পত্ৰখনতে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ সৈতে বৈঠকৰ বাবে ২০ মিনিট সময় বিচাৰিছে চিটিআইয়ে। চিটিআইৰ মুৰব্বী ব্ৰিজেশ গোৱেলে ৰাহুল গান্ধীলৈ লিখা পত্ৰখনত উল্লেখ কৰে, “আমি সংঘাত নিবিচাৰোঁ, আলোচনা বিচাৰোঁ। ৰাহুলজীয়ে প্ৰায়ে কয় যে তেওঁ সকলোৰে কথা শুনে, সৰু ব্যৱসায়ীসকলৰ কথাও শুনে। সেয়েহে আমি ব্যৱসায়ীসকলে তেওঁৰ ওচৰত ২০ মিনিট সময় বিচাৰিছোঁ। এয়াই গণতন্ত্ৰৰ সৌন্দৰ্য।”
ব্যৱসায়ী সংগঠনটোৰ বক্তব্য অনুসৰি, দিল্লীৰ ৰামলীলা ময়দানৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ২০খন বজাৰ আছে। প্ৰতি বছৰে দীপাৱলীৰ পূৰ্বে এই বজাৰসমূহত ক্ৰয়-বিক্ৰয়ৰ পৰিমাণ বৃদ্ধি পায়। অহা দেওবাৰে বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ সভাত ১০ লাখ লোকৰ সমাগম হ’ব পাৰে বুলি অনুমান কৰা হৈছে। এনে পৰিস্থিতিত ব্যৱসায়ত লোকচান হোৱাৰ আশংকা কৰিছে ব্যৱসায়ী সংগঠনটোৱে। সেয়েহে, ৰাহুল গান্ধীৰ ওচৰত দীপাৱলীৰ পিছত সভাখন অনুষ্ঠিত কৰাৰ বাবে আৱেদন জনোৱা হৈছে।
ব্যৱসায়ী সংগঠনটোৰ বক্তব্য অনুসৰি, ৰাহুল গান্ধীয়ে যদি তেওঁলোকক বুজাব পাৰে যে ৰামলীলা ময়দানৰ সভাৰ ফলত তেওঁলোকৰ কোনো আৰ্থিক লোকচান নহ’ব, তেন্তে তেওঁলোকে সভাখন স্থগিত ৰখাৰ বাবে আৱেদন নজনায়।
দিল্লীৰ যিকেইখন বজাৰৰ ব্যৱসায় ক্ষতিগ্ৰস্ত হ’ব পাৰে বুলি ব্যৱসায়ীসকলে আশংকা কৰিছে, সেইকেইখন হ’ল— চান্দনী চক, ভাগীৰথ পেলেচ, খাৰি বাওলি, সদৰ বজাৰ, চৌৰি বজাৰ, কাশ্মীৰী গেট, নবী কৰিম, কৰোল বাগ, আজমেৰী গেট, দৰিয়াগঞ্জ, নয়াচড়ক, কিনাৰী বজাৰ, দৰিবা কালান, ফতেহপুৰী, নয়াবজাৰ, ফিল্মিস্তান, পাহাৰগঞ্জ, গফ্ফৰ মাৰ্কেট, জামা মছজিদ-মীনা বজাৰ আৰু লাজপত ৰায় মাৰ্কেট।
ইয়াৰ পূৰ্বে ২৪ অক্টোবৰত ৰামলীলা ময়দানৰ সভাখন স্থগিত ৰখাৰ বাবে আৱেদন জনাই ৰাহুল গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰিছিল দিল্লীৰ ব্যৱসায়ীসকলৰ এই সংগঠনটোৱে। সেই পত্ৰৰ প্ৰত্যুত্তৰত সোমবাৰে ৰাহুলে দিল্লীৰ ব্যৱসায়ীসকলক জনাইছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যদি ‘ভোট চুৰি’ আৰু এছআইআৰ (SIR)ৰ অনিয়মৰ অভিযোগত অভিযুক্ত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক পদৰ পৰা আঁতৰোৱাৰ বাবে উদ্যোগ গ্ৰহণ কৰে, তেন্তে সমগ্ৰ দেশতে চলি থকা সকলো প্ৰতিবাদ বন্ধ হৈ যাব।
আপৰ অভিযোগ, ব্যৱসায়ী সংগঠনটোৰ নেতা ব্ৰিজেশ বিজেপিৰ লোক। বিৰোধী দলসমূহৰ সভাক লৈ দিল্লীৰ বহু ব্যৱসায়ীৰ মাজত যে ক্ষোভ আৰু ব্যৱসায়ত লোকচানৰ আশংকা আছে, সেয়া বুজি সোমবাৰে ৰাহুল গান্ধীয়ে কয়, “দিল্লীৰ প্ৰতিগৰাকী ব্যৱসায়ীক মই ক’ব বিচাৰোঁ, আমি আপোনালোকক ভাল পাওঁ আৰু আপোনালোকৰ কথা শুনোঁ। চৰকাৰে মেট্ৰ’ আৰু পথ বন্ধ কৰি দিছে। দিল্লীত লকডাউনসদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিছে। ভোট চুৰি হ’লে আপোনালোকৰ দোকান, সঞ্চয় আৰু সন্তানৰ ভৱিষ্যত— একোৱেই সুৰক্ষিত নহয়।”
ইয়াৰ পূৰ্বে ‘ভোট চুৰি’ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত আৰু দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক দায়ী কৰিছিল ৰাহুল গান্ধীয়ে।
সোমবাৰে ব্যৱসায়ীসকলৰ উদ্দেশ্যে তেওঁ কয়, “মোদীক চতুৰ্থ অভিযুক্তজনক পদৰ পৰা বৰ্খাস্ত কৰিবলৈ কওক।” একেই বাৰ্তা দিয়ে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই। আনহাতে, তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ দলপতি ডেৰেক অ’ব্ৰায়েনে জনায় যে জ্ঞানেশ কুমাৰে পদত্যাগ কৰিলে পাঁচ মিনিটৰ ভিতৰতে ৰামলীলা ময়দান খালী কৰি দিয়া হ’ব।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।