নিউজ ডেস্ক : চাৰিখন ৰাজ্যৰ বিধান পৰিষদ নিৰ্বাচনত মুখথেকেচা কংগ্ৰেছৰ। উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ আৰু কৰ্ণাটকৰ বিধান পৰিষদৰ ২৮খন আসনৰ বাবে হোৱা নিৰ্বাচনৰ ভোটগণনা বুধবাৰে সম্পন্ন হয়। ইয়াত কংগ্ৰেছে মাত্ৰ এখন আসনতে জয়লাভ কৰিবলৈ সক্ষম হয় ।
যিখন ৰাজ্যত কংগ্ৰেছ ক্ষমতাত আছে, সেই কৰ্ণাটকতো পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছে দলটো। চাৰিখন ৰাজ্যৰ বিধান পৰিষদ নিৰ্বাচনৰ ফলাফল স্পষ্ট হোৱাৰ পাছতেই ৰাহুল গান্ধীৰ দলক কটাক্ষ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিদ্ৰুপৰ সুৰত প্ৰধানমন্ত্ৰীয়ে প্ৰশ্ন কৰে, “কেইখন আসনত জয়ী হ’ল কংগ্ৰেছ?”
কিন্তু তাৎপৰ্যপূৰ্ণভাৱে, কংগ্ৰেছে যিখন আসনত জয়লাভ কৰিছে, সেইখন হৈছে মহাৰাষ্ট্ৰৰ নাগপুৰ। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ)-ৰ এই দুৰ্গ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নৱিছৰো শক্তিশালী ঘাটি। চাৰিখন ৰাজ্যত শোচনীয় ফলাফলৰ সন্মুখীন হোৱাৰ পাছতো মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ নিজৰ চহৰতে জয়ৰ ধাৰা অক্ষুণ্ণ ৰাখি কিছু পৰিমাণে হ’লেও মুখৰক্ষা কৰিবলৈ সক্ষম হৈছে কংগ্ৰেছ।
বিগত ডেৰ বছৰ ধৰি বিভিন্ন নিৰ্বাচনত ধাৰাবাহিকভাৱে ‘ভোট চুৰি’ৰ অভিযোগ উত্থাপন কৰি আহিছে কংগ্ৰেছে। ইভিএমত কাৰচুপিৰ অভিযোগো উত্থাপন কৰিছে দলটোৱে। কিন্তু বিধান পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হৈছে বেলট পেপাৰৰ জৰিয়তে। তাতো কংগ্ৰেছ শোচনীয়ভাৱে পৰাস্ত হোৱাত দলটোৰ ঘাঁত নিমখ ছটিয়াইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
সমাজমাধ্যমত তেওঁ লিখিছে, “চাৰিখন ডাঙৰ ৰাজ্যৰ ২৮খন আসনত বিধান পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ’ল। বেলট পেপাৰৰ জৰিয়তেই ভোটদান কৰা হৈছিল। কওকচোন, কংগ্ৰেছে কেইখন আসনত জয়লাভ কৰিলে ?” ইয়াৰ লগতে চকুত আতচী কাঁচ ধৰি থকা এটা ‘ইমোজি’ও সংলগ্ন কৰে প্ৰধানমন্ত্ৰীয়ে।
উল্লেখ্য যে, কংগ্ৰেছৰ বাবে আটাইতকৈ ডাঙৰ আঘাত পৰিলক্ষিত হৈছে কৰ্ণাটক আৰু উত্তৰ প্ৰদেশৰ পৰা। কংগ্ৰেছৰ হাতত থকা কৰ্ণাটকত চাৰিখন আসনৰ ভিতৰত তিনিখনতে জয়লাভ কৰিছে বিজেপিয়ে। আন এখন আসনত জয়ী হৈছে বিজেপিৰ মিত্ৰদল জেডিএছ। পৰাজয় স্বীকাৰ কৰি কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে কয়, “নিৰ্বাচনৰ ফলাফল পৰ্যালোচনা কৰি দলৰ ক’ত কি সংশোধনৰ প্ৰয়োজন, সেয়া কৰা হ’ব।”
আনহাতে, দক্ষিণ ভাৰতৰ এই ৰাজ্যখনত পুনৰ ক্ষমতালৈ উভতি অহাৰ চেষ্টা চলাইছে বিজেপিয়ে। ২০২৮ চনত কৰ্ণাটকত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। সেই দিশৰ পৰা এই সফলতাক অধিক গুৰুত্ব দিছে বিজেপি শিবিৰেও। অৱশ্যে, শিৱকুমাৰৰ দাবী, এই নিৰ্বাচনৰ প্ৰভাৱ বিধানসভা নিৰ্বাচনত নপৰে।
উত্তৰ প্ৰদেশতো ১১খন আসনৰ ভিতৰত এতিয়ালৈকে ছখন আসন বিজেপিৰ দখললৈ গৈছে। অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টিয়ে জয়লাভ কৰিছে চাৰিখন আসনত। ইয়াৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লোকসভা সমষ্টি বাৰাণসীৰ এখন আসনো আছে। বাৰাণসীৰ আন এখন আসনত এতিয়াও ভোটগণনা চলি আছে।
উত্তৰ প্ৰদেশৰ এই ফলাফল বিজেপিৰ বাবেও যথেষ্ট গুৰুত্বপূৰ্ণ। কাৰণ, মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে শেহতীয়াকৈ হোৱা প্ৰতিবাদে বিজেপিক কিছু পৰিমাণে অস্বস্তিত পেলাইছে বুলি বহুতে মত প্ৰকাশ কৰিছে। হিন্দীভাষী এই বৃহৎ ৰাজ্যখনত বিজেপিয়ে আশা কৰা ধৰণে ফলাফল লাভ নকৰিলে, সেয়া বিৰোধী দলসমূহৰ বাবে এক ‘অস্ত্ৰ’ হৈ পৰিব পাৰিলেহেঁতেন।
অহা বছৰ উত্তৰ প্ৰদেশত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। তাৰ আগতে বিজেপি ‘দুৰ্বল হৈ পৰিছে’ বুলি প্ৰচাৰ চলোৱাৰ সুযোগ লাভ কৰিলেহেঁতেন বিৰোধী দলসমূহে। অৱশ্যে, বিধান পৰিষদৰ নিৰ্বাচনত অখিলেশ যাদৱৰ দলে যিদৰে বিজেপিক প্ৰত্যাহ্বান জনাইছে, তাৰ ফলত বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি চাপত পৰিব বুলি ধাৰণা কৰা হৈছে।
তথ্য অনুসৰি, বিহাৰৰ আঠখন আসনৰ ভিতৰত বিজেপি আৰু নীতিশ কুমাৰৰ জনতা দল (ইউনাইটেড) চমুকৈ JDU-এ মিলি চাৰিখন আসন জয় কৰে। তেজস্বী যাদৱৰ আৰজেডি আৰু প্ৰশান্ত কিশোৰৰ জন সুৰাজ পাৰ্টিয়ে এখনকৈ আসনত জয়লাভ কৰে। বাকী দুখন আসনত নিৰ্দলীয় প্ৰাৰ্থী জয়ী হৈছে । আনহাতে, মহাৰাষ্ট্ৰৰ পাঁচখন আসনৰ ভিতৰত বিজেপি আৰু একনাথ শিণ্ডেৰ শিৱসেনাই এখনকৈ আসন লাভ কৰে। NCP য়ে দুখন আসনত জয়লাভ কৰে আৰু কংগ্ৰেছে এখন আসনত জয়লাভ কৰে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।