৰকৃত স্বাধীনতাৰ জোখ-মাপৰ আহিলা হিচাপে কাম কৰে। যিয়েই নহওঁক কিয়, গান্ধীজীয়ে গণতন্ত্ৰৰ আনুষ্ঠানিক সাংবিধানিককৰণৰ পক্ষত নাছিল, বৰঞ্চ তেওঁ যুক্তি দিছিল যে ইয়াক প্ৰতিটো সমাজতে এক মৌলিক মূল্যবোধ হিচাপে বৰ্তাই ৰাখিব লাগিব। সংবিধানকৰণ বা আইনৰ গণ্ডীত বান্ধি ৰখাটোৱে গণতন্ত্ৰৰ প্ৰকৃত আত্মাক নষ্ট কৰে বুলি গান্ধীজীয়ে ভাবিছিল; ইয়াৰ পৰিৱৰ্তে এই আত্মা মানুহৰ মাজত স্বতঃস্ফূৰ্ত আৰু প্ৰাকৃতিকভাৱে জীয়াই থাকিব লাগে বুলি গণ্য কৰিছিল। সেইদৰে, লণ্ডনত পঢ়ি থকা সময়ছোৱাত তেওঁ লাভ কৰা উদাৰতাবাদী ধাৰণাসমূহৰ প্ৰতি সন্মান জনাই, গান্ধীজীয়ে সমগ্ৰ জীৱনজুৰি ব্যক্তিগত স্বাধীনতা আৰু স্বতন্ত্ৰতাৰ প্ৰতি এক অপৰিসীম মৰম বজাই ৰাখিছিল।
উল্লেখ্য যে, অভিজ্ঞতাই গান্ধীজীৰ বিশ্ববীক্ষাক ধাৰাবাহিকভাৱে সলনি কৰি গৈছিল, যিয়ে কেৱল তেওঁৰ নৈতিক দৰ্শনৰ বাবেই নহয়, বৰঞ্চ তেওঁৰ ব্যৱহাৰিক ৰাজনীতিৰ বাবেও অহৰহ সমল যোগাইছিল। তেওঁৰ এই ব্যৱহাৰিক ৰাজনীতি তেওঁৰ দৈনন্দিন সামাজিক পাৰস্পৰিক আদান-প্ৰদান বা ভাব-বিনিময়ৰ মাজেৰে গঢ়ি উঠিছিল। গান্ধীজী হয়তো পৃথিৱীৰ আটাইতকৈ বেছি নথিবদ্ধ কৰা জনপ্ৰিয় ব্যক্তি হ’ব পাৰে। সেইবাবেই এইটো আচৰিত হ’বলগীয়া কথা নহয় যে, ১৯১৪ চনৰ পৰা তেওঁৰ সৰ্বসাধাৰণৰ জীৱনৰ প্ৰতিটো মুহূৰ্তই তেওঁৰ সচিব বা সংগীসকলে অতি নিখুঁতভাৱে নথিবদ্ধ কৰি থৈছে। গান্ধীজীৰ প্ৰতিটো ভ্ৰমণ, নতুন ঠাই পৰদৰ্শন, বিভিন্ন ব্যক্তিৰ সৈতে হোৱা বাৰ্তালাপ আৰু তেওঁ সম্মুখীন হোৱা ঘটনাবোৰে তেওঁৰ দৃষ্টিভংগীক আধুনিক কৰি তুলিছিল আৰু তেওঁৰ বৌদ্ধিক জগতখনক নতুনকৈ গঢ়ি তুলিছিল।
গান্ধীজীৰ গণতন্ত্ৰৰ ধাৰণাটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো হ’ল ইয়াক এক শাসন ব্যৱস্থা বা এক শৃংখলাবদ্ধ নীতি হিচাপে দেখাৰ পৰিৱৰ্তে এক জীৱন্ত আৰু অভিজ্ঞতাভিত্তিক ৰাজনৈতিক অনুশীলন হিচাপে পুনৰ কল্পনা কৰা। গণতন্ত্ৰক বুজি পোৱাৰ এই এক আমূল পৰিৱৰ্তিত দৃষ্টিভংগীত, ভিন্নমত আৰু বিপৰীত মতামতবোৰ কেৱল খেলিমেলি বা বাধা নহয়, বৰঞ্চ নাগৰিকসকলৰ নৈতিক কৰ্তব্য। এনে এক গণতন্ত্ৰৰ পৰিসৰ বা ক্ষেত্ৰ ৰাষ্ট্ৰীয় ব্যৱস্থা বা গাঁথনিৰ বাহিৰত বৰ্তি থাকে, যাৰ ফলত আনুষ্ঠানিক আইনী ৰাজনীতিৰ পৰিৱৰ্তে প্ৰতিষ্ঠান-বহিৰ্ভূত জনসাধাৰণৰ গণ-জাগৰণ বা একত্ৰীকৰণক উৎসাহিত কৰা হয়। যন্তৰ মন্তৰত ছাত্ৰ-ছাত্ৰীসকলে কৰা প্ৰতিবাদে গান্ধীজীৰ প্ৰতিৰোধৰ মূল নীতি ‘সত্যাগ্ৰহ’ৰ সৈতে প্ৰতিফলন ঘটাইছিল । ব্ৰিটিছ উপনিৱেশিক শাসনৰ প্ৰতিষ্ঠানিক অন্যায়ক উদঙাই দিবলৈ মহাত্মা গান্ধীয়ে যিদৰে অহিংসাৰ কৌশলগত প্ৰয়োগ কৰিছিল, ঠিক তেনেদৰেই যন্তৰ মন্তৰৰ প্ৰতিবাদকাৰীসকলে ধৰণা, অনশন, ৰাজহুৱা প্ৰশ্ন উত্থাপন, শান্তিপূৰ্ণ সমাবেশ আৰু সমদলৰ আশ্ৰয় লৈছিল যাতে কেন্দ্ৰীয় চৰকাৰৰ ব্যৰ্থতাসমূহ ৰাইজৰ দৃষ্টিগোচৰ কৰিব পৰা যায়। যেতিয়া শাসনাধিস্থ চৰকাৰে হিংসাৰ আশ্ৰয় লৈ প্ৰত্যুত্তৰ দিলে, ই শাসকীয় দলটোক ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় দুয়োখন ক্ষেত্ৰতে ইয়াৰ জনপ্ৰিয়তাৰ পৰা বঞ্চিত কৰিলে।
আনুষ্ঠানিক দলসমূহৰ ওপৰৰ পৰা তললৈ চলি অহা স্তৰবিন্যাস বা অনুক্ৰমৰ বিপৰীতে, অনানুষ্ঠানিক নেটৱৰ্ক আৰু ছচিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে স্বতঃস্ফূৰ্তভাৱে সংগঠিত হোৱা এই প্ৰতিবাদে গান্ধীজীৰ সেই বিশ্বাসকে প্ৰতিনিধিত্ব কৰিছিল যে, প্ৰকৃত আন্দোলনসমূহ সদায় তৃণমূল পৰ্যায়ৰ পৰা চালিত হয়। প্ৰতিবাদকাৰীসকলৰ অনানুষ্ঠানিকতা, উদাৰতা আৰু নিৰ্ভীকতা, লগতে তেওঁলোকৰ হাস্যৰস, ব্যংগ আৰু ট্ৰ’লৰ ব্যৱহাৰে, যাক মূলসুঁতিৰ সংবাদ মাধ্যমে “অৰাজকতা” আৰু “ৰাজনৈতিক সৌজন্যতাৰ পতন” বুলি আখ্যা দিছিল, তেওঁলোকক ভয়ৰ হেঙাৰ ভাঙি আগবাঢ়ি যোৱাত সহায় কৰিছিল।
তথ্য অনুসৰি, ভয় জয় কৰাটো আছিল ব্ৰিটিছৰ স্বেচ্ছাচাৰী শাসনৰ বিৰুদ্ধে যুঁজিবলৈ গান্ধীজীৰ ৰণনীতিৰ এক কেন্দ্ৰীয় নীতি। সেই উদ্দেশ্যত উপনীত হ’বলৈ গান্ধীজীয়ে অসহযোগ, আইন অমান্য আৰু শত্ৰুৰ শক্তি তথা কৰ্তৃত্বক উপহাস কৰাৰ দৰে অপৰম্পৰাগত অথচ শক্তিশালী পন্থা অৱলম্বন কৰিছিল। তেওঁৰ বাবে ৰাজনীতি কেতিয়াও আধিপত্য, নিয়ন্ত্ৰণ আৰু ক্ষমতা লাভৰ মাধ্যম নাছিল, বৰঞ্চ ই আছিল তেওঁৰ চৌপাশৰ মানুহবোৰৰ বেদনা, লাজ, অপমান, অন্যায় আৰু কষ্ট লাঘৱ কৰাৰ এক কৌশল। এনেকৈয়ে, তেওঁ লোকসকলক ৰাজনৈতিকভাৱে একত্ৰিত কৰিবলৈ ব্যৱহাৰ কৰা মাধ্যমবোৰ আনুষ্ঠানিক আছিল নে অনানুষ্ঠানিক আছিল ? সেইটোৱে কোনো বিশেষ প্ৰভাৱ পেলোৱা নাছিল। এই নীতিটো যন্তৰ মন্তৰৰ প্ৰতিবাদৰ সৈতেও সম্পূৰ্ণৰূপে খাপ খায়।
এই প্ৰতিবাদে ভাৰতৰ যুৱপ্ৰজন্মৰ ৰাজনৈতিক কৌশলসমূহক এক নতুন ধৰণেৰে পুনৰ বিবেচনা কৰাৰ বাবে এক তীব্ৰ বা আমূল উপাদান যোগান ধৰিছে, বিশেষকৈ যেতিয়া পৰম্পৰাগত পথসমূহ নিষ্ফল প্ৰমাণিত হয়। মহাত্মা গান্ধী যদি বৰ্তমানো জীৱিত থাকিলহেঁতেন, তেন্তে তেওঁ যন্তৰ মন্তৰৰ এই প্ৰতিবাদৰ নৈতিক সংগতি আৰু কাৰ্যকাৰিতাক কোনো কুণ্ঠাবোধ নকৰাকৈ স্পষ্ট শব্দৰে সমৰ্থন কৰিলেহেঁতেন।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।