GPS হৈছে আমেৰিকা চৰকাৰৰ মালিকানাধীন উপগ্ৰহভিত্তিক ব্যৱস্থা। অৱস্থান নিৰ্ণয় আৰু সময় নিৰ্ধাৰণৰ বাবে বিশ্বৰ অধিকাংশ সেৱা আৰু প্ৰতিষ্ঠানে এই ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু আন এখন চৰকাৰৰ নিয়ন্ত্ৰণাধীন ব্যৱস্থাৰ ওপৰত, বিশেষকৈ যুদ্ধ বা সংঘাতৰ সময়ত নিৰ্ভৰশীল হৈ থাকিবলগীয়া নহ’বলৈ ভাৰতে নিজাকৈ NavIC ব্যৱস্থা গঢ়ি তুলিছিল ।
বৰ্তমান NavIC ব্যৱস্থাত মাত্ৰ তিনিটা উপগ্ৰহে নেভিগেচন সংকেত প্ৰদান কৰি আছে। কিন্তু সঠিক অৱস্থান নিৰ্ণয়ৰ বাবে প্ৰয়োজনীয় ন্যূনতম সংখ্যাতকৈ এই সংখ্যা এটা কম। অৱশ্যে এই সীমাবদ্ধতাৰ মাজতো ব্যৱস্থাটোৱে সময়ৰ তথ্য প্ৰদান কৰি আছে বুলি কেন্দ্ৰীয় চৰকাৰে যোৱা জুলাই মাহত সংসদত অৱগত কৰিছিল।
উল্লেখ্য যে আমেৰিকাৰ Global Positioning System (GPS), ৰাছিয়াৰ Global Navigation Satellite System (GLONASS), ইউৰোপৰ Galileo আৰু চীনৰ BeiDou Navigation Satellite System-এ সমগ্ৰ বিশ্বতে সেৱা আগবঢ়ায়। আনহাতে, জাপানে নিজৰ দেশ আৰু চুবুৰীয়া অঞ্চলসমূহৰ বাবে Quasi-Zenith Satellite System (QZSS) নামৰ আঞ্চলিক নেভিগেচন ব্যৱস্থা পৰিচালনা কৰে। NavICৰ সম্পূৰ্ণ নাম হৈছে Navigation with Indian Constellation। ই ভাৰতৰ নিজা আঞ্চলিক উপগ্ৰহভিত্তিক নেভিগেচন ব্যৱস্থা।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।