Saturday, 07 November 2026
লগইন

টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ মহম্মদ ছামিৰ । নিজেই সদৰী কৰিলে এই কথা

ছামিৰ বিদায়!

নিউজ ডেস্ক : টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ সিদ্ধান্ত ল’লে মহম্মদ ছামিয়ে। শুক্ৰবাৰে নিশা ভাৰতৰ এইগৰাকী বেগী বলাৰে নিজেই তেওঁৰ অৱসৰৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে।

শুক্ৰবাৰে নিশা ইনষ্টাগ্ৰামত ছামিয়ে লিখে, “মই বগা জাৰ্ছিৰ পৰা বিদায় লৈছোঁ। কিন্তু ইয়াৰ সৈতে জড়িত স্মৃতিবোৰ সদায় থাকি যাব। যেতিয়া মই প্ৰথমবাৰৰ বাবে ভাৰতৰ টেষ্ট জাৰ্ছি পৰিধান কৰিছিলোঁ, তেতিয়া মোৰ এটাই সপোন আছিল— দেশৰ বাবে কিবা এটা কৰা। তাৰ পিছৰে পৰা প্ৰতিটো উইকেট, প্ৰতিটো যুঁজ, প্ৰতিটো আঘাত আৰু প্ৰতিটো প্ৰত্যাৱৰ্তনে মোক কিবা নহয় কিবা শিকাইছে।”

লগতে তেওঁ লিখে, “টেষ্ট ক্ৰিকেট মোৰ বাবে কেৱল এটা ফৰ্মেট নাছিল, ই মোৰ জীৱনৰ এক বিশেষ অংশ হৈ পৰিছিল। আজি গধুৰ মনেৰে আৰু অগণন সুন্দৰ স্মৃতি বুকুত বান্ধি মই টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰিছোঁ। প্ৰতিগৰাকী সতীৰ্থ, প্ৰশিক্ষক, পৰিয়ালৰ সদস্য আৰু লাখ লাখ ভাৰতীয়ক আন্তৰিক ধন্যবাদ জনাইছোঁ। যিসকলে এই যাত্ৰাত মোক সমৰ্থন আগবঢ়াইছে আৰু ভাল-বেয়া দুয়োটা সময়তে মোৰ ওপৰত আস্থা ৰাখিছে।”

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (BCCI) আৰু ৰাজ্যখনৰ ক্ৰিকেট নিয়ন্ত্ৰক সংস্থা CAB ক ধন্যবাদ জনাই ছামীয়ে লিখে, “মোৰ ওপৰত বিশ্বাস ৰখা, মোক নিজকে বিকশিত কৰাৰ সুযোগ দিয়া আৰু মোৰ ক্ৰিকেট যাত্ৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে বিচিচিআই আৰু চিএবিক আন্তৰিক ধন্যবাদ জনাইছোঁ। আপোনালোকৰ সমৰ্থন আৰু বিশ্বাস সদায় মোৰ হৃদয়ত বিশেষ স্থান অধিকাৰ কৰি থাকিব।”

ইয়াৰ লগতে ছামিয়ে লিখে, “মাঠত মোৰ টেষ্ট ক্ৰিকেটৰ অন্তিম বলটো কৰা হৈ গ’লেও, ভাৰতৰ হৈ খেলাৰ গৌৰৱ সদায় মোৰ হৃদয়ত জীয়াই থাকিব। ধন্যবাদ, টেষ্ট ক্ৰিকেট।”

৩৬ বছৰীয়া এইগৰাকী বেগী বলাৰে ২০২৩ চনত অন্তিমবাৰৰ বাবে টেষ্ট মেচ খেলিছিল। সেইখন আছিল সেইবাৰৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল, য’ত অ’ভেলত খেলুৱৈগৰাকীয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলপথাৰত নামিছিল।

বাংলাৰ এইগৰাকী অভিজ্ঞ ক্ৰিকেটাৰে নিজৰ ৰাজ্যৰ হৈ ৰঞ্জি ট্ৰফীত কঠোৰ পৰিশ্ৰম কৰি আছিল। অৱশ্যে জানিব পৰা গৈছে যে, প্ৰায় ডেৰ বছৰ পূৰ্বেই ছামিয়ে তেওঁৰ ঘনিষ্ঠ মহলক জনাইছিল যে, পাঁচ দিনীয়া ক্ৰিকেটৰ শাৰীৰিক ধকল তেওঁ আৰু সহ্য কৰিব পৰা নাই। নিৰ্বাচকসকলেও তেওঁক জনাই দিছিল যে, টেষ্ট ক্ৰিকেটৰ বাবে তেওঁক আৰু বিবেচনা কৰা হোৱা নাই। 

তথ্য অনুসৰি , চলিত ৰঞ্জি ট্ৰফীত শামিয়ে তিনিখন মেচত ১৪টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে দলীপ ট্ৰফীত পূব মণ্ডলৰ হৈ তিনিখন মেচত ছামিয়ে সাতটা উইকেট লাভ কৰিছিল । ভাৰতৰ হৈ ৬৪খন টেষ্ট মেচত ছামিৰ উইকেটৰ সংখ্যা ২২৯টা।

উল্লেখ্য যে, ছামি আধুনিক যুগৰ ভাৰতৰ অন্যতম শ্ৰেষ্ঠ আৰু সফল বেগী বলাৰ। নিখুঁত আৰু পোনপটীয়া ছিম পজিশ্যনেৰে এটাৰ পিছত এটাকৈ বল কৰি গৈছিল শামিয়ে। যিকোনো পিটচৰ পৰাই বল ছুইং কৰাব পৰা ক্ষমতা আছিল তেওঁৰ। প্ৰায় এটা দশক ধৰি ভাৰতীয় বেগী বলিং আক্ৰমণৰ অন্যতম মূল স্তম্ভ আছিল ছামি।

২০১৩ চনত ইডেন গাৰ্ডেনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটত অভিষেক ঘটিছিল ছামিৰ। প্ৰথমখন টেষ্ট মেচতে খেলুৱৈগৰাকীয়ে ৯টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল। মুঠ ছবাৰ ইনিংছত পাঁচটাকৈ উইকেট লাভ কৰিছে ছামিয়ে। ২০১৮ চনত পাৰ্থত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫৬ ৰানত ৬টা উইকেট দখল কৰাটোৱেই তেওঁৰ শ্ৰেষ্ঠ বলিং প্ৰদৰ্শন।
##bigupdate #newsupdate #sportsnews #mohammadsami #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।