Saturday, 07 November 2026
লগইন
ব্ৰেকিং

যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ হ'ব নেকি কংগ্ৰেছ সাংসদ আকইজাম?

বিপদত সাংসদ আকইজাম !

নিউজ ডেস্ক: বিপদত দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক, সাংসদ আংগমচা বিমল আকইজাম । তথ্য অনুসৰি, জেএনইউ কৰ্তৃপক্ষৰ এজাহাৰৰ ভিত্তিত দিল্লী আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰিছে । ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ৭৫, ৭৫(১)(I), ৭৫(১)(IV) আৰু ৭৯ ৰ অধীনত বসন্ত কুঞ্জ নৰ্থ আৰক্ষী থানাত অধ্যাপকগৰাকীৰ বিৰুদ্ধে পঞ্জীয়ন কৰা হৈছে এক গোচৰ ।

উল্লেখ্যে যে,কংগ্ৰেছৰ লোকসভা সাংসদ তথা জে এন ইউৰ প্ৰাক্তন অধ্যাপক আংগমচা বিমল আকইজামৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছিল । জানিব পৰা মতে বিগত মে’ মাহত কমেও ১১ গৰাকী ছাত্ৰীয়ে অধ্যাপকগৰাকীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ দাখিল কৰিছিল । অভিযোগসমূহত উল্লেখ কৰা হৈছে যে আকোইজামে ছাত্ৰীসকলক সভা বা সমাৱেশৰ অজুহাতত নিজৰ কেম্পাছৰ বাসগৃহলৈ নিমন্ত্ৰণ কৰি যৌন নিৰ্যাতনৰ চেষ্টা চলাইছিল । একাংশ ছাত্ৰীয়ে তেওঁৰ বিৰুদ্ধে শ্ৰেণীত অশ্লীল আৰু অনুপযুক্ত মন্তব্য কৰাৰো অভিযোগ উত্থাপন কৰিছিল ।

ঘটনা সন্দৰ্ভ বিজেপি নেত্ৰীয়ে কংগ্ৰেছক সমালোচনা কৰি কয়,"সংবাদ মাধ্যমত যিবোৰ অভিযোগ পোহৰলৈ আহিছে, সেইবোৰ অতি বেয়া খবৰ । ই মানুহৰ অন্তৰাত্মা জোকাৰি যায় । কংগ্ৰেছৰ সাংসদগৰাকীয়ে,মূল্যায়নৰ সময়ত ছাত্ৰীসকলক যৌন সম্পৰ্কীয় প্ৰশ্ন সুধিছিল। অভিযোগ অনুসৰি তেওঁ জে এন ইউৰ ছাত্ৰীসকলৰ সৈতে অবাঞ্চিত শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ চেষ্টা কৰিছিল ।"

"ৰাহুল গান্ধী আৰু তেওঁৰ কংগ্ৰেছ দলক সুধিব বিচাৰো কথাটো কি ? 'পিতৃতন্ত্ৰ ধ্বংস কৰা' আপোনালোকৰ বাবে কেৱল আৰু একমাত্ৰ ৰাজনৈতিক বাকচাতুৰী নেকি ? কেৱল এটা ৰাজনৈতিক কৌশল ? যেন এই ঘটনাৰ জৰিয়তে কংগ্ৰেছৰ ভণ্ডামী পোহৰলৈ আহিছে । কংগ্ৰেছ দলৰ বাবে নাৰীবাদ কেৱল এটা হেচটেগেৰে আৰম্ভ হয় আৰু জবাবদিহিতাৰ দুৱাৰদলিতে শেষ হৈ যায় ।" বিজেপি নেত্ৰী
##bigupdate #newsupdate #politicalnews #congress #mp #akoijam #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।