তেওঁ অভিযোগ কৰে," ‘ভোট চুৰি’ৰ জৰিয়তে নিৰ্বাচনী সুবিধা লাভ কৰাৰ উদ্দেশ্যে চৰকাৰে নিৰ্বাচন আয়োগৰ কাম-কাজত হস্তক্ষেপ কৰিছে । সেয়ে সোমবাৰে আমি ভাৰতৰ মুখ্য ন্যায়াধীশ (CJI) সূৰ্য কান্তক সাক্ষাৎ কৰিম ।"
শনিবাৰে বেংগালুৰুত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত খাৰ্গেই কয় যে মুখ্য ন্যায়াধীশক সাক্ষাৎ কৰাৰ সময় বিচাৰি আনুষ্ঠানিকভাৱে পত্ৰ প্ৰেৰণ কৰা হৈছে । সোমবাৰে বিয়লি ৪ বজাৰ পৰা ৫ বজাৰ ভিতৰত সাক্ষাতৰ সময় বিচাৰিছে। দেশৰ গণতন্ত্ৰৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে ন্যায়পালিকাক অৱগত কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে।
মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে খাৰ্গেৰ অভিযোগ:
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰকো তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ সভাপতিগৰাকীয়ে। খাৰ্গেৰ অভিযোগ অনুসৰি, মুখ্য নিৰ্বাচন আয়ুক্তই আন নিৰ্বাচন আয়ুক্তসকলক স্বাধীনভাৱে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ দিয়া নাই আৰু নিৰ্বাচন আয়োগৰ স্বতন্ত্ৰ কাৰ্যকলাপত বাধা প্ৰদান কৰিছে।
তেওঁ কয়, “নিৰ্বাচন আয়োগ এটা সাংবিধানিক সংস্থা। ইয়াৰ সদস্যসকল স্বতন্ত্ৰ আৰু তেওঁলোকে স্বাধীনভাৱে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। কিন্তু তেওঁ (মুখ্য নিৰ্বাচন আয়ুক্ত) আন সদস্যসকলক স্বাধীনভাৱে সিদ্ধান্ত ল’বলৈ দিয়া নাই।”
খাৰ্গেই লগতে অভিযোগ কৰে যে নিৰ্বাচন আয়োগৰ ভিতৰত চলি থকা অনিয়ম আৰু কাম-কাজৰ বিষয়ে দুগৰাকী নিৰ্বাচন আয়ুক্তই মুকলিকৈ নিজৰ মত প্ৰকাশ কৰিছে। তথাপি, এই বিষয়সমূহৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি তেওঁ দাবী কৰে।
‘ভোট চুৰি’ৰ জৰিয়তে চৰকাৰ গঠনৰ অভিযোগ
নিৰ্বাচন আয়োগে শাসকীয় দলক নিৰ্বাচনী সুবিধা প্ৰদান কৰা হৈছে বুলি অভিযোগ কৰি খাৰ্গেই কয় যে ‘ভোট চুৰি’ৰ প্ৰক্ৰিয়া অব্যাহত ৰখাৰ বাবেই এনে পৰিস্থিতিৰ সৃষ্টি হৈছে।
তেওঁৰ কয়, “এই সকলোবোৰ ঘটনা ‘ভোট চুৰি’ অব্যাহত ৰখাৰ উদ্দেশ্যে ঘটিছে। তেওঁ যি ‘ভোট চুৰি’ কৰিছে, তাৰ জৰিয়তেই কেন্দ্ৰত আৰু ৰাজ্যসমূহত চৰকাৰ গঠন কৰিছে।”
২০২৩ চনৰ আইনক লৈ কেন্দ্ৰীয় চৰকাৰক সমালোচনা
২০২৩ চনত মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্তৰ নিযুক্তি তথা সেৱাৰ চৰ্ত সম্পৰ্কে প্ৰণয়ন কৰা আইনক লৈও খাৰ্গেই কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰে। তেওঁৰ অভিযোগ অনুসৰি, এই আইনৰ জৰিয়তে নিৰ্বাচনী বিষয়াসকলক বিশেষ সুৰক্ষা প্ৰদান কৰা হৈছে।
খাৰ্গেই দাবী কৰে যে আইনখন প্ৰণয়নৰ পিছৰে পৰা ‘ভোট চুৰি’ আৰু ইলেক্ট্ৰনিক ভোটিং মেচিন (EVM) সম্পৰ্কীয় বিষয়সমূহক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে। তেওঁ অভিযোগ কৰে যে মুখ্য নিৰ্বাচন আয়ুক্তই কৰা ভুলৰ বাবে তেওঁক দায়বদ্ধতাৰ পৰা ৰেহাই দিয়াৰ ব্যৱস্থা কৰা হৈছে।
তেওঁ কয়, “ইয়াৰ পিছতে ভোট চুৰি, EVM আৰু আন বিষয়সমূহৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। মুখ্য নিৰ্বাচন আয়ুক্ত যিমানেই ভুল নকৰক কিয়, মৃত্যুৰ আগলৈকে তেওঁক সেইবোৰৰ পৰা ৰেহাই দিয়া হৈছে। ইয়াৰ অৰ্থ হৈছে গণতন্ত্ৰৰ ওপৰত আঘাত হানি ভোট কাঢ়ি নিয়া আৰু প্ৰতাৰণা কৰাৰ ষড়যন্ত্ৰ। আমি ইয়াৰ বিৰুদ্ধে যুঁজ দিম।”
দেশত ‘অঘোষিত জৰুৰীকালীন অৱস্থা’ চলাৰ অভিযোগ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো লক্ষ্য কৰি খাৰ্গেই অভিযোগ কৰে যে তেওঁলোকে গণতান্ত্ৰিক নীতি-নিয়মসমূহ দুৰ্বল কৰি তুলিছে। দেশত বৰ্তমান এক ‘অঘোষিত জৰুৰীকালীন অৱস্থা’ৰ পৰিস্থিতি সৃষ্টি হৈছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।