Thursday, 05 November 2026
লগইন
ব্ৰেকিং

৬০,০০০ কৰ্মচাৰীক চাকৰিৰ পৰা বিৰতি দিব মাইক্ৰ’ছফ্ট কোম্পানীয়ে

AIয়ে চাকৰি খাব ৬০ হাজাৰ কৰ্মচাৰীৰ

নিউজ ডেস্ক : প্ৰতিবেদন অনুসৰি, কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ বৰ্ধিত ব্যৱহাৰৰ পৰিপ্ৰেক্ষিতত ব্যয় হ্ৰাস কৰাৰ প্ৰচেষ্টাত মাইক্ৰ’ছফ্ট (Microsoft) কোম্পানীয়ে ৬০,০০০ কৰ্মচাৰীক চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ দিবলৈ প্ৰস্তুতি চলাইছে ।
বিনিময়ত এককালীন আৰ্থিক পেকেজ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে কোম্পানীয়ে । AI-য়ে কেনেকৈ প্ৰযুক্তি কোম্পানীসমূহ আৰু সামগ্ৰিক কৰ্মীবাহিনীক পুনৰ গঠিত কৰিছে, ই তাৰে শেহতীয়া উদাহৰণ ।
চলতি বৰ্ষত মাইক্ৰ’ছফ্টে এপ্ৰিল মাহত কোম্পানীটোৱে ইয়াৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰায় ৭% কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰৰ প্ৰস্তাৱ দিছিল, যিটো সময়ত প্ৰায় ১,২৫,০০০ কৰ্মচাৰী আছিল। বিশ্বজুৰি কোম্পানীটোৰ মুঠ কৰ্মচাৰীৰ সংখ্যা প্ৰায় ২,২৩,০০০ জন আছে ।
সোমবাৰে ব্লুমবাৰ্গে প্ৰকাশ কৰা অনুসৰি, মাইক্ৰ’ছফ্টৰ মানৱ সম্পদ (HR) বিভাগৰ কাৰ্যবাহী উপ-সভানেত্ৰী এমি ক’লমেনে এটা বিবৃতিত কয়, "যিসকল যোগ্য কৰ্মচাৰীয়ে কোম্পানীটোৰ বাহিৰত নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছে, এই প্ৰস্তাৱে তেওঁলোকক সহায় আৰু সহযোগিতাৰ সৈতে এই পৰিৱৰ্তন কৰাৰ এক নতুন সুযোগ প্ৰদান কৰিছে। ইয়াৰ উপৰিও ই অংশগ্ৰহণকাৰী সংস্থাসমূহক সলনি হোৱা প্ৰয়োজনসমূহৰ সৈতে নিজৰ কৰ্মীবাহিনীক খাপ খুৱাই লোৱাৰ আন এটা উপায় দিয়ে।"
চলিত বৰ্ষত AI-ৰ উত্থান আৰু এই প্ৰযুক্তিত বিনিয়োগ বৃদ্ধিৰ বাবে একাধিক প্ৰযুক্তি কোম্পানীয়ে কৰ্মচাৰী ছাটাইৰ কথা ঘোষণা কৰিছে। ফেচবুক আৰু ইনষ্টাগ্ৰামৰ মূল কোম্পানী মেটা (Meta)-ই দক্ষতা বৃদ্ধিৰ বাবে এপ্ৰিল মাহত তেওঁলোকৰ ১০% কৰ্মচাৰী অৰ্থাৎ প্ৰায় ৮,০০০ কৰ্মচাৰী কৰ্তন কৰাৰ পৰিকল্পনা ঘোষণা কৰিছিল।
আমাজনেও (Amazon) নিজৰ কৰ্মীবাহিনীত কেইবাবাৰো কৰ্তন কৰিছে, একেবাৰে শেহতীয়াকৈ তেওঁলোকৰ ৰিটেইল (খুচুৰা) বিভাগত এই কৰ্তন কৰা হৈছে। আনহাতে জুন মাহত ওৰাকলে (Oracle) AI-ৰ ফলস্বৰূপে নিজৰ কৰ্মীবাহিনী প্ৰায় ১৩% হ্ৰাস কৰি ২১,০০০ চাকৰি কৰ্তন কৰে।
নেচনেল ব্যুৰ’ অব ইকনমিক ৰিচাৰ্ছেও অলপতে এটা কৰ্মপত্ৰ (working paper) প্ৰকাশ কৰিছে, য’ত দেখা গৈছে যে বিশ্বৰ ভিতৰত তেওঁলোকে জৰীপ কৰা ৯,০০০ জ্যেষ্ঠ কাৰ্যবাহী বিষয়াৰ ভিতৰত ৯০% লোকে কৈছে যে AI-য়ে এতিয়ালৈকে তেওঁলোকৰ কোম্পানীসমূহত অধিক উৎপাদনশীলতা আনিবলৈ সক্ষম হোৱা নাই ।
##Microsoft #Microsoftemployees #Microsoftemployeeslayoffs #breakingnews

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।