Thursday, 05 November 2026
লগইন
ব্ৰেকিং

চন্দ্ৰ পৃষ্ঠত মানুহৰ চিকিৎসাৰ বাবে গুগল আৰু নাছাই নিৰ্মাণ কৰিব ৰৱটৰ চিকিৎসক

ৰৱটৰ চিকিৎসকে আহি আছে

নিউজ ডেস্ক : গুগল আৰু নাছাই নিৰ্মাণ কৰিব ৰৱটৰ চিকিৎসক । ভৱিষ্যতে মহাকাশ অভিযানৰ সময়ত স্বাস্থ্যজনিত জৰুৰীকালীন অৱস্থাৰ সন্মুখীন হোৱা মহাকাশচাৰীসকলক সহায় কৰিবলৈ আৰু নিয়মীয়া কাৰ্যক্ষম কামসমূহ পৰিচালনা কৰিবলৈ এটা স্বয়ংক্ৰিয় ৰবটিক চিকিৎসা সহায়ক প্ৰস্তুত কৰাৰ বাবে একেলগে কাম কৰিছে।

গুগলৰ মতে, এই সহযোগিতা এনে এক সময়ত হৈছে যেতিয়া, "নাছাই চন্দ্ৰৰ অধিক অংশ অন্বেষণ কৰিবলৈ মহাকাশচাৰীসকলক ক্ৰমান্বয়ে কঠিন অভিযানলৈ প্ৰেৰণ কৰা, চন্দ্ৰ ঘাটিত স্থাপনৰ জৰিয়তে তাত মানুহৰ দীৰ্ঘম্যাদী উপস্থিতি গঢ়ি তোলা আৰু মংগল গ্ৰহলৈ প্ৰথম মানৱবাহী অভিযানৰ বাবে ভেটি স্থাপন কৰাৰ উদ্দেশ্যে নিজৰ আৰ্টেমিস্ক (Artemis) কাৰ্যসূচীক আগুৱাই লৈ গৈছে।"

এই পদক্ষেপৰ লক্ষ্য হৈছে দীৰ্ঘদিনীয়া মহাকাশ যাত্ৰাৰ বাবে এক গুৰুতৰ বাধা দূৰ কৰা, দূৰত্বৰ বাবে পৃথিৱীৰ সৈতে বাস্তৱ সময়ৰ যোগাযোগ অসম্ভৱ হৈ পৰিলে উন্নত চিকিৎসা সেৱা প্ৰদান কৰা । মহাকাশযানত থকা ক্ৰু মেম্বৰসকলৰ সৈতে চিকিৎসা সংক্ৰান্তীয় দায়িত্ব পালন নকৰাৰ সময়ত, এই দুমুখীয়া কাৰ্যক্ষম প্ৰণালীটোৱে হাৰ্ডৱেৰৰ মেৰামতি, সঁজুলি পৰিবহন আৰু ইনভেণ্টৰী পৰিচালনা আদিকে ধৰি নিয়মীয়া কামৰ বোজা বহন কৰিব বুলি পৰিকল্পনা কৰা হৈছে।

এই প্ৰচেষ্টাত গুগল ক্লাউড (Google Cloud), নাছাৰ হিউমেন ৰিচাৰ্ছ প্ৰগ্ৰেম (NASA’s Human Research Program), জনছন স্পেচ চেন্টাৰৰ (Johnson Space Center) ৰবটিক্স বিভাগ আৰু জেট প্ৰপালচন লেবৰেটৰী (Jet Propulsion Laboratory) আদিকে ধৰি একাধিক সংস্থাৰ বিশেষজ্ঞসকলক একত্ৰিত কৰা হৈছে।

এই প্ৰণালীটো পোনে পোনে 'ক্ৰু মেডিকেল অফিচাৰ ডিজিটেল এচিষ্টেণ্ট' (Crew Medical Officer Digital Assistant)-ৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে, যিটো এটা কৃত্ৰিম বুদ্ধিমত্তা (AI) প্লেটফৰ্ম আৰু ২০২৫ চনত গুগল আৰু নাছাই ইয়াৰ মূল্যায়ন আৰম্ভ কৰিছিল। এই প্ৰকল্পটোৱে মহাকাশচাৰীসকলক স্বতন্ত্ৰভাৱে চিকিৎসা সম্পৰ্কীয় সমস্যাসমূহ নিৰ্ণয় আৰু পৰিচালনা কৰিবলৈ সক্ষম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যেতিয়া চিগনেল পলম হোৱাৰ বাবে পৃথিৱীত থকা ফ্লাইট চাৰ্জনসকলৰ সৈতে দ্ৰুত পৰামৰ্শ লোৱাটো ব্যাহত হয়।
##bigupdate #newsupdate #nasa #google #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।