শুক্ৰবাৰে আক্ৰমণৰ সন্মুখীন হোৱা পানামাৰ পতাকাবাহী টেংকাৰখন আৰু বৃহস্পতিবাৰে আক্ৰমণ হোৱা লাইবেৰিয়াৰ পতাকাবাহী জাহাজখনত ভাৰতীয় নাবিকসকল আছিল। তেওঁলোক সুৰক্ষিত আছে। কিন্তু হৰমুজত এই জাহাজসমূহৰ ওপৰত নতুন কৌশলেৰে আক্ৰমণ চলোৱা হৈছে। দূৰৰ পৰা বোমা নিক্ষেপ কৰা হোৱা নাছিল; বৰঞ্চ, ওচৰলৈ গৈ জাহাজৰ গাত বোমা সংস্থাপন কৰি থৈ অহা হৈছিল। এই নতুন ধৰণৰ আক্ৰমণে পৰ্যবেক্ষকসকলৰ উদ্বেগ আৰু অধিক বৃদ্ধি কৰিছে।
কেন্দ্ৰীয় জাহাজ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সদৰী কৰে যে, পানামাৰ পতাকাবাহী জাহাজ এম টি লুইস ১-ত মুঠ ২৭ জন ভাৰতীয় নাবিক আছিল। শুক্ৰবাৰে জাহাজখনত বোমা বিস্ফোৰণ ঘটাৰ ফলত অগ্নিকাণ্ড সংঘটিত হয়। তাৰ আগদিনা লাইবেৰিয়াৰ পতাকাবাহী এখন জাহাজতো একে কৌশলেৰে আক্ৰমণ চলোৱা হৈছিল। সেই জাহাজখনত দুজন ভাৰতীয় আছিল।
মুঠ ২৯ জন ভাৰতীয় নাবিকেই বৰ্তমান সুৰক্ষিত অৱস্থাত আছে। কোনো হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই। তেওঁলোকক উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ প্ৰেৰণ কৰা হৈছে।
তথ্য অনুসৰি, হৰমুজত নতুন পদ্ধতিৰে চলোৱা আক্ৰমণত ‘লিম্পেট মাইন’ ব্যৱহাৰ কৰা হৈছে। এই ক্ষেত্ৰত সৰু নাওত আহি দুৰ্বৃত্তই জাহাজৰ গাত একেৰাহে দুটা বোমা সংস্থাপন কৰি থৈ যায় বুলি অভিযোগ উঠিছে। কিছু সময়ৰ পিছতেই সেইবোৰ বিস্ফোৰিত হয় আৰু জাহাজসমূহত অগ্নিকাণ্ড সংঘটিত হয়।
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সামুদ্ৰিক অভিযানত শত্ৰুপক্ষৰ বিৰুদ্ধে এই ধৰণৰ বোমা প্ৰথমবাৰৰ বাবে ব্ৰিটিছ বাহিনীয়ে ব্যৱহাৰ কৰিছিল। পশ্চিম এছিয়াৰ জলসীমাত ইয়াৰ প্ৰথম ব্যৱহাৰ হৈছিল ২০১৭ চনত। অন্যান্য বোমাৰ তুলনাত এইবোৰ তুলনামূলকভাৱে সস্তা আৰু কাৰ্যকৰী হোৱাৰ বাবে জলপথৰ যিকোনো সংঘাতত এই ধৰণৰ বোমা ব্যৱহাৰ কৰা হয়।
হৰমুজত পণ্যবাহী জাহাজৰ ওপৰত এই ধৰণৰ আক্ৰমণক লৈ বাৰে বাৰে উদ্বেগ প্ৰকাশ কৰিছে নতুন দিল্লীয়ে। সকলো পক্ষকে তৎক্ষণাৎ আলোচনা আৰু কূটনীতিৰ জৰিয়তে সমস্যাৰ সমাধানৰ আহ্বান জনোৱা হৈছে। কিন্তু তাৰ পাছতো উত্তেজনা কমা নাই।
উল্লেখ্য যে, বিগত ফেব্ৰুৱাৰী মাহত আমেৰিকা আৰু ইজৰাইলৰ যৌথ বাহিনীয়ে ইৰানত আক্ৰমণ চলোৱাৰ পাছৰে পৰা পশ্চিম এছিয়াত সংঘাত অব্যাহত আছে। হৰমুজ অৱৰোধৰ আহ্বান জনাইছে ইৰানে। প্ৰত্যুত্তৰত, ইৰানলৈ যাতায়াত কৰা জাহাজসমূহৰ বাবে হৰমুজত অৱৰোধ চলাইছে মাৰ্কিন সেনাইও।
এই জলপথটো আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। ইয়াত সংঘাতৰ ফলত বিশ্ব বজাৰতো ইন্ধনৰ মূল্য বৃদ্ধি পাইছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।